মোহন বেণু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, December 1, 2023

মোহন বেণু

 


মোহন বেণু


নবীন চন্দ্ৰ মেধি

গোলাঘাট


     ফ ! হ'ল বুলিনো আৰু শ্ৰীকৃষ্ণই গকুল বৃন্দাবনত গোপীসকলৰ লগত ইমান ৰাস ক্ৰীড়া কৰিব লাগে নে ? এতিয়া তাকে দেখি বন্ধন আৰোহণ আদিৰ দৰে গোটৰ কিস্তি আনিবলৈ যোৱা সুদৰ্শন যুৱকসকলক গোটৰ সদস্যাসকলে কলিযুগৰ কৃষ্ণ বুলি অভিহিত কৰি প্ৰেম নিবেদন কৰিবলৈ হেতা ওপৰা লগায় । নাপায় নাপায় দেই ৰতনৰ মাক । ঘৰতে এই হেন কৃষ্ণ গোসাঁই থাকোঁতে তুমি আকৌ চাৰ চাৰ লগাই যিহে লেনচেলাই থাকা দেখিলেই কিবা অতীতৰ বৃন্দাবনত শ্ৰীকৃষ্ণই গোপীসকলৰ লগত ৰাস ক্ৰীড়া সমাৰোহত ব্যস্ত থকা যেনহে লাগে । বুজিছা গোটৰ কিস্তি কেইটা সোনকালেই দি শেষ কৰা আৰু নালাগে ল'ব । 


গিৰিয়েকৰ কথা শুনি ঘৈণীয়েক ৰাধাই উঠিল নহয়  ফেপেৰি পাতি । লাগ বুলিলেই হাঁহ কুকুৰা বা ছাগলী কেইজনী বিক্ৰী কৰি হ'লেও সময়ত দুটকা উপাৰ্জন কৰিছো । সেই টকাৰে স্কুলত ল'ৰা ছোৱালী পঢ়া শুনা কৰা , কলম কাঠপেঞ্চিল বহী কিতাপ আদিৰ যোগান ধৰাৰ উপৰিও আলহী দুলহী আহিলে তাৰে এটা মাৰি গৃহস্থৰ মান ৰখা কিমান কিযে ভাল কাম কৰি আছো সেয়া হ'লে নেদেখে । সেই হেন শ্ৰীকৃষ্ণৰ লগত ৰাস ক্ৰীড়া কৰিবলৈ যোৱাহে দেখা পায় ।  হেৰি আপুনি দেখোন ফেচবুকত ধুনীয়া ধুনীয়া গাভৰু বোৱাৰী ছোৱালী বোৰক লাইক কমেণ্টেৰে উপচাই পেলায় । তেতিয়া মই কিবা কওঁনে ? নিজে কৃষ্ণ গোসাঁই হৈ গোপিনীসকলৰ লগত ৰাস ক্ৰীড়া কৰিবলৈ পালে সকলো পাহৰি যায় । এতিয়া কেলেই চকু পোৰে ? 


বেচেৰা মোহনে বেণু বজাবলৈ এৰি ৰাধাৰ কাষৰ পৰা কিবা এটা অজুহাত দেখুৱাই আঁতৰি গ'ল । এই হেন ৰাধাৰ লগত মুখচুপতি মাৰি কচুৰ ঠাৰিৰে কাণৰ খজুৱতি মৰাতকৈ কান্ধত কোৰখন লৈ তামোল-পাণৰ বাৰীখনকে অলপমান চাফ চিকুণ কৰো বুলি আঁতৰি গ'ল।


তাকে দেখি ৰাধাই মুখ টিপি হাঁহিবলৈ ধৰিলে। পাইছে বেচেৰাই মজা । আৰু মুখ খুলিবলৈ বিচাৰিলে পুৰণি কথা অকণমান খুচৰি দিলেই হ'ল । লগে-লগে মুখ বন্ধ হৈ পৰিব।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages