শুকুলা হাতীৰ খোজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, December 1, 2023

শুকুলা হাতীৰ খোজ

 


শুকুলা হাতীৰ খোজ


জুৰি গোস্বামী শৰ্মা

পাঠশালা, বৰপেটা


     প্ৰভাত গোস্বামীৰ ৰচিত "শুকুলা হাতীৰ খোজ" এখনি অতিব সুন্দৰ উপন্যাস। এখন স্কুলত পঢ়ি থকা সৰু লৰা এজনৰ কাহিনীৰে আৰম্ভ কৰি সম্ভ্ৰান্ত পৰিয়াল মৌজাদাৰৰ ঘৰৰ কাহিনী আৰু লৰা জন মৌজাদাৰৰ ঘৰৰ বনকৰা লৰা হিচাপে থাকিবলৈ লোৱা । মৌজাদাৰৰ চত্ৰছায়াত থাকি সি তাৰ সপোনৰ সাকাৰ ৰূপ দিয়া কৰি কিতাপখনৰ মূল বিষয়বস্তু যদিও তাত বহুত বিভিন্ন ধৰণৰ কাহিনীৰ উন্মেষ ঘটিছে । পৰহৈতিষী মৌজাদাৰ আৰু তেওঁৰ পৰিয়াল কিন্তু তাৰ মাজতো যেন কিবা এটা কিন্তু ৰৈ যায় সৰু পুত্ৰ অনন্তৰ চৰিত্ৰত । নিজৰ সন্মান বচোৱাৰ স্বাৰ্থত কামকৰা ছোৱালী গৰ্ভৱতী নিৰুক বিয়া দি দিয়া হয় অনন্তৰে ট্ৰাক ড্ৰাইভাৰ ৰামলালৰ সৈতে । নিৰু হৈ পৰে জেদী আৰু মনত কঢ়িয়াই লৈ ফুৰে প্ৰতিশোধৰ জুই । পুত্ৰ অজিতক ডাঙৰ কৰে অকলে আৰু তাই সাহসীকতাৰে মৌজাদাৰৰ শইকীয়া উপাধি দিয়ে পুত্ৰক । তাৰ লগে লগে দুই বন্ধু বুবাই আৰু মধুৰ কাহিনী খুব সুন্দৰ । সহজ সৰল বুবাই এটি ফৰেষ্টৰ সৰু চাকৰিতে পৰম সন্তোষেৰে জীৱন নিৰ্বাহ কৰে যিটো চাকৰিৰ কাৰণে সদায় কৃতজ্ঞ হৈ থাকে সখী মধুৰ ওচৰত । অন্যফালে মধু এক সপোনবিলাসী যিয়ে সময়ৰ সোঁতত নিজৰ অস্তিত্ব পাহৰি নানা কু-কৰ্ম কৰি যায় আৰু এদিন এম এল এ হয় । বিদেশী আনি বহুৱাৰ পৰা ফৰেষ্টৰ নানা গছ-গছনি, জীৱ-জন্তুৰ সৰবৰাহ চোৰাং কাৰবাৰ আদিত লিপ্ত হৈ থাকে । জীৱনৰ শেষৰ ফালে অনুশোচনাত দগ্ধ হয় আৰু ভাৱে ধনৰ লোভত পৰি ধন ঘটাৰ সহজ উপায় অৱলম্বন কৰি তেওঁ যেন এটা আনৰ হাতত পুতলাহে আছিল যাৰ কোনো শিপা নাছিল । জীৱনৰ শেষ বয়সত নিজক নিজে শান্তনা দিছিল আৰু প্ৰকৃত অৰ্থত অন্তঃকৰণেৰে দেশৰ হৈ ৰাইজৰ হৈ কাম কৰাৰ পৰিকল্পনা লৈছিল উদাৰচিত্তে । বুবাইৰ পুত্ৰ মহেন্দ্ৰ হাতীৰ বাবে বলিয়া আছিল আৰু এদিন স্কুলৰ শিক্ষকক মাৰি স্কুল এৰি পলাই আহি শেষত মৌজাদাৰৰ ঘৰত কাম কৰা লৰা হিচাপে থাকি মৌজাদাৰৰ ঘৰৰ মৰমত সি ডাঙৰ হৈছিল আৰু এদিন তাৰ নিজৰ সপোন পূৰ হৈছিল হাতীৰ মাউত হোৱাৰ পৰা ফান্দী হোৱালৈ । মৌজাদাৰৰ ঘৰত লগ পোৱা জন চাহাবৰ সংগই তাক বহুত সাহসী কৰাৰ লগতে অনুপ্ৰাণিত কৰিছিল  ।

   অন্যফালে কিতাপখনত বনাঞ্চল ধ্বংসৰ এক অতি দুখঃজনক ছঁৱি চিত্ৰিত হৈছে । ৰক্ষকে ভক্ষকৰ ৰূপ লোৱা বহু ক্ষেত্ৰতে পৰিলক্ষিত হয় য'ত বহুত ওপৰলৈ হাত থাকে । প্ৰথমাৱস্থাত নভবা বহু কথা বা কামেই পিছলৈ যে ডাঙৰ বিপদ হৈ দেখা দিয়ে তাৰেই এক সৰ্বাংগসুন্দৰ ছঁৱি উপন্যাস খনত দাঙি ধৰা হৈছে । বৰ্তমান দেখা দিয়া হাতী-মানুহৰ সংঘাতো তাৰ মাজত অন্যতম । সেই অতীতত হাতী চিকাৰ এক কলা আছিল কিন্তু তাৰ মাজতো চলি থাকিল চোৰাং কাৰবাৰ । হাতী স্বীকাৰ কৰিবলৈ চৰকাৰৰ ফৰেষ্টৰ অনুমতি লব লগা আছিল আৰু সেই অনুমতিৰ সাপেক্ষেহে হাতী ধৰিব পাৰিছিল । গছৰ চোৰাং ব্যৱসায়ৰ ৰমৰমীয়া বজাৰ এখন চলি থাকে মনে মনে । সকলো যেন ব্যস্ত হৈ পৰে নিজৰ মুনাফাত । ফৰেষ্টত কাম কৰা বহুতৰে হাত-ভৰি যেন বন্ধা থাকে বহুত ক্ষেত্ৰত । উপন্যাস খনত উল্লেখ কৰা বহুত চৰিত্ৰৰ দৰে বাস্তৱ জগততো বহু চৰিত্ৰ থাকে । হাতী চিকাৰৰ যি সুন্দৰ বৰ্ণনা উপন্যাস খনত দিয়া হৈছে সেয়া খুব সুন্দৰ, যেন নিজৰ দৃষ্টিৰে পৰিদৰ্শন কৰি থকা এখনগ চিত্ৰ । তাৰোপৰি‌ অসম আন্দোলন, বড়ো আন্দোলন, আলফাৰ জন্ম, ছালফাৰ জন্ম, বি এল টি , এন ডি এফ বি আদিৰ জন্ম মূলসুঁতিলৈ ঘুৰি আহা সকলো বৰ্ণানাই সাৱলীল । অসম আন্দোলনৰ পিছত চৰকাৰ গঠন ৰাইজৰ আশা । দলৰ উত্থান-পতন ইত্যাদি ইত্যাদি । বনাঞ্চল ধ্বংসৰ পিছত হাতীৰ দণ্ডি বোৰো নহোৱা হৈছিল গতিকে পথ হেৰুৱাই হাতীয়ে যেনিয়ে তেনিয়ে গৈছিল । খাদ্য সংকটঃত ভূগিছিল এই নিমাখিত প্ৰাণীটোৱে ফলত আৰম্ভ হৈছিল তাণ্ডৱ । বাঘবোৰো হাবি কমি অহাত জন অৰণ্যলৈ নামি আহিছিল ফলত ত্ৰাসৰ সৃষ্টি হৈছিল ।

    বন্যপ্ৰাণী হলেও তেওঁলোকৰো প্ৰাণৰ মোহ থাকে আৰু নিজৰ জীৱনৰ মায়াত তেওঁলোকে আনক আক্ৰমণ কৰে । লাহে লাহে বনাঞ্চল ধ্বংস হৈ গৈ থাকিল আৰু বনৰীয়া প্ৰাণী সমূহৰ মাজত খাদ্য সংকটে দেখা দিয়াৰ উপৰিও আশ্ৰয়ৰো পৰিবৰ্তন ঘটিল । ঔপন্যাসিকে আৰু কৈছিল যে অসমীয়া জাতিটো হাতীৰ নিচিনা সৰল । হাতীৰ দৰে বৃহৎ প্ৰাণীটোৱে যিদৰে মানুহৰ দাসত্ব স্বীকাৰ কৰি আহিছে কিন্তু মানুহে তাৰপৰা সকলো কাঢ়িহে নিছে ঠিক তেনেদৰে অসমীয়া জাতিটোৱে লোকৰ দাসত্ব স্বীকাৰ কৰি জীয়াই আছে । হাতীয়ে যিদৰে মতা হলেই নিজৰ মাজতে কাজিয়া কৰে অসমীয়া মানুহে ও নিজৰ মাজতে কাজিয়া কৰি আছো । বনৰীয়া হাতীৰ জাকে যিদৰে ধুৰীৰ নিৰ্দেশত চলে ঠিক তেনেদৰে আমি যেন কোনোবা বিদেশী ধুৰীৰ নিৰ্দেশত চলো । হাতীৰ অস্তিত্ব বিনাশৰ পথত । দুস্প্ৰাপ্যৰ তালিকাত হাতী ঠিক একেদৰেই যেন অসমীয়া জাতিও । তেখেতে কোৱাৰ দৰে "এদিন হাতী নহোৱা হৈ যাব কেৱল কব , হাতী নামৰ এটা প্ৰকাণ্ড প্ৰাণী আছিল তেনেকৈ যেন পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা জাতিৰ নাম কব , অসমীয়া বুলি এক জাতি আছিল । আজিকালি সকলোতে প্ৰায় হাতী ওলাই অহা দেখা যায় । ঔপন্যাসিকে আকৌ কৈছিল "অসমীয়া মানুহে এদিন অসমলৈ মান আনিছিল । মানে অসমীয়া জাতিৰ মেৰুদণ্ড ভাঙি থৈ গৈছিল । ব্ৰিটিছকো এদিন অসমীয়াই মাতি আনিছিল নহলে অসম আজি এখন স্বাধীন ৰাজ্য হিচাপে থাকি গ'ল হৈ । তেতিয়া হলে অসমীয়া জাতি স্বতন্ত্ৰ জাতি হিচাপে থাকি গল হৈ ।" ঔপন্যাসিকে নানা ধৰণৰ ব্যতিক্ৰমী চিন্তাৰে উপন্যাস খনক আগুৱাই নিছে য'ত দৈনন্দিনৰ পৰা আদি কৰি ৰাজনীতি সমাজনীতি প্ৰকৃতি প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰ তাৰ ভৱিষ্যত ফলাফল সকলো উপন্যাস খনত বিৰাজমান । সেইবোৰৰ উপৰিও প্ৰেম সৰলতা বিশ্বাসঘাটকতা সকলো চিত্ৰ পৰিস্ফুট । ইয়াত পূৰ্ণিমা আৰু মহেন্দ্ৰৰ প্ৰেম নিস্পাপ সৰল । লগতে জন চাহাবৰ পূৰ্ণিমাৰ প্ৰতি থকা একপক্ষীয় প্ৰেমো নিস্পাপ । কিন্তু সৰলতাৰ সুযোগ লৈ নিৰুৰ নিচিনা সৰু ছোৱালী এজনীৰ দেহক লৈ খেল খেলা অনন্তৰ প্ৰৱঞ্চনা । দেহ ভোগৰ পিছত বিপদৰ সময়ত অনন্তৰ পলায়নবাদী চৰিত্ৰ । শেষত নিজৰ সন্মান আৰু আত্মমৰ্যদা বাহাল ৰাখি বিহাৰী ড্ৰাইভাৰলৈ নিৰুক বিয়া দিয়া । হেজাৰ প্ৰৱঞ্চনাৰ বলি হৈও স্থিতপ্ৰজ্ঞ নিৰুক দুৰ্বল বুলি ভাৱি সুযোগ লবলৈ যোৱা সুযোগ সন্ধানী অনন্তৰ এক কুচৰিত্ৰ প্ৰতিফলন হয় ।জন চাহাবৰ আকস্মিক আগমন আৰু মহেন্দ্ৰৰ জন চাহাবৰ সৈতে কৰ্ণাটকৰ কুৰ্গ লৈ যোৱা য'ত হাতীৰ ৰক্ষণাবেক্ষণৰ ওপৰত সজাগতা এইবোৰ চাই দেখি শুনি মহেন্দ্ৰক জন চাহাবে দিয়া উপদেশ হাতীৰ ৰক্ষণাবেক্ষণৰ বাবে অসমতো কিবা এটা কৰাৰ হাবিয়াস  আৰু শেষলৈ চৰকাৰৰ বনাঞ্চল সমূহত হস্তীপ্ৰকল্প, ব্যঘ্ৰপ্ৰকল্প আদিৰ পৰিকল্পনা আদিয়ে সকলোৰে মনত দিয়া শান্তি । বন্যপ্ৰাণীৰ হৈ কাম কৰিব বিচৰা দোৱানীয়াৰ কন্যা পৰীৰ এন.জি.অ' ত কাম কৰি ভিতৰচ'ৰা বুজি পোৱাৰ পিছত হতাশ হোৱা চাকৰি বাদ দিয়া প্ৰকৃতি প্ৰেমৰ উন্নত নিদৰ্শন । বিদেশী সংস্থা আৰু ভাৰত চৰকাৰৰ পৰা অহা কোটি কোটি টকাৰ কিছু অংশহে প্ৰকৃত কামত খৰচ হয় । অলপ টকাৰ বিনিময়ত দায়িত্ব সামৰি থোৱা এন.জি.অ' লৈ পৰীৰ ক্ষোভ দুখ দুয়োটাই হয় । মৌজাদাৰৰ নাতি প্ৰশান্ত এজন সৎ আৰু নিৰপেক্ষ অধিবক্তা । সহজ সৰল কিন্তু গভীৰ চিন্তাধাৰা । এন.জি.অ' ৰ কামত লাগি তেওঁ চিন্তা কৰে ফান্দী মহেন্দ্ৰই কোৱা কথা হাতীৰ বিলুপ্তিৰ কথা অসমীয়া জাতিৰ বিলুপ্তিৰ কথা । প্ৰশান্তই ভাৱে আজিকালি যেন কোনেও নিজক অসমীয়া বুলি চিনাকি দিব নোখোজে বড়োৱে কয় তেওঁলোক অসমীয়া নহয়, কাৰ্বিয়ে কয় তেওঁলোক নহয় তেনেদৰে বহুতে ক'ব খোজে অসমীয়া নহয় বুলি আৰু শেষত গৈ হয়তো আমি চিনাকি দিম মই বামুণ মই কলিতা মই আহোম মই চুটিয়া ইত্যাদি ইত্যাদি । জাতিটোৰ এই ভেদাভেদ স্খলনে প্ৰশান্তৰ দৰে বহুতকে হয়তো ভৱাইও তোলে মনত দুখ দিয়ে । আমি সকলোকে স্বায়ত্ব শাসন গঠন কৰি দিছো । চুকাফাই সাত ৰাজ সামৰি এক ৰাজ কৰিছিল । বৃহত্তৰ অসমীয়া জাতি গঢ়িছিল কিন্তু আমি কৰিছো কি ? নগা , মণিপুৰী, খাছী আদি সকলোকে আঁতৰাইছো  । মুখত যিমানেই সমন্বয়ৰ কথা নকও কিয় কিন্তু বাস্তৱত ইয়াৰ যেন এখন বিপৰীত ছঁৱি দেখা পাওঁ । এনেবোৰ চিন্তাৰ জড়িয়তে উপন্যাসখনত স্বদেশ-স্বজাতিৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা প্ৰেম ভালপোৱা পৰিস্ফুট হৈছে । জাতিটোৰ সকলোফালৰ স্খলনে যে সৰ্বসাধাৰণ ৰাইজক আঘাট দিয়ে সেইয়া উপন্যাস খনত সুন্দৰ ভাৱে ফুটি উঠিছে ।পৰীয়ে মুছলমান লৰা সমীৰক ভাল পায় । বিয়া কৰাব বিচাৰে আৰু এখন সুন্দৰ অসম গঢ়াৰ সপোন দেখে কিন্তু পৰীৰ মাক-দেউতাকে এই সম্পৰ্ক সহজভাৱে নলয় যাৰবাবে পৰীয়ে নানা যুক্তি তৰ্কৰ আশ্ৰয় লব লগা হয় । পৰী আৰু সমীৰ প্ৰশান্তৰ ওচৰ চাপে আৰু নানা কথা আলোচনা কৰে দেশক লৈ জাতিক লৈ । পৰীয়ে চিংগাপুৰৰ উদাহৰণ দিয়ে আৰু তাইৰ মনোবল অটুট ৰাখে । এদিন হলেও অসমখন তাই ভবাৰ দৰে হ'ব । প্ৰশান্ত পৰী সমীৰ হত লগ হৈ আকৌ সংগঠন খুলিছিল দেশৰ হৈ ৰাইজৰ হৈ কাম কৰাৰ সপোন দেখি আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সহযোগী লৈছিল একেলগে কাম কৰাৰ । 

  মহেন্দ্ৰৰ এদতীয়া গণেশ হাতী পৱনক হত্যাৰ চেষ্টা কৰা হৈছিল যদিও শেষত চিকাৰী কেইটাই বুজি পাইছিল আৰু তাক হত্যা নকৰাৰ প্ৰতিশ্ৰুতি দিছিল মহেন্দ্ৰৰ আগত । হাতী আৰু মানুহৰ মাজত গঢ় লৈ উঠা মৰমৰ এনাজৰী ডাল খুব গভীৰ সেই কথা চিকাৰী দুজনে স্বীকাৰ কৰিছিল । উপন্যাস খনত বৰ্ণিত আছে হাতী ধৰা সঁজুলিৰ নাম  যিবোৰ হয়তো বৰ্তমান পাহৰণিৰ গৰ্ভত । পৱনক অৰণ্যলৈ ঘুৰাই পঠাই মহেন্দ্ৰই তাৰপিছত মহেন্দ্ৰ ঘুৰি অহি পুনৰ মৌজাদাৰৰ ঘৰ পায় । ঘুৰি আহিয়ে সি নিৰুৰ পুত্ৰ অজিতৰ  মৃত্যুৰ খৱৰ পায় ।  মৌজাদাৰনীৰ শেষ সময়ত নিৰুলৈ স্বীকৃতি হিচাপে দি পঠায় সোণৰ বালা এযোৰ । উপন্যাস খনত বাস্তৱ জীৱনত চলি থকা প্ৰতিটো দৃশ্যৰাজিয়ে খুব সজীৱ ৰূপত ধৰা দিছে । উপন্যাস খনৰ সৃষ্টিত ঔপন্যাসিক সাৰ্থক । মানৱ জীৱনৰ ঘাত-প্ৰতিঘাত , সংঘাত পূৰ্ণ জীৱনৰ লগতে সহজ সৰল জীৱন যাত্ৰাৰ সুখৰ  ছঁৱি ও বিৰাজমান । 


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages