অপৰূপা
জেনিফা হাজৰিকা
ডিব্ৰুগড়
অপৰূপা অপৰূপা
অসীমৰ নিল নভৰ (২)
তুমিএ দিন জোৰ অনন্ত,
তুমি মুক্ত তুমি মুক্ত,
অনুভৱ যেন তুমি কৰা নাই....
অপৰূপা বোলছবি ১৮৮২ চনৰ ১৬ এপ্ৰিলৰ মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ, জাহ্নু বৰুৱা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিগমে প্ৰযোজনা কৰা কৰা প্ৰথম ছবি,এই বোলছবি খনে ১৯৮৩ চনত আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) লাভ কৰিছিল। অপৰূপা বোলছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল বিজু ফুকন(ৰাণা) সুহাসিনী মূলে (অপৰূপা) সুষমা শেঠ (ৰাণাৰ মাক) ,গিৰীশ কানাৰ্ড (খান্না) হিৰণ্য ডেকা(ৰামু) গোপী দেশাই (ৰাধা) সুশীল গোস্বামী,ফাৰুক শ্বেখ, দুলাল ৰয়, আব্দুল মাজিদ।
সময় গতিশীল, সময়ে সকলো, দাসত্ব আৰু আবদ্ধ জীৱন কাৰোৰে সহ্য নহয়, অপৰূপা এগৰাকী গাঁৱৰ সহজ-সৰল ছোৱালী, মুক্ত মন, মুক্ত আকাশৰ তলত থাকি ভাল পায়, আকাশৰ উৰি ফুৰা পক্ষী জাক তাইৰ
অতিকে প্ৰিয় আছিল বোলছবি খনৰ আৰম্ভণি তে বিজু ফুকন (ৰাণা) মেলেটেৰী বিষয়া বহু দিনৰ বিৰতিত অসুখীয়া বিছনাৰ পৰা উঠিব নোৱাৰা মাতৃক চাবলৈ ঘৰলৈ আহে, তেওঁৰ ভাই সদৃশ বনকৰা ল'ৰা ৰামু এই মাকক চোৱা-চিতা কৰে, ৰাণা অহাৰ পৰা মাকৰ এটাই চিন্তা বিয়াখন পাতিব লাগে, বিয়াখন হ'লে যেন মাকৰ সকলো চিন্তাই দুৰ হয় কিন্তু ৰাণা এই বিষয়ে নিমাত কাৰণ ৰাণাৰ কলেজীয়া প্ৰেয়সী অপৰূপা এজন ধনী চাহ বাগানৰ মালিকৰ লগত বিবাহ পাশত আবদ্ধ হ'ল(মিষ্টাৰ বৰুৱা) অপৰূপাৰ বাহিৰে যেন ৰাণাৰ জীৱনত দ্বিতীয় প্ৰেয়সী আন কোনো নাই।
বহ দিনৰ মূৰত গাওঁত আহি তেওঁ গাওঁখন চাবলৈ ওলাই যাওঁতে ৰাণাই অপৰূপাৰ স্বামী বাগানৰ মালিক মিষ্টাৰ বৰুৱা লগ পায় তাতে তেওঁলোকে চিনাকি হৈ ৰাণা অপৰূপাৰ বন্ধু জানিব পাৰি ৰাণাক অপৰূপাই স্বামীএ লগ পালে ভাল পাব বুলি ঘৰলৈ লৈ আহে, ঘৰতে দ্বিতীয় বাৰৰ বাবে অপৰূপা ই ৰাণাক লগ পায়।
অপৰূপাৰ মুখেৰে ৰাণাই জানিব পাৰিছিল যে বিবাহৰ পিছত স্বামী মিষ্টাৰ বৰুৱা কেৱল নিজৰ বাগানৰ কামতে ব্যস্ত থাকিছিল, বিবাহৰ পিছতোযেন অপৰূপা অকলশৰীয়া,তেওঁ যেন অপৰূপাক সম্পূৰ্ণ ৰূপে উপেক্ষা কৰে, তেওঁৰ যেন অপৰূপাৰ বাবে অলপও সময় নাই, বিবাহৰ পিছত অপৰূপাই জানিব পাৰিছিল যে দেউতাকে চাহ বাগানৰ মালিকৰ পৰা লোৱা ধন পৰিশোধ কৰিব নোৱাৰাৰ ফলতহে তাইৰ এই বিয়া হৈছিল, তাই নিজকে দেউতাকৰ দ্বাৰা স্বামীৰ হাতত বিক্ৰী হোৱা যেন অনুভৱ কৰিছিল।
আন এটি অতিথি শিল্পী হিচাপে বোলছবি খনত আছিল নৃপেন গোস্বামী, তেওঁৰ অভিনয়ত দেখুওৱা হৈছিল তেওঁ গাঁৱৰ প্ৰতি কাম কৰি ভালপোৱা লোকজন পিছলৈ সুৰাৰ প্ৰতি আসক্তি হোৱা দেখা গৈছিল। আই স্বৰস্বতী ড০ ভূপেন হাজৰিকাৰ গীতটিত তেওঁ অতি সুন্দৰভাৱে অভিনয় উপস্থাপন কৰা দেখা গৈছে।
আন এটি মুখ্য ভূমিকাত অভিনয় কৰিছিল আব্দুল মজিদ ডাঙৰীয়াই (খুৰা ধন) তেওঁৰ কণ্যা ৰাধাই নাটকত অভিনয় কৰি ভালপোৱা বাবে সেই সময়ৰ তেওঁলোকৰ গাওঁৰ সমাজে তাইৰ চৰিত্ৰক লৈ বিভিন্ন বো বো বা বা কৰিছিল তাৰ ফলস্বৰূপে ৰাধাই শেষত আত্মহত্যা পথ বাছি লৈছিল ।
বোলছবিখনৰ শেষৰ ফালে গাঁৱৰ লোকে পুনৰ এবাৰ ৰাণা আৰু অপৰূপাৰ মাজত অবৈধ সম্পৰ্ক গঢ় লৈ উঠিছিল বুলি গাঁৱত পঞ্চায়ত পতা হয় আৰু এই পঞ্চায়ত তে ৰাণাই গাঁৱৰ পুৰণি দৃষ্টি ভংগী এৰি নতুনক আকোঁৱালি ল'ব কৈছে, আৰু মাকৰ যেতিয়া মৃত্যু হ'লেই তেওঁৰ ঘৰৰ সকলো সম্পত্তি তেওঁৰ ভাতৃ সদৃশ ৰামুক আৰু ৰাস্তাৰ কাষৰ মাটিখিনি গাঁৱৰ স্কুল প্ৰতিষ্ঠা বাবে দি কোনোদিন আৰু এই গাওঁলৈ ঘুৰি নহাৰ প্ৰতিশ্ৰুতি দি চহৰৰ অভিমুখে আগবাঢ়ে, এনেতে অপৰূপাই সকলো বান্ধোন ত্যাগ কৰি ৰাণাৰ লগত চহৰলৈ যাবলৈ আগবাঢ়ি আহে, কিন্তু এই ক্ষেত্ৰত ৰাণা প্ৰথম অবস্থাত যদিও অপ্ৰস্তত আছিল কিন্তু পিছলৈ অপৰূপাৰ স্বাধীন মনটো আৰু পুৰণি প্ৰেমক পুণৰ এবাৰ হেৰুৱাৰ ভয়ত তেওঁ লগত লৈ আহিছিল অপৰূপাক, কিন্তু কালৰ সোঁতত দুবছৰ পিছত অপৰূপা কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল
বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা ৰাণা (বিজু ফুকন)ৰ ২২ নভেম্বৰ মৃত্যু ....দিৱসত শ্ৰদ্ধাজলি নিবেদিছোঁ।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment