সময়ৰ হাঁতোৰাত জীৱন নিৰবধি
কেশৱানন্দ ওজা
সেই সময় দু:সময়.....
য'ত সত্য আৰু সুন্দৰৰ
জটিল সাধনাৰে লিখা ৰৈছে
জীৱনৰ ঈপ্সিত আকাংক্ষাবোৰ,
আৰু ক্ৰমাৎ বাঢ়ি গৈছে
নীৰৱতাবোৰৰ লগতে
সময়ৰ অজুহাতত
দিকভ্ৰান্ত সপোনবোৰ।
দস্যু ৰত্নাকৰো বাল্মিকী হয়
যাৰ কলমৰ আগেৰে নিঃসৃত হৈছিল
অনবদ্য মহাকাব্যৰ....
আৰু সেই ছন্দোময় মহাকাব্যৰ বুকুত
খোদিত হৈ ৰয়
বিশাল কাহিনীৰে পৰিপূৰ্ণ
মহান আদৰ্শৰ।
উপত্যকাৰ পাৰে পাৰে
নদীয়ে কথা কৈ যায়
জীৱন আৰু সভ্যতাৰ,
অনুভৱৰ গভীৰতাত
ইতিহাসত অংকিত হৈ ৰয়
প্ৰতিবিম্ব ক্ষণভংগুৰ মানৱ জীৱনৰ।
নিশাৰ নৈৰাশ্যতাত
অদূৰৈৰ পৰা ভাঁহি আহে
ব্যৰ্থতাৰ প্ৰতিধ্বনি,
যান্ত্ৰিকতাৰ পৃথিৱীত
নি:শব্দে নীৰৱে পাৰ হয়
ধূসৰ জীৱনৰ ভৰুণ সময়খিনি।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment