বিশ্বায়ন
নৱনীতা ডেকা
এইমাত্ৰ মকৰা পোৱালিতো বুলি গ’ল
মই মেলি লোৱা মেগাজিনখনৰ
এটা পৃষ্ঠাৰ পৰা আনটোলৈ
সি কিমানলৈ বগাব
মই নেজানো
তাহাঁনিৰে পৰা তাৰ পূৰ্বপুৰুষে কৰা
কামতে সিও হাত দিব
জাল পতা আৰু খোৱা
সি নেজানে বিশ্বায়নৰ সূত্ৰ
নাৰিকল ৰোকা আৰু খোলাচাপৰি পিঠাৰ
জুতি চ’প ষ্টিকত নুঠে
কিতাপৰ গাত আঙুলি মূৰৰ
বহে জানো মজলিছ
বিশ্বায়নে গিলিলে লজ্জা
কাঢ়িনিলে মকুৱাৰ ঢাৰিৰে
মালা পিন্ধা ল’ৰালিবোৰ
ৰাজপথত আগবাঢ়িছে
ধৰ্ষিতাক লৈ এটা সমদল
ডবল মাৰ্ডাৰ ত্ৰিপল মাৰ্ডাৰত
সলনি প্ৰেমৰ প্ৰেক্ষাপত ৷৷
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment