গেলিলিঅ' মই আৰু.... বন্ধ বাটতো
জিতুপন শইকীয়া
বাটে বাটে গজি উঠিছে
বিহ ঢেঁকীয়া আৰু চুৰাত গছবোৰ
শাল-বননিৰ মৃত্যুত কন্দা নাই মানুহে
ৰ'দ,ছাঁ,বতাহ,বৰষুণ,ধুমুহা...কতো একো নাই !!
বিচাৰি থকা বাটটো অতীত হ'ল
ঘূৰি ফুৰে বিষাক্ত সাপ আৰু কীটবোৰ
বাটৰুৱাবোৰৰো চকুত সৰিয়হ গজিল
বাটৰ কাষৰ ঔ তলত জিৰাওঁতে সিদিনা
চিলনী এজনীয়ে পাখি মেলি উৰি আহি
গালে মুখে আঁচুৰি দিছিল
ভাগ্যৰ বলত কপালত এটাও আঁচোৰ নপৰিল
গাৰ নোম শিয়ঁৰি উঠা এই বাট
সাপৰ ফুচফুচনি,শিয়ালৰ নিমাতি খোজেৰে অনুসৰণ
আৰু ৰাং কুকুৰৰ হিংসুক চাৱনিৰে এটা বাট
এৰাতি জোনাকৰ জুমুঠিৰে সৈতে জীয়া কলিজা এটা
লৈ আহিছিলোঁ বুকুত সাৱটি সেই বাটেৰে
আন্ধাৰৰ সুযোগ লৈ ক্ৰমশঃ মোৰ পিছে পিছে
সিহঁতৰ চোৰাংচোৱা ৰেলৰ আলিৰ দাঁতিত নুঠালৈকে
ৰেলৰ উকিয়ে তল পেলাব নোৱাৰা কথাবোৰ
ইপাৰৰ পৰা সিপাৰলৈ চকুৰে মনিব নোৱাৰলৈকে
কাৰ কথা সেইবোৰ হালধীয়া !!
এতিয়া
গেলিলিঅ'য়ে আকৌ কথা কৈছে
গেলিলিঅ'ৰ মতে সেই বাটত এতিয়া একো নাই
থিয় গছবোৰ তাত নাই
তাত জীৱন নাই
তাত সুখ-দুখ,হাঁহি-কান্দোনৰ কাহিনী নাই
তাত তোমালোক নাই মই নাই
ঠেক হৈ অহা জয়াল বাটটো ক্ৰমশঃ
অহা-যোৱা কৰিব নোৱাৰা এটা বাট
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment