যন্ত্ৰণাৰ প্ৰতিশ্ৰুতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

যন্ত্ৰণাৰ প্ৰতিশ্ৰুতি


 

যন্ত্ৰণাৰ প্ৰতিশ্ৰুতি


ৰাবিয়া বেগম

গুৱাহাটী


    পাহিয়ে ধীৰে ধীৰে কঁ‌কাল আৰু দুয়োটা আঁ‌ঠুতেই ডাক্টৰৰ নিৰ্দেশনামতে বেল্টবোৰ পিন্ধিবলৈ চেষ্টা কৰি আছে। প্ৰচণ্ড বিষত পাহিৰ দুধাৰি চকুলো বৈ আহিল। খোজবোৰ দিবলৈও তাই বহুত কষ্ট পাইছে; ডাক্টৰৰ কাঢ়া নিৰ্দেশ অতি সোনকালেই তাই অপাৰেশ্যন কৰাব লাগিব। 

      তথাপিতো তাই যে কৰ্তব্যবোৰ পালন কৰি যাবই লাগিব! শাৰীৰিকভাৱে দুৰ্বল অথচ দৃঢ়মনা পাহিয়ে বিদ্যালয়লৈ বুলি ৰাওনা হ'ল। বাটত কণ-কণ শিশুবোৰৰ নিষ্পাপ মুখবোৰ পাহিৰ চকুৰ আগত ভাঁ‌হি আহিল। কিয়নো সেই শিশুবোৰ যে তেওঁলোকৰ মৰমৰ বাইদেউ গৰাকীৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। যন্ত্ৰণাক্লিষ্ট দেহাৰে পাহিয়ে নিজকে প্ৰতিশ্ৰুতি দিলে যে তাই নিজৰ কৰ্মৰ প্ৰতি থকা কৰ্তব্যবোৰ নিষ্ঠাৰে পালন কৰি যাব আৰু দেহাৰো যতন ল'ব যাৰ পৰিণতিত হাজাৰ শাৰীৰিক যন্ত্ৰণাকো নেওচি পাহিয়ে এইবাৰ ৰাজ্যিক ভিত্তিত প্ৰাথমিক পৰ্যায়ত প্ৰথম স্থানত আদৰ্শ কৃতি শিক্ষকৰ বঁ‌টা পাবলৈ সক্ষম হ'ল। এয়াই হ'ল পাহিৰ এক যন্ত্ৰণাৰ প্ৰতিশ্ৰুতি।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages