শ্বাস
স্বপ্নশিখা চুতীয়া
গোগামুখ, ধেমাজি
তুমি পাহৰিব পাৰা। হৃদয়ংগম নকৰিব পাৰা। তোমাৰ চকু পানী ওলালে অনুভৱ হয় মোৰ চকু পানী ওলাইছে। তোমাৰ কিবা বেমাৰ হলে মোৰ শ্বাস -প্ৰশ্বাস যেন বন্ধ হৈ যায়। অনুভৱ কৰিছা নে তোমাৰ চোতালৰ ফুলনিখন মইয়ে সজোৱা। কিমান যে ৰজনী ক্ষতি কৰি সাৰ পানী দি গঢ়ি মইয়ে তুলিছোঁ। যিবোৰ ফুল ফুলে মোৰ শ্বাসতে ফুলাওঁ আৰু যিবোৰ ফুলিব মোৰে শ্বাসত ফুলিব । বুজি পোৱা নে নাই জুইৰে পুৰি যোৱা সহজ কিন্তু ইয়াৰ দহন সহ্য কৰা কঠিন।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment