শেষ আলম
ৰেজিয়া চৌধুৰী
গুৱাহাটী
অতদিনে বৃদ্ধ পিতৃগৰাকীয়ে ঋণ পৰিশোধৰ ভৰ নিজৰ কান্ধতে বৈ আছিল। ইতিমধ্যে লাহে লাহে বৰ্দ্ধিত ঋণৰ সুদ বহন ক্ষমতা উঠাব নোৱাৰা হৈ অহাত পুত্ৰক অৱগত কৰালে যে - সি অতিশীঘ্ৰে পিতৃৰ কান্ধৰ ভাৰ লাঘৱ কৰিব লাগে।
ঋণ পৰিশোধৰ দায়িত্ব পুত্ৰই মূৰ পাতি লোৱাৰ পৰিৱৰ্তে পিতৃৰ কথাটো সহজ ভাৱে লৈ থ'লে।
জীৱনটোক নিচেই ওচৰৰ পৰা দেখা পিতৃয়ে একমাত্ৰ পুত্ৰক হেৰুৱাৰ ভয়ত --প্ৰবাসত গৈ কৰ্মসংস্থাপন লোৱাৰ যি প্ৰস্তুতি তাৰ আঁকোৰগোজত আহি এটা ভুল আবেগিক সিদ্ধান্ত ল'লে, পিছলৈ পৰিণতি বিষম হ'ব বুলি জানিও, তাৰ সুখৰ নিমিত্তে ঘৰে -মাটিয়ে বেঙ্কত বন্ধকত ৰাখিলে। যদিওবা বহুত কষ্টত লিখালে -পঢ়ালে।
পিতৃক পৰিত্যক্ত কৰি ঋণৰ বোজা মূৰত জাপি দি এতিয়া পুত্ৰ প্ৰবাসত কৰ্ম সংস্থাপনেৰে স্থায়ী বাসিন্দা।
অৱশেষত বৃদ্ধ পিতৃয়ে ঋণত পোত গৈ একমাত্ৰ আশ্ৰয় ঘৰটোও হেৰুৱাই বৃদ্ধাশ্ৰমে হ'লগৈ শেষ আলম।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment