নীলা খামৰ চিঠি
জগত অৱনৰি (পাঠৰী)
মৰমৰ ভাস্বতী,
মোৰ মূৰৰ ওপৰেদি বহু ধুমুহা পাৰ হৈ গৈছে যদিও জীৱনৰ শেষ প্ৰান্তত এতিয়াও কোনোমতে থিয় দি আছো। মই নিজেও ভবা নাছিলো যে তোমালৈ আকৌ দ্বিতীয় এখন নীলা খামৰ চিঠি লিখিবলৈ জীয়াই থাকিম।তথাপি জীয়াই থাকিব লাগে বাবেই যেন জীয়াই আছো আৰু জীয়াই আছো বাবেই স্মৃতিবোৰো সজীৱ হৈ বাৰে বাৰে আমনি কৰে।তুমি প্ৰতাৰণা কৰি গুচি যোৱাৰ পিছত বহুবাৰ নিজকে নি:শেষ কৰাৰ চেষ্টা কৰিলো যদিও নোৱাৰিলো।তোমাৰ লগত কটোৱা মধুময় ক্ষণবোৰ পাহৰি যাবলৈ নিষিদ্ধ পথত ভৰি দিলো যদিও ক্ষণিকৰ বাবেও পাহৰি নোৱাৰিলো তোমাৰ স্মৃতিবোৰ।মাতাল ৰাতিবোৰেওচোন কাণে কাণে কৈ তোমাৰ মোৰ অতীতৰ নিবীড় ক্ষণবোৰৰ কথা।বাৰে বাৰে নিজকে প্ৰশ্ন কৰো,সেই প্ৰেম,সেই ভাল পোৱা একপক্ষীয় আছিল নেকি বাৰু?এই প্ৰশ্নৰ উত্তৰ পোৱাৰ আশাতেই যেন মোৰ জীৱন বৃত্তটো ঘুৰি আছে।
মৰমৰ---,তুমি আতৰি যোৱাৰ পিছত মই হতাশাত ভাগি পৰিছিলো।অনাহাৰে কটাইছিলো বিনিদ্ৰা ৰজনী।সকলোৰে অগোচৰে নিৰৱে উচুপিছিলো নিৰলে নিৰৱে।কাকোৱেই মুখ খুলি একো ক'ব পৰা নাছিলো জানা?বুকুখন বিষাইছিল,অন্তৰখন চিৰালফাট দিছিল;মৌন ওঁঠক ছানি ধৰিছিল বিষাদৰ এচপৰা কলিয়া ডাৱৰে।মোৰ যাযাৱৰী জীৱনৰ একমাত্ৰ সংগী হৈ পৰিছিল প্ৰাণঘাতী মদিৰা।মোৰ অভিমানী মনটোৱে বাৰে বাৰে বিচাৰিছিল আত্মহনন কৰি তোমাৰ ওপৰত প্ৰতিশোধ ল'বলৈ। কিন্তু কিবা এক অলৌকিক শক্তিয়ে যেন মোক বাস্তৱক অনুধাৱন কৰিবলৈ প্ৰেৰণা দিলে।আজি মই উপলদ্ধি কৰিছো,প্ৰেম শ্বাশ্বত,প্ৰেম অমৰ।সচা প্ৰেম-ভালপোৱাৰ কেতিয়াও অপমৃত্যু হ'ব নোৱাৰে।
ভাস্বতী,তুমি ভাল পোৱা শাৰদীয় পূৰ্ণিমালৈ আৰু বেছি দিন নাই।ৰাসৰ আখৰাত মগ্ন সকলো।নিয়ঁৰ সনা ৰূপালী জোনাকত তৰাবোৰৰ কি যে ধেমালি।তুমি বিশ্বাসঘাতকতা কৰিলেও বিশ্বাসঘাতকতা কৰা নাই শাৰদীয় ৰাণীয়ে।শৰতৰ প্ৰতিটো পূৰ্ণিমাই সুঁৱৰাই দিয়ে তুমি গোৱা শ্ৰুতি মধুৰ ৰাসৰ গীত।এইবোৰ এতিয়া অতীত,মোৰ বাবে বিষাদৰ বতৰা।
ম-ৰ-ম-ৰ,
আজি বহুদিনৰ মূৰত ডায়েৰীখন মেলি চালো য'ত লিখা আছে তোমাৰ মোৰ বহু গোপন অভিসাৰৰ কথা।শিৰৰ সেউতা ফালি তুমি জানো পিন্ধা নাছিলা হাতৰ আঙুলি কাটি দিয়া দগমগীয়া সেন্দুৰৰ ফোঁট।তুমি জানো নিজেই ধাৰণ কৰা নাছিলা মাজুলীৰ কোনোবা সত্ৰৰ ভাওনা সমাৰোহৰ পৰা অনা মংগলসুত্ৰ? দিনটো এবাৰ ফোন নকৰিলে কিমান যে অভিমান কৰিছিলা তুমি?তেতিয়াতো তোমাৰ কোনো আপোন মানুহেই নাছিল?আৰুবা কিমান আবদাৰ আছিল?এই সকলোবোৰ অভিনয়েই আছিল নে তোমাৰ?এটি মাত্ৰ সামান্য অজুহাত,বিৰহৰ সাত সমুদ্ৰত স্নান কৰাই চিৰ দিন আতৰি গ'লা কাৰোবাৰ জীৱন সংগী হ'বলৈ।এতিয়া মই জীয়াই থাকিবলৈ শিকিছো নি:সংগতাবোৰ বুকুত সাৱটি দুখৰ লগত সহ অৱস্থান কৰিবলৈ,সুখ তোমাৰ বাবেই কবৰ দিছো অসীমৰ সীমনাত, কেতিয়াবা তোমাৰ আত্মশ্লেঘা হ'লে মেলি চাব পাৰিবা পুতি থোৱা সুখৰ বৰপেৰাটো।নিশা বহুত গভীৰ হ'ল।বহু কথাই থাকি গ'ল যদিও আজিলৈ সামৰিলো।
ইতি
তোমাৰ
শুভাকাংশী(অতীত)
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment