সময়ৰ গতিশীলতাত আমিবোৰ
নয়ন জ্যোতি পাংগিং
শিৱসাগৰ
সপোনে খেলে সময়ৰ সতে সেয়ে আশাত বন্দী আমি ..... নিজৰ চিন্তা ভাৱনাক বাস্তব ৰূপ দিবলৈকে গতিশীল সময়ৰ সতে নিজক বিলীন কৰাৰ প্ৰয়াস কৰো। সময় গতিশীল, সময়ৰ গতিত সকলো পৰিবৰ্তন ঘটে, এয়া সৃষ্টিৰ নিয়ম। সেয়ে যেতিয়ালৈকে সময় থমকি নৰয় তেতিয়ালৈকে সৃষ্টিশীলতা থাকিব। আমি দৌৰিছো সময়ত গতিত, হো হো কৈ আগুৱাই যোৱা এখন ৰেলগাড়ীৰ দৰে পলকতে সকলোতকৈ আগত গন্তব্য স্থান পাবলৈ মাথো দৌৰিছো, হেৰুৱাৰ ভয়ত। কিন্তু আশাত বন্দী আমি এবাৰ ভাৱি চোৱা নাই পোৱাতকৈ হেৰুৱাইছো .... বেছি। এপলক ৰৈ আকাশলৈ চাই বিশাল হবলৈ সময় উলিয়াব নোৱাৰো। কোলাহলত থাকি নিৰ্জনতাই আমাক কি দিব পাৰে পাহৰি গৈছো। ৰদ- বৰষুণৰ গান, জিৰিৰ মাত, বতাহৰ সুৰ শুনিবলৈ পাহৰিছো। শিশু সকলক নিজৰ মুখেৰে হাঁহি ধেমালিৰে চোতালত বহি জুন, বেলি, তৰাৰ কথা কবলৈ আজৰি নোহোৱাৰ বাবে যান্ত্ৰিক সাধু, ৰিলছ, কাৰ্টুন চাবলৈ ম'বাইল অথবা দূৰদৰ্শনৰ সন্মুখত বহুৱাই দায়িত্ব সমৰিছো। যিটো সময়ত ৰজা ৰাণী খেলিব লাগে, যিটো সময়ত ধূলি বালিৰ ঘৰ সাজিব লাগে, যিটো সময়ত পুতলা খেলাধূলা কৰিব লাগে তাৰ পৰিবৰ্তে হাতত তুলি দিছোঁ এটা যন্ত্ৰ ( ম'বাইল ) ।
পাহৰি পেলাইছো মোৰ সপোনটোৰ কথা , পাহৰিছোঁ আমাৰ সম্পৰ্ক, বন্ধুত্ব .....ইত্যাদি ইত্যাদি । আপোনাৰ কেনে অনুভৱ হয় যেতিয়া আপোনাৰ পুত্ৰই একেখন ঘৰত থাকিও মা বুলিবলৈ আজৰি নাই ...!? যেতিয়া বৃদ্ধ মাতৃ-পিতৃক অকলশৰীয়া কৰি থৈ যায় ! আপোনাৰ কেনে লাগে...? ইয়াৰ পাছত আমি কলৈ যাম, আমাৰ পৃথিৱী খনক আমি বিচৰা ধৰণে পামনে ? আপোনাৰ মোৰ সপোনটো ! আমি সকলোৱে বিচাৰোঁ মানৱ জাতি উন্নতি হওঁক, অত্যাধুনিক হওঁক জীৱন পদ্ধতি। কিন্তু মানৱীয়তাৰ আৰু প্ৰকৃতিক পাহৰি নহয়।
আশাত বন্দী হোৱা সপোনটোক গতিশীল সময়ৰ গতিত হেৰুৱাব নোখোজো । যান্ত্ৰিকতাৰে পূৰ্ণ সমাজ ব্যৱস্থাত বস্তুনিষ্ঠ বিৰামহীন যাত্ৰাত এবাৰ নিজকে কোলাহলবিহীন প্ৰকৃতিৰ কোলাত খিৰিকীৰে জুমি চোৱাৰ হেপাহ বাস্তব কৰি তুলিবলৈ ইচ্ছা... সম্পৰ্ক বোৰ নতুনকৈ গঢ়াৰ আখৰা কৰোঁ আহক।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment