প্ৰতিচ্ছবি
দীপিকা ফুকন
চুঙাজান, গোলাঘাট
দিগন্তৰ সিটো পাৰত
জিৰাইছে এটি ভাগৰুৱা বেলি
উখল-মাখল জোনাকৰ
এতিয়া সেউজীয়া ঢল
কঠিন জড়তাত বিক্ষত হৃদয়
প্ৰতিশ্ৰুতি ভংগৰ শৰে
বিদিৰ্ণ কৰে আলসুৱা মন
ক্ৰমাৎ নিশব্দে স্থিত হয় দৃঢ়তা
বৰ্ষা ভৰষাৰ আধাৰ
ৰ'দ শেষ নৌহওঁতেই
আন্ধাৰত জিলিকি উঠে
জোনৰ প্ৰতিচ্ছবি।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment