ৰাসলীলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, December 1, 2023

ৰাসলীলা



ৰাসলীলা


নৱজ্যোতি বৰা

'যত গোপী তত কৃষ্ণ হুয়া কৰি ক্ৰীয়া।

সমস্তে গুচাইল গোপীকাৰ কাম পীড়া।।'                             


গোপীকৃষ্ণৰ প্ৰেমভক্তিৰ অপূৰ্ব নিবেদন হৈছে ৰাসলীলা । পৰমাৰ্থিক দিশৰ পৰা কিম্বা আধ্যাত্মিক দিশৰ পৰা চালে গোপীৰূপী আত্মাই কৃষ্ণৰূপী পৰমাত্মাৰ লগত ৰমণ কৰি লাভ কৰা পৰমানন্দত ডুবি গৈ আত্মাই-পৰমানন্দৰ লগত মিলন হোৱাটোৱেই ৰাসলীলা । ৰাসলীলা এনে এক লীলা , য'ত ভক্তৰ হ্নদয়ত নাথাকে একো পিৰ্থিব কামনা-বাসনা , মায়া-মমতা থাকে কেৱল সপ্ৰেম ভক্তি , যাৰ বলত জীৱ-ব্ৰক্ষত বিলীন হৈ যাবলৈ সক্ষম হয় ।

                ভগন্তৰ ঐশ্বৰিক লীলাৰ মাজেৰেই প্ৰকাশিত হৈ উঠিছে ভক্তি প্ৰেমৰ অন্যৰূপ ৰাসলীলাৰ ছবিখন । শ্ৰীকৃষ্ণই  কামিনী চিওহাৰক সুমধুৰ বংশীধ্বনি আৰম্ভ কৰিলে । গোপবধূসকলে কৃষ্ণৰ বাঁহীৰ ধ্বনি শুনি ব্যাকুল হৈ গৃহ ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলিছে এিজগতপতি কৃষ্ণৰ সান্নিধ্য পাবলৈ । অন্তৰ্যামি কৃষ্ণই গোপীসকলৰ মনৰ ভাব বুজি পাই তেওঁলোকৰ মাজত মায়াজাল সৃষ্টি কৰি বৃন্দাবনলৈ ওলাই অহা গোপিসকলক নানান ভয় দেখুৱাই পৰীক্ষা কৰে। যেতিয়া গোপীসকলে পৰীক্ষাত কৃতকাৰ্য হ'ল তেতিয়া গোপীসকলৰ লগত যমুনাৰ ৰূপোৱালী বালিত পূৰ্ণ চন্দ্ৰৱলীৰাতি ৰাসলীলা কৰে। ৰাস লিলা কৰি থকাৰ মাজতে গোপীসকলে কৃষ্ণক পাই নিজ মনতে অহংকাৰ ভাব জাগি আত্মভিমানী হৈ উঠে। সেই কথা অন্তৰ্যামী শ্ৰীকৃষ্ণই বুজি পাই ৰাসলীলা কৰি থকাৰ মাজৰ পৰাই অন্তৰ্ধান হৈ গোপীসকলৰ অহংভাব নাইকীয়া কৰিবলৈ পৰিক্ষা কৰি চায়। গোপীসকলেও নিজৰ ভুল বুজি পায় অনুশোচনা কৰি বিলাপ আৰম্ভ কৰে। শ্ৰীকৃষ্ণই গোপীসকলৰ ভকতিতি তুষ্ট হৈ কালিন্দীৰ তীৰত পুণৰ মিলন হ'য় আৰু তাতে য'ত গোপী ত'ত কৃষ্ণ হৈ দিব্য মহাৰাস আৰম্ভ কৰি গোপীসকলৰ মনৰ বাঞ্চা পূৰৰ্ণ কৰে।

         এইখিনিতে যদি আমি ৰাসলীলাৰ মূল তত্বকথা বিচাৰো তেন্তে আমি জানিব পাৰো যে--পৰম ব্ৰক্ষৰ লগত মিলিত হ'বলৈ হ'লে ফলাফলৰ ওপৰত নিৰ্ভৰ নকৰি যিয়ে চৰম ত্যাগৰ বাবে প্ৰস্তত, তেৱেঁই পৰমেশ্বৰৰ কৃপা পায়। ইয়ে হৈছে ৰাসলিলাৰ মূল তত্বকথা। ধৰ্ম আৰু আধ্যাত্মিক চিন্তা চেতনাই মানুহৰ সমাজ জীৱনত বাৰুকৈ প্ৰভাৱ পেলায় । অতীন্দ্ৰ সওাই হৈছে ধৰ্মবোধ আৰু নীতিবোধৰ সাৰ্বিক ভিওি আৰু ভিওিস্বৰূপ ইশ্বৰ । এইজনা পৰমপুৰুষ শ্ৰীকৃষ্ণই কামকেলিত নিমগ্ন হ'লেও গোপবধূসকলৰ দেহত প্ৰেম শাশ্বত ভগৱৎ প্ৰেমলৈ উওৰিত হৈছিল । সেইবাবে প্ৰেম ভক্তিৰ দ্বাৰা ব্ৰজধামত সুখ, শান্তি, প্ৰেম, ঐক্য-সংহতিৰ পৰিবেশ সৃষ্টি কৰিছিল। আমি যদি উপলব্ধি কৰো ভক্তি হৈছে তিনি প্ৰকাৰৰ - ভাব-ভক্তি, সাধক-ভক্তি আৰু প্ৰেম ভক্তি। এই তিনি ভক্তিৰ ভিতৰত প্ৰেম ভক্তিয়েই শ্ৰেষ্ঠত্ব। জগতৰ গৰাকী শ্ৰীকৃষ্ণৰ সেৱাত কায়বাক্যমনে চিও দিয়াত নিমগ্ন গোপীসকল এনে ভক্তিৰেই নিমজ্জিত হৈছিল । ভাগৱতৰ মতে ৰাসলীলা ভগৱন্তই নিজ যোগমায়াৰ বলত কৰা লীলা । কৃষ্ণভক্তা ব্ৰজৰ গোপীসকলৰ চূড়ান্ত পৰীক্ষা লোৱাৰ পিচত তেওঁৰ সান্নিধ্য পাৱলৈ সাংসাৰিক সবৰ্স্ব ত্যাগ কৰি অহা ব্ৰজাংগনাসকলক ভগৱন্তৰ সান্নিধ্য লাভৰ সৰ্বস্ব সুখ প্ৰদান কৰিলে।

              আমাৰ অসমত পোনপ্ৰথমে ১৭৬২ শকত মাজুলীৰ শ্ৰী শ্ৰী দক্ষীনপাট সএত ৰাসলীলাৰ অভিনীত হৈছিল। সম্পূৰ্ণ বৈদিক ক্ৰিয়া পৰম্পৰাৰে ইষ্টদেৱতা যাদৱৰাইক পূৰ্ণ পৰ্যায়ত পূজা সন্তষ্টি কৰিবৰ উদ্দেশ্যে সএাধিকাৰ শ্ৰী শ্ৰী বাসুদেৱ গোস্বামীদেৱৰ পৌৰোহিত্যত কাতি মাহৰ শুক্লাষ্টমী তিথিত শ্ৰীকৃষ্ণ জন্মৰ পৰা অৰিষ্টাসুৰ বধলৈকে নাটখনিক প্ৰথমখন ৰাস ৰূপত প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছৰে পৰা অসমৰ বিভিন্ন ঠাইত ৰাসৰ প্ৰসাৰ হবলৈ ধৰিলে। অতীতত কেৱল সএৰ নামঘৰত প্ৰদৰ্শন হোৱা ৰাসে বৰ্তমান যুগৰ লগত খাপ খাব পৰাকৈ মঞ্চলৈ গতি কৰিলে।

         সি যি কি নহওঁ আমি যদি ৰাসলীলা নাটকখন তাত্ত্বিক দিশৰ পৰা চাওঁ তেন্তে তাত দেখা পাওঁ যে--ৰাসলীলা ৰাসশক্তি তত্ত্বৰ বিকাশ নহয় ই আচলতে ভক্তি তত্ত্বৰহে বিকাশ হোৱা দেখা যায়। নিজ দেহজ প্ৰেমৰ পৰা পৰমাৰ্থিক স্তৰলৈ ৰূপান্তৰিত হোৱা ৰাসলীলাই মহাৰাসৰ যোগেদি পৰম পুৰুষ শ্ৰীকৃষ্ণই জনমানসত ভক্তিৰ নিজৰা চিৰ দিনৰ বাবে বোৱাই থৈ গৈছে আৰু ই অনন্ত কাললৈ বৈ থাকিব। এই ৰাসলীলাৰ মাজেৰে শ্ৰীকৃষ্ণই আত্মা-পৰমাত্মাৰ একান্ত মিলনৰ কথাও ভাগৱতত সবিস্তাৰে বণ্টনা কৰি থৈ গৈছে ।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages