পংকিল অত্যাধুনিকতাত জীৱনৰ স্নেপশ্বট
কেশৱানন্দ ওজা
দূৰ দিগন্তৰ বিশাল আকাশৰ নীলিমাত
কাৰুণ্যতা আৰু বিশালতাৰ অৱগাহন,
চতুৰ্দিশে আজি মাথো
ঘন কুঁৱলীৰ আচ্ছাদন।
সপোনৰ দুৱাৰদলিত
পৃথিৱী আজি ৰঙীন....
বাস্তৱৰ কঠিন হাতোৰাত
যেন জীৱনৰ পচ্ছাদগমন...
ধুমায়িত আন্ধাৰত ডুব গৈ
ৰঙীন পানীয়ৰ গিলাচত ওঁঠ ভিজাই
উপভোগ কৰে জীয়া জীৱনৰ মাদকতা,
আভিজাত্যৰ ধামখুমীয়াত
নিৰ্লিপ্ত হৈয়ে পৰি ৰয়
জীৱনৰ নাৰ্য্যতা।
সভ্যতাৰ পংকিলতা আৰু জীৱনৰ জটিলতাই
কোঙা কৰা হৃদয়ে সন্ধান কৰে
বিষ্মিত অতুল সম্ভাৱনা,
ৰহস্যময় এক সপোনৰ দৰে
বুকুৰ অভ্যন্তৰত আমি
প্ৰতিনিয়ত কঢ়িয়াই ফুৰো
নিস্তৰঙ্গ জীৱনৰ ভৱিষ্যতৰ প্ৰত্যাশা।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment