খৰিকাজাইৰ গোন্ধ লগা আবেলি এটা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

খৰিকাজাইৰ গোন্ধ লগা আবেলি এটা

 



খৰিকাজাইৰ গোন্ধ লগা আবেলি এটা 


ঋজুশ্ৰী বৰা কাকতি


'ঐ ইমান দিনৰ মূৰত স্কুল আহিছ যে কিয় ?'

-'দেউতাই বেলেগ মা আনিলে।'

-'তাতে, তই স্কুল নহাকৈ আছিলি যে !'

-'মা মৰাৰ পিছত দেউতাই প্ৰথমবাৰৰ বাবে মোক অকলে শুবলৈ দিছে'

- 'হে হে ভয়পাদুৰী, ভয়পাদুৰী । মই দেখোন অকলেই শুই থাকোঁ ।' 

-'তোৰ ভয় নালাগে নিলি !'

-'ভয় লাগিলেওটো দেউতাৰ ওচৰত শুবলৈ মায়ে নিদিয়ে । দেউতাৰ লগত বোলে অকল ভাইটিহে শুব পাৰে ।' 


দিন বাগৰি বাগৰি বছৰৰ গাত ভেজা দি কথোপকথনবোৰ পুৰণি হ'ল,বুকুত কঢ়িয়াই লৈ ফুৰিব পৰাকৈ স্মৃতিবোৰ সেউজীয়া হৈ ৰৈ গ'ল মন-মগজুত। কি যে শক্তিশালী ন' এই মন-মগজু!! কেতিয়াবা মনেৰে পাহৰিব খুজিলেও মগজুৰ কোনোবা এটা সক্ৰিয় কোষে কথাবোৰ এৰি দিবলৈ নোখোজে আৰু মন, মন যে সদায় মগজুৰ বিপৰীতেই থিয় হৈ থাকে । কেতিয়াবা এৰি দিয়া কথাবোৰ আজুৰি আজুৰি বুকুৰ কাষ চপাই লয়। কিন্তু ক'ৰবাত যে নিলিয়েও সেই তেতিয়াৰ পৰাই কথা সামৰিবলৈ শিকিছিল,  বুকুত এজাক মৌনতাৰ হুলস্থুল আছিল, তাই ডাঙৰ হোৱাৰ পৰা সেই শৈশৱৰ কথাবোৰ বুজিছে । আজি হঠাৎ খৰালি দিনটোত বৰষুণ জাক অহাৰ দৰেই তাইৰো মনত পৰিল নিলিলৈ । কেনেকৈ বা আছে নিলি, ক'ত বা আছে বুলি তাই ! বেলকনিতে বহি কথাবোৰ পাগুলি পাগুলি অস্থিৰ হৈ পৰিছে মনটো। 


এনে অস্থিৰতা বোৰ নোহোৱা কৰি মনটো ভাল লগাবলৈকে তাই আগফালৰ সৰু বাৰান্দা খনত কেইটামান সেউজীয়া ফুল পুলি  দুমাহমানৰ আগতে ৰুই লৈছে। হাতত সেউজীয়া চাহ একাপৰ সৈতে নিউট্ৰি-চইছৰ বিস্কুট এখন লৈ এই সন্ধিয়া সময় খিনিত নিজকে সময় দিয়াটো তাইৰ নতুনকৈ গঢ় লোৱা এটা বিলাসীতা। এই ন- বিলাসীতাক উপভোগ কৰোঁতেও তাইৰ মনত পৰিছে  ল'ৰালিৰ ধূলি- ধেমালি বোৰৰ কথা, নতুন মাকে শিলিখা, আমলখি খাই ভাল পাই বুলি জানি তাই বুটলি আনোঁতে মাকে পিছফালে চোৱা পেলোৱা খালটোত দলিয়াই দিয়াৰ পৰা, ভনীয়েক জনীক ভাতৰ কাঁহীত ঢেঁকীয়া মাছৰ নেমু চেপা টেঙা  আঞ্জা আৰু  তাইক আলু পিটিকাৰে ভাত কাঁহী ঠেলি দিয়ালৈকে কত যে এখিনি কাহিনী!  নিলি আৰু বেলি দুইজনী একেখন গাঁৱৰে, একেলগে ডাঙৰ হোৱা ছোৱালী । বয়সত নিলি অকণমান ডাঙৰ যদিও সিহঁতৰ মনটোৰ অমিল নাছিল । ডাঙৰ হওঁতে চৌপাশৰ মানুহবোৰৰ লগত মিল হওঁতে সিহঁতে মানুহক পঢ়িব পাৰিছিল, সিহঁতৰ কেতিয়াবা কেতিয়াবা মতৰ অমিল হৈছিল যদিও মনটোক অমিল হ'বলৈ কাহানিও সুৰুঙা এজনীয়েও ৰখা নাছিল।  স্কুল যাওঁতে দুইজনী একেলগে যায় । মানুহে দেখিলে এজনী বগী এজনী ক'লী বুলি জোকায়,কৰিলি পাৰি এচামে হাঁহে। বগী মানে নিলি, ক'লী মানে বেলি । নিলিয়ে মুখে মুখে উত্তৰ দি গুচি যায় আৰু বেলিয়ে মুখতে হাঁহি থৈ দিয়ে । হাঁহি থৈ যদিও সেই সেমেনা সেমেনিকৈ মৰা হাঁহিটো। পৰিস্থিতিৰ পৰা পলুৱা হাঁহি সেইটো, বৰ অসজা লাগে এইখিনি কথা।


বেলিৰ  গাৰ ৰংটোৰ বাবে তাই কেতিয়াবা দুখ কৰে নিলিৰ আগত। নিলিয়ে একে উশাহতে ভেকাহি মাৰি " থ  হেৰৌ, বেলিৰ সন্মুখলৈ চাব কোনেনো পাৰে, সেয়ে তোক এনেকৈ হাঁহে। হাঁহিলে লোকৰ দাঁত ওলাই তাতে তোৰ কিয় দুখ লাগিবৰ হ'ল ?" ওঁঠৰ কাষেৰে কণমানকৈ হাঁহি এটা ওলাই আহে। সেৰেঙা হ'লেও হাঁহি এটা মাৰে । কথাটো মনত পৰাত তাইৰ আজিও হাঁহি এটা ওঠৰ কাষেদি বৈ আহিছে। শৈশৱৰ তাইৰ দুখৰ সময়খিনিত  মাত এষাৰ লগাই বুজাবলৈ নিলি জনী আছিল। এতিয়াৰ সময়খিনিত হে তাই বৰকৈ প্ৰয়োজন হৈছিল তাইক। তাইৰ  দুখ লাগোতে বুকুখন কিয় বিষাই, ডিঙিত কিবা এটাই কিয় লাগি ধৰে তাই তেতিয়া নাজানিছিল, নুবুজিছিল । কিন্তু আজি সেই বিষটোৰ লগত থাকোঁতে থাকোঁতে তাইৰ কিবা এটা অভ্যাস হৈ পৰিছে ।  বিষটোৰ সৈতে সহবাস কৰাৰ লেখীয়া। তাইক ডাক্তৰেও কৈছে তাই বোলে এতিয়া 'হাৰ্টৰ পেছেন্ট' । ষ্ট্ৰেছবোৰৰ পৰা আঁতৰি থাকি তাইক হাঁহি মাতি থাকিবলৈ ডাক্তৰে পৰামৰ্শ দিয়াৰ লগতে এসোপামান ঔষধ দি পঠিয়াই দিয়াৰ দিনাৰ পৰা তাই মানুহবোৰলৈ বৰকৈ মনত পৰে, গাঁও খনলৈ মনত পৰে, গাঁৱৰ সিটো মূৰত থকা নৈ পাৰৰ বতাহ জাকলৈ মনত পৰে । হাঁহিবলৈ মানুহ এটা বিচাৰি মনটোৱে হাঁহাকাৰ কৰাৰ ক্ষণবোৰত কলেজত পঢ়ি থাকোতে তাইৰ ভাল লগা লোহিতলৈ মনত পৰে । বুকুখনত সেই সৰুতে হোৱা বিষটো আকৌ হয়,  কিন্তু এই বিষটো কিবা এটা ভাললগা, মিঠা। দুখৰ সময়তো বুকুখনক শান্ত কৰিবলৈ অন্ততঃ অজুহাত এটা তাইৰ আছে । 


বি.এ পাছ নকৰোঁতেই, বাপেকে চাই দিয়া তাইতকৈ বয়সত ১o বছৰে ডাঙৰ ল'ৰাটোৰ লগতে বিয়া হ'ম বুলি  দেউতাকক কথা দি বিয়া হৈ গুচি আহিছিল গুৱাহাটীলৈ । গুৱাহাটী মানে, গুৱাহাটীৰ গাতে লাগি থকা ঠাই । গুৱাহাটীৰ যান্ত্ৰিক চিটিকনিবোৰ এই গাঁওখনত পৰাহি নাই তথাপিও মানুহবোৰ আধুনিক। বিয়াৰ দিনা ঘৰ খনতকৈ গাঁও খন এৰাৰ দুখত তাই কান্দিছিল। সৰুতেই মাক নাইকিয়া ছোৱালী বুলি গাঁৱৰ ইঘৰে- সিঘৰে তাইক টিপ মাৰি মাহীমাকে নজনাকৈ কিবা এটা খাবলৈ দিয়ে, হাততে  দহ - বিশ টকা এটা গুজি দিয়ে। বিনিময়ত তাইৰ পৰা মাত্ৰ কুমলীয়া মনটোৰ মাতষাৰ হে পায়। দৰা আহি ৰভা তলত ভৰি থওঁতেই  মাহী মাকে কেটেলা কেটেলি মাতেৰে সম্পর্কীয় মানুহ এজনীক  বিপদ এটা আঁতৰিল আৰু মোৰ বুলি কওঁতে কিন্তু তাই কান্দিব নোৱাৰিলে এইবাৰ। কেতিয়াবা এনেকুৱা কিছুমান কথা মানুহে শুনে, ঘটনাৰ সন্মুখীন হয় সেই পৰিস্থিতিত মানুহে কি কৰিব ভাবিবলৈ বিতত হৈ পৰে। ক'ত' সপোন বুকুত জাহ গ'ল, ক'ত সপোন দূৰে দূৰে তাইক নোচোৱাকৈ গুচি গ'ল । তাই একো ক'ব, কৰিব নোৱাৰিলে। কাহিনীৰ নায়িকা হৈ মাত্ৰ ঘূৰি থাকিল । এমুঠি নতুন  আশাৰে মাক- দেউতাকহালক সেৱা এটা কৰি ন ঘৰ খনত ন'কৈ সপোন সঁজাব বুলি দুৱাৰদলিত   তিনিমুঠি চাউল পিছলৈ মাৰি কইনা সাজেৰে ওলাই আহিল। হাতত ধৰি সপোনবোৰৰ ওচৰলৈ লৈ যাবলৈ মানুহ এজন তাইৰ নিজৰ বুলিবলৈ আছে এতিয়া। অচিন ঠাই, অচিন মানুহ । তাইক মিলিবলৈ সময় লাগিছিল । নতুন ঘৰখনেও তাইক পৰিবেশটো তাইৰ মতে সুবিধা কৰি ল'বলৈয়ে সুযোগ কৰি দিছিল । তেনেকৈ পাঁচটা বছৰ তাই ধুনীয়াকৈ মনৰ মতে, নতুন পৰিয়ালটোৰ সৈতে উমলি পাৰ কৰিছিল। 


-'বেলি, এইফালে আহাচোন'

-'অ মা, কওঁক ।'- হালধি লগা হাতখন চাদৰত মচি মচি শাহুয়েক শুই থকা বিচনা খনতে  তাই বহিল ।

-'বিয়া হৈ অহা ইমান দিন হ'ল, নাতি এটাৰ মুখখন দেখিবলৈ মই নাপামেই নেকি !'- শাহুয়েকৰ মাতটো ক'ৰবাত ক্ৰমাৎ কৰ্কশ হৈ আহিছিল ।  

-'মা, ডাক্তৰে দেখোন মই 'মা' হ'ব নোৱাৰিম বুলিয়ে কৈছে । সুবিধা পালে, কাৰোবাৰ ল'ৰা ছোৱালী এটাকে নিজৰ কৰি সামৰি ল'ম বুলি ভাবিছোঁ, কথাটো তেওঁক কওঁতে তেওঁ সন্মতি জনাইছে মা ।'- সেইবুলি তাই গহীন পৰিবেশটো পাতলাই হাঁহি হাঁহি ক'লে । 

-'মোৰ এটাই ল'ৰা । বুঢ়া বয়সত তাক চাবলৈও নিজৰ তেজ থকা সন্তান এটা লাগে । তোমাৰ যদি অনুমতি আছে তেন্তে মই তালৈ আকৌ ছোৱালী বিচাৰিম ।"

-' কিন্তু মা, মোৰ............!! বাৰু তেন্তে তেওঁৰ সৈতে আপুনি আলোচনা কৰিবচোন । তেওঁ যি কয় সেয়ে হ'ব ।' - কথাষাৰ কৈ তাই শাহুয়েকৰ ৰূমটোৰ পৰা ওলাই আহিছিল। সেই সৰুতে ডিঙিত লাগি ধৰা বিষটো আজি বহুত দিনৰ মূৰত হ'ল। উশাহ বোৰ ঘন হৈ আহিছে, ফোঁপাবলৈ ধৰিছে। বিছনা খনৰ খুটিটোত ধৰি তাই দীঘল দীঘলকৈ উশাহ ল'বলৈ  চেষ্টা কৰিলে। কথাবোৰ মনত পৰি থাকোতে তাইৰ এনেকুৱা লাগিছে, এতিয়াও যেন সেই ঘটনাটো তাইৰ লগত হৈয়েই আছে। আজিও তাই ঘামিছে। 


শাহুয়েকৰ কথা কেইটাই তাইৰ বুকুত শেল হৈ বিন্ধিছিল, গোটেই ৰাতিটো কি কৰিম, কি নকৰিম ভাবি থাকিল।  গিৰিয়েকৰ সৈতে বিষয়টোত আলোচনা কৰিবলৈ দায়িত্ব খিনি শাহুয়েকক দি থৈ অহাৰ বাবে তাই একো ক'ব পৰা নাই। মাত্ৰ তাই কান্দিছে, গোটেই ৰাতি। উচুপি উচুপি কান্দিছে। সোঁহাত খনেৰে বুকুৰ ওপৰত লৈ থকা চাদৰ খন মোহাৰি মুখত সোপা দি লৈছে, কিজানি তাইৰ কান্দোন গিৰিয়েকে শুনি সাৰ পায়! উফ: কি যে অসহনীয়! কান্দো বুলিও কান্দিব নোৱাৰে মন খুলি মানুহে, বুকুৰ বিষ ধুই যাব পৰাকৈও নোৱাৰি। গাৰ বেমাৰ গাতে লৈ, বুকুৰ বিষ বুকুতে লৈ দৈনন্দিন কামবোৰ কৰি থকাটোৱেই ঘৰখনৰ গৃহিনী জনীৰ দায়িত্ব বুলি এটা অলিখিত নিয়ম অতীজৰে পৰা চলি থকা পৰম্পৰা। পৰপম্পৰাই, ন'হলেনো প্ৰতি নাৰীয়ে দুখক একাষৰীয়া কৰি আনৰ চিন্তা কৰে নে! সংস্থাপন এটা নাৰীৰ সেয়েই দৰকাৰ। অন্ততঃ লতা নোহোৱাকৈ, সৰু বন এডাল হৈও আত্মসন্মানেৰে জিলিকিব পাৰে। সকলো নাৰীকনো ক'ত  ইমান পইচাৰ দৰকাৰ! নাৰীয়ে প্ৰতি খোজে বিচাৰে সন্মান, আত্মসন্মান । 


নিজৰ মানুহটোৱে সতিনী অনা দিনটোত তাই মুখতে হাঁহি এমোকোৰা লৈ পেণ্ডেলৰ তলত তামোলৰ বঁটাটো লৈ  মানুহ সুধিব,মিতিৰ কুটুম্ব, আলহীয়ে ঘৰখনলৈ আহিলে তাই দুখৰ কথা চাগৈ আলোচনাৰ বিষয় হ'ব। এনেকুৱা হ'বলৈ নিজৰ সৈতে তাই দিব নোৱাৰে। নোৱাৰে তাই নিজক আনৰ আলোচনাৰ বিষয়বস্তু হ'বলৈ দিব। কিবা এটা নিশ্চয় উপায় উলিয়াব লাগিব, যাতে তাই অন্ততঃ নিজৰ ওচৰত মোৰ তুলি, নিজৰ সত্তাটোৰ ওচৰত  সন্মানেৰে থাকিব পাৰে। তাই সাহসী হ'বই লাগিব যাতে আইনা খনৰ সন্মুখত ৰৈ নিজক প্ৰশ্ন সুধিব লগীয়া নহয়।   সৰুৰ পৰা চকুপানী টুকি ডাঙৰ হোৱা ছোৱালী জনী সেইদিনা হঠাতে সাহসী হৈছিল, পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ শক্তি পাইছিল । দুটাকৈ মাহে বিচাৰি বিচাৰি  চহৰৰ ব্যক্তিগত খণ্ডৰ স্কুল এখনত  তাই চাকৰিটো পোৱাৰ  খবৰটো আবেলি স্কুলখনৰ প্ৰধানে ফোনযোগে জনোৱাৰ দিনাই তাইৰ বুকুত খৰিকাজাই এজোপা ফুলিছিল। চেচুকত গজা বন এডালে যেনেকৈ ৰ'দ পালে বাঢ়ে, তাইৰো সেইদিনা তেনেকুৱাই হৈছিল।   ৰাতিলৈ ভাত খোৱাৰ টেবুলত তাই চাকৰি পোৱাৰ কথাটো জনাইছিল পৰিয়ালক। সন্তান জন্মদিব নোৱাৰাৰ বাবেই যে এখন ঘৰৰ গৃহিনী, কাৰোবাৰ পত্নী, কাৰোবাৰ বোৱাৰী হোৱাৰ অযোগ্য সেই কথা কওঁতে তাইৰ দুখ লাগি ডিঙিতে মাতটো ৰৈ গৈছিল। বুকুত শিল এছটা ৰাখি কৈ গৈছিল শাহুয়েকক তেওঁলৈ ছোৱালী এগৰাকী চাব, সকলোৰে ফালৰ পৰা যোগ্য, ঘৰ ধৰিব পৰা, সুখী কৰিব পৰা সকলোকে। মই, এইখন ঘৰৰ পৰা ওলাই যাম। নিজৰ বাবেই যোগ্য হ'ম । জীৱনৰ পথটো সেউজীয়া কৰোঁতে তেওঁ লগ দিছিল, তেওঁ মোৰ সৈতে নাথাকিলেও মই ৰাখিম তেওঁক এইবুলি কৈ তাই নিজৰ ৰূমটোলৈ দৌৰ মাৰিছিল। কত সপোন বুকুত বান্ধি তাই ন কৈ ঘৰ খন সঁজাম বুলি ভাবিছিল, কত সপোন এই কোঠালিটোৰ পৰাই কোঁহ মেলিছিল। সকলোবোৰ স্মৃতি এতিয়া বুকুতে সামৰি থৈ দিব লাগিব তাই। কিমানবাৰ যে সৰসৰকৈ চকুপানী সৰিছিল। বিয়াত তাইক দিয়া   মেইন কাপোৰ জোৰ, যি জোৰ পিন্ধি তাই যুৰীয়া সপোন দেখিছিল সেই কাপোৰ জোৰ আৰু সেন্দুৰৰ টেমাটো লৈ তাই গুচি আহিছিল। পাৰিব, পাৰিব লাগিব তাই। বুকুৰ মনিকোঠাত ঘৰ সজা প্রিয় পুৰুষ তাইৰ কাষত নাথাকিলেও, তাইক অৱহেলা কৰিলেও তাই নিজেই নিজৰ কাষত ৰ'ব লাগিব।  এজাক আদৰুৱা পখিলাক সম্পদ কৰাৰ যি দায়িত্ব পাইছে সেই দায়িত্ব তাই অন্ততঃ সামৰিব পাৰিব লাগিব।  সেই হাঁহিটো, সেই সপোন, হেঁপাহ, দায়িত্ব ল'ব পাৰিম বুলি  তাই ঘৰ এৰি গুচি আহিছিল।  লগত লৈ আহিছিল এখিনি সাহস ,জী থকাৰ। 

সেইদিনাই খৰিকাজাইৰ ৰাগি লাগিছিল তাইৰ বুকুত, হাঁহিবলৈ, সপোন সামৰি মতলীয়া হ'বলৈও এটা অজুহাত পাইছিল আৰু ভৰুণ বুকুত সেই ৰাগি আজিও তাইৰ লাগি আছে।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages