সাগৰগাঁথা (২৪)
সাগৰ
যেতিয়াই ভাবোঁ বেলি হ'ম
তুমি মাৰি দিয়া দুৱাৰ
জপাই দিয়া খিড়িকী
টানি দিয়া পৰ্দা
যেতিয়াই ভাবোঁ জোন হ'ম
তুমি নমাই দিয়া বাতায়ন
নাছিল তৰা অথবা
জোনাকী হোৱাৰ হেঁপাহ
কাহানিও
যে হুমুনিয়াহ কাঢ়িবা
চাই চাই মোলৈ
যে চুৰকৈ সোমামগৈ
কোঠাত তোমাৰ
মই যদি এটা চাকি হওঁ
আৰু জ্বলি থাকোঁ
পোহৰাই তোমাৰ ভিতৰ
তুমি কি কৰিবা
ফু মাৰি নুমুৱাই দিবা
নে চকু মুদি বহি থাকিবা
নে দৌৰি ওলাই আহিবা
দুৱাৰ খুলি বাহিৰলৈ
আৰু যদি হওঁ এছাটি বতাহ
আৰু সোমাই যাওঁ
তোমাৰ উশাহেৰে
মই ভাবিব পৰা নাই
তুমি কি কৰিবা
মাথোঁ ভাবিছোঁ
মই কি কৰিম
তৰাহৈ ওলমি ৰ'ম
নে পপীয়া হৈ সৰিম
তোমাৰ চোতালত
নে জোনাকী হৈ উৰি ফুৰিম
বিচাৰি তোমাক
নে সাগৰ হৈ থাকি যাম
সামৰি হেজাৰ ধুমুহা
এনেকৈয়ে বুকুত....
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment