টকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, December 1, 2023

টকা



 টকা 


         চিন্ময় ডেকা

   টংলা, ওদালগুৰি


টকা থাকিলে জীৱ

নহ'লে নাথাকে মূল্য

এয়াই যান্ত্ৰিক পৃথিৱীৰ মানসিকতা।

মানৱৰ জীৱনটি বৰ অনুপম।

এখিলা কাগজৰ 

মূল্য'ই বা কিমান?

তথাপি তাৰ বাবেই ক'ত হত্যা, হিংসা

টকাৰ বাবেই হেৰাই যায়

দুই বন্ধুৰ-বন্ধুত্ব!

অলেখ আত্মীয়-স্বজনৰ তেজৰ সম্বন্ধ।

টকাই সৰ্বোচ্চ।

তদ্ৰুপ,

টকাৰে জানোছাঁ!

কিনিব পাৰিব, বিশ্বাসৰ এখনি হাত।

কিম্বা, নিথৰ হৈ পৰি ৰোৱা শৰীৰৰ একোটি উশাহ!

আজি দিনত তা'লৈ 

কোনোবাই কৰে জানো ভ্ৰূক্ষেপ

টকাৰ বাবেই আই-পিতাই

বৃদ্ধাআশ্ৰমেই জীৱনৰ শেষ আশ্ৰয়ৰ থল।

আৰু নো কি লাগে?

লাগে মাথোঁ

জীৱনত টকা, টকা, টকা আৰু টকা।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages