গৰু ৰচনা
অংকুৰিতা ফুকন
"আগৰ গৰু বাঘে খায়
পিছৰ গৰু ঘৰলৈ যায়।"
গৰু মৰে
বাঘৰ পেট ভৰে
পিছৰ গৰুৱে শিকনি লয়
আগে আগে গ'লে প্ৰাণৰে সংশয়
নগৰীয়া গৰুৱে জাকপাতি নাযায়
অকলে ফুৰে য'ত বাঘৰ ভয় নাই
পিছে গৰুৱে নাজানে মানুহ
বাঘতকৈ হিংস্ৰ বুলি
মৰাৰ পিছতো গৰুৰ
চালখনো নাযায় সাৰি
শাস্ত্ৰত দিয়ে দেৱতাৰ স্থান
বাস্তৱত ওলোটা ছবি…
হাবি গাঁও নাইবা নগৰীয়া বাট
সকলোতে মৰে নিমাখিত গৰু
নুশুনি গৰখীয়াৰ সকীয়নিৰ মাত…
আগৰ গৰুক বাঘে খায়
পিছৰ গৰুও সাৰি নাযায়
জাকৰুৱা বা অকলশৰীয়া
গৰুৰ ক'তো নিস্তাৰ নাই…
গৰুৱে নাজানে মানুহে জানে
নাকি লগাই চকু বান্ধিলে গৰুৱে
এপথাৰ ধানৰ মৰণা
অকলেই মাৰিব পাৰে…
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment