ৰাণীৰ সপোনৰ কথাৰে
চিত্ৰলেখা পায়েং
"অই। কি নাম তোৰ?" অলপ টানকৈ সুধিলে মালিনীয়ে।
"মো- মোৰ নাম ৰাণী। সেহাই সেহাই কলে সৰু খিণ - মীন ছোৱালীজনীয়ে।
"অ স্কুল নাজাঅ নেকি?"
"মানে মন আছে। ফিছ দিবলৈ পইছা নাই।"আছে
"উম্। ভোক লাগিছে?"এইবাৰ অলপ মৰমৰে কলে।
"অ"অন্য একো নকলে তাই।
মালিনীয়ে বেগৰ পৰা টিফিনটো উলিয়াই ৰাণীৰ হাতত দিলে।
"ভালকৈ খাবি।"
" ঠিক আছে।"আনন্দ মনে তাই যাব ললে।
"ৰচোন। "মালিনিয়ে ছোৱালী জনীক মাতিলে।
"কওক।"
"ঘৰত কোন কোন আছে?"
মা আৰু ডেৰবছৰীয়া ভাইটি এটা।"
"তাহাঁতক দিবিনে এইয়া?" হাতৰ টিফিন টোলৈ আঙুলিয়াই সুধিলো।
"দিম।"
"উমম। যাগে যা।"
ৰাতিপুৱাই মনটো ভাল লাগিল মালিনীৰ। বহুদিনৰ পৰা দেখি আছিল তাই ৰাণীক। তাই সদায় সদায় বাটি এটা লৈ লোকৰ গাড়ীৰ খিৰিকী টুকুৰিয়াই টুকুৰিয়াই পইছা খোজে। পইছা নহলে কিবা খাবলৈ। তাইক দেখাৰ দিনৰেপৰা মালিনী অলপ disturbed আছিল। আজি অন্ততঃ তাই অলপ হলেও আত্মসন্তুষ্টি পালেসহায় কৰি।
মালিনী লক্ষীমপুৰৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী। তাই যোৰহাটৰ ছোৱালী। কিন্তু চাকৰিসূত্ৰে আৰু বিবাহসূত্ৰে থাকে লখিমপুৰত। স্বামী এজন আগশাৰীৰ ঠিকাদাৰ। পৰিয়ালৰ একমাত্ৰ ছোৱালী বাবে সৰুৰে পৰাই তাই অলপ বেছি ভাবুক আৰু জেদী। নিজৰ জেদতেই তাই চাকৰি কৰিছে। অসমীয়াত major লৈ M.A. পাছ কৰিছে। তাই B. Ed ও কৰিছে। এতিয়া তাই অসমীয়া বুজায়।
সেইদিনা স্কুলৰ কাম সামৰি ঘৰলৈ বুলি স্কুটীত আহি আছিল। তেতিয়া তাই ৰাণীক আকৌ দেখিলে। তেতিয়া তাইৰ লগত তাইৰ মাক আৰু এটা কেঁচুৱা। "Maybe he is the brother of Rani". তাই মুখতে কলে। মাকে কান্দি কান্দি হোটেলৰ মেনেজাৰক কিবা কৈ আছিল। মাজে মাজে হাতযোৰ কৰিছে, নিজৰ লৰাটোক আৰু ৰাণীক সাৱতিছে আৰু কিবা কৈছে, কান্দিছিল। মালিনী অলপ ওচৰলৈ গৈ কথাবোৰ শুনিলে।
"দাদা। দিয়কচোন কিবা কাম এটা। ই ডেৰবছৰীয়া এই স্কুললৈ যাব বিছাৰে।"
"আৰে কাম নাই বুলি কৈছোনে নাই হা? কৰপৰা যে আহে এইবোৰ। যাগে।"
"দাদা দিয়কচোন কিবা কাম এটা।" অসহায় হৈ ৰাণীৰ মাকে কলে।
"সৰুকন লৈ যা ইহঁতক। ৰাতিপুৱাই ৰাতিপুৱাই কৰপৰা যে আহে নহয় এইবোৰ।"বিৰক্তিৰে কলে মেনেজাৰে।
তেনেতে সৰুকণ নামৰ বনকৰা লৰাটোৱে সিহঁতক উলিয়াই দিলে। ৰাণীয়ে বাহিৰলৈ যাব লৈ মালিনীক দেখিলে। তাইৰ চকুত চকুপানী। কোনে কয় সৰু লৰা - ছোৱালীয়ে একো বুজি নাপাই বুলি।
লাহে লাহে মালিনিয়ে স্কুটি ষ্টাৰ্ট কৰিলে। মনত মাত্ৰ চলি আছিল সেই বাক্যকেইটা "দাদা দিয়কচোন কিবা কাম এটা। ই ডেৰবছৰীয়া, এই ছবছৰীয়া আৰু স্কুললৈ যাব বিছাৰে "
"দাদা দিয়কচোন কিবা কাম এটা"....
"মালিনী কি ভাবি আছা। মই অথনিৰে পৰা চাই আছো তুমি কিবা চিন্তা কৰি আছা। Any problem."
"না, নাই একো নাই just অলপ stress আছে। "
"Okay, "
"দুই মিনিট ৰবা মই ভাত বাঢ়ো।"
"দিয়া,দিয়া বৰ ভোক লাগিছে।"
ৰাতিও সেইবোৰ ভাবি ভাবিয়েই তাই ডায়েৰী লিখিবলৈ বহিল। এইটো তাইৰ পুৰণি অভ্যাস। শোৱাৰআগত দিনটোৰ ঘটনাবোৰ লিখেই। আজিও ব্যতিক্ৰম নহয়।
"সেই কণমানি ৰাণীৰজীৱনলৈ শিক্ষাৰ পোহৰ আহিবনে" সেই বাক্যটো আৰু এটা ডাঙৰ প্ৰশ্নবোধক চিন।
ডায়েৰীখন জপাবলৈ লৈ তাইৰ ডায়েৰীৰ প্ৰথম পাঠটোলৈ চকু গল। তাই প্ৰথম দায়েৰিখন লওঁতেই লিখিছিল " সফলতাৰ বাবে তুমি আনৰ নিৰ্ভৰশীল হব নালাগে , নিজে হাতে কামে লাগা,আৰু চাবা সফলতাই তোমাক হাত বাউলী দি মাতিব।"
তাইৰ মুখত এটা মিচিকীয়া হাঁহি জিলিকিলে। তেতিয়াই তাই ভাবিলে"অ, ময়োতো ৰাণীক পঢ়াব পাৰোঁ। ....... অ, মই পঢ়াম ৰাণীক।" পিছদিনা ৰাণীৰ মাকক লগ কৰিম বুলি ভাবি মালিনী শুই থাকিল।
ৰাতিপুৱা সোনকালে উঠি তাই টিফিন বনাবলৈ লাগিল। জানি-বুজি তাই তিনিটা টিফিন বনালে। "এটা নিজৰ কাৰণে,এটা স্বামীৰ কাৰণে আৰু এটা ৰাণীৰ কাৰণে।"
তাই স্কুললৈ আহি থাকোঁতে গোটেই বাটত চকু ফুৰাই আহিছে। কেনেবাকৈ ৰাণীক দেখেইবা। কিন্তু নাই তাইক নেদেখিলে। গোটেই দিনটো চাইও ৰাণীক নেদেখিলে। টিফিনটোও ঘৰৰ কাম কৰা মানুহগৰাকীক দিলে।
এনেকৈয়ে দুমাহমান গল। এই দুমাহে প্ৰতিদিনে এটাকৈ বেছি টিফিন বনায়, কিন্তু নেদেখে ৰাণীক.........।
দুমাহ পিছত......., মালিনী বজাৰ কৰিবলৈ ওলাই গৈ এখন চিনাকি মুখ দেখিলে। হয় তাই ৰাণীয়েই।
"অই ছোৱালী কত গুছি গৈছিলি তই। গম পাৱ কিমান বিচাৰিছোঁ তোক। " অলপ কঠোৰভাবে কলে তাই।
"বা তুমি, মা, মা "তাই কান্দিবলৈ ললে।
"কি হল তোৰ মাৰ" ভয় খাই সুধিলে।
"মায়ে ৰেলৰ আগত জঁপিয়াই দিলে" আকৌ কান্দিবলৈ ললে তাই ।
মালিনীয়ে তাইক কিবা খুৱাই নিজৰ লগত ৰাখিবলৈ থিৰাং কৰিলে। ৰাণীৰ কাৰণে কাপোৰ আৰু চেণ্ডেল কিনি ঘৰলৈ লৈ গল। ঘৰত গা ধুৱাই মেলি বহুৱালে। আৰু সুধিলে" কি হল ক এতিয়া "
"সেইদিনা হোটেলৰ পৰা গৈ মায়ে এনেই জীয়াই থকাটোকে ভাল বুলি ভাবি ভাইটিৰ লগত ৰেলৰ আগত জঁপিয়াই দিলে। সেইদিনাৰ পৰা মই ৰেল লাইনতে থাকো। যি পাও তাকে খাও। নাপালে তেনেকেই থাকো , আজি বহুতদিনৰ মূৰত আহিছিলো ইয়ালৈ , তাত তোমাক লগ পালোঁ। "
"হব। এতিয়াৰ পৰা মোৰ লগতেই থাকিব "
তেনেতেই কলিং বেল বাজিলে।
দুৱাৰ মুখত মালিনীৰ স্বামী।
মালিনীয়ে ৰাণীৰ বিষয়ে কলে আৰু এইটোও কলে যে আজিৰ পৰা তাই মালিনীহঁতৰ লগত থাকিব আৰু স্কুল যাব।
"Bravo.....mam....well done"
"Thank you so much"
সকলোৱে ভাত খাই শুব ললে।
মালিনী ডায়েৰী লিখিবলৈ বহিল আৰু লিখিলে"আজি ৰাণীক লগ পালোঁ, আজিৰপৰা মোৰ লগতে থাকিব তাই। " লগত এটা ডাঙৰ হাঁহিমুখীয়া চেহেৰা আকিলে।
আনন্দ মনে মালিনী শুব ললেআৰু ভাবিলে"ভগৱানে চাগে তাইক ৰাণীক উদ্ধাৰ কৰিবলৈকে পঠাইছিল।"
আজি ৰাণী এগৰাকী IFS বিষয়া। তাই পাৰেমানে দুখীয়াক সহায় কৰে আৰু তেওঁলোকৰ মুখত হাঁহি বিলায়।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment