৭৮ হাজাৰ চাৰিশ ৩৮
ৰিপুঞ্জয় বৰুৱা ঋমন
সকলো শেষ হোৱাৰ পিছত আমিয়েই কওঁ
'য়দা য়দা হী ধৰ্মস্য'
যিহেতু,
আমাৰ ইয়াত এতিয়া প্ৰায়বিলাক মানুহেই মৃত
ক'ৰবাত দুই এজন বিকলাঙ্গ
সেয়ে,
আমাৰ নিচিনা দুজনমানে
সকলো জানিও একো নাজানো
সকলো দেখিও একো নেদেখো
সকলো শুনিও একো নুশুনো
কোন আমি
কণা কলা বোবা ?
নহয়, এইবোৰতকৈ অলপ তলত !
আমি একোটাহঁত শ্ল' পইজনৰ সাফৰ নথকা বটল।
দেখি থকা পাপবোৰ গাপ দিবলৈকে
আমি কৰোঁ কৃষ্ণ যজ্ঞ
অখণ্ড ভাগৱত পাঠ
সত্য নাৰায়ণ পূজা
শনি পূজা
কংসই বিচাৰে
ভোটাৰৰ ভাটৌ-আঙুলি
বিনিময়ত এৰাতিৰ আবতৰীয়া ভোগালী
আমি দিলদাৰ মানুহ, খুজিলেই দি দিওঁ
দি থাকোঁতেই সকলো লৈ গ'ল
হিতাধিকাৰী হ'বৰে পৰা
কংসৰ মিনতি আৰু অলপ হাই-ফাই হ'ল
প্ৰতিবাদ কৰি মুখ মেলিলে
ভাটৌ কিছুমানে কয়
'বেছিকৈ নেমেলিবা, উঠাই নি ভৰাই থব'
ভাটৌয়ে ক'বলৈ শিকে মানে
ঘোচ খোৱা কংসই
৭৮হাজাৰ চাৰিশ ৩৮ৰ সন্ধি কৰিব
আদানী-আম্বানীয়ে আমাৰ জীৱনী লিখিব
ভাল দিন আহিব
পকেট খালী কৰিও ভাল লাগিব।
ভাল হোৱাৰ খুচিতেই
সকলোৱে মিলি হাতচাপৰি বজা
ক্ষমতাৰ এটাই ৰং গেৰুৱা
বাকীবোৰ কলা-বগা।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment