জোতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, December 1, 2023

জোতা



 জোতা


               গায়ত্ৰী দেৱী বৰঠাকুৰ


জোতাৰ কোনো নিৰ্দিষ্ট গৰাকী নাথাকে


গৰাকী মানে ঈশ্বৰ নহ'বও পাৰে


যাৰ ভৰিত খাপ খাই পৰে

সেই ক্ষণৰে পৰা গৰাকী  সেইজনেই 


গৰাকীৰ চৰ্ত থাকে

পছন্দৰ চীল- মোহৰো থাকে


তাৰ পিছত আৰু কি ?


কেইদিনমানলৈ আটোলটোল!

(প্ৰথম প্ৰেমৰ দৰে...)


এটি  শিশুৰ দৰে আপুনি 

জোতাক তুলি- তালি ধুনীয়া কৰি ৰাখে


বাৰু 

জোতা বুলি ক'লেই কাৰ কথা মনলৈ আহে

মজুৰি নোপোৱা আপোনাৰ নামৰ সেন্দূৰকণলৈ

(উপমাৰ বৈশাদৃশ্যৰো এটা সীমা থাকিব লাগে..)


গৰাকী মানে ঈশ্বৰ নহ'বও পাৰে!


আপোনাৰ লগে লগে অলিয়ে - গলিয়ে অৰঙে দৰঙে 

জোতাযোৰ ঘূৰি থাকে????


লাহে লাহে জোতা পুৰণি হয়

পুৰণা হয় আপোনাৰ উছাহ 

আপোনাৰ  বাঢ়ে দুখ 

গোপনে!!!??


জোতাযোৰ লাহেকে মৰে 

আপোনাৰ ভৰি এৰি 

বাৰীৰ ঢাপত  নিহালি দি  শুই থাকে 


আপুনি আকৌ জোতা বিচাৰি  বিজ্ঞাপন দিয়ে  

দৰ- দাম কৰে

দামতেই মৰে


জোতা জাপানৰ চিনেমেটিক ৰাজকুমাৰৰ সুৰীয়া গান


জোতা এটা কাহিনীৰ ভিক্ষাৰী

যি মন্দিৰৰ চিৰিত ৰৈ থাকে 


ঈশ্বৰৰ দুভৰিয়ে পিন্ধিব এদিন বুলি.......


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages