উজুটি
ববী দত্ত
খলা বমা পথটোৰে গৈ আছিলোঁ পথচাৰী হৈ
দৃষ্টি মোৰ দূৰ দিগন্ত ব্যাপি
আকাশৰ সীমনাত জীৱনৰ মেপ আঁকি।
চোঁচৰাই চোঁচৰাই পিন্ধা চেণ্ডেলযোৰৰ এপাতত
ফুটা এটা ওলাল। সুহুৰি এটা বজাব পৰাকৈ
মাটি আৰু শিল গণিব পৰাকৈ
যোগ বিয়োগ পূৰণ হৰণ উপাৰ্জনৰ হিচাপ কৰোঁতে
কঙাল অংক এটাই গা টঙালে জিভাত।
হঠাতে খোৱা উজুটিত ফৰিং চিটিকা দিলে
বাওঁ ভৰিৰ নখ
খঙত ভৰিৰ চেণ্ডেল দলিয়াই
প্ৰতিশোধৰ বক্তৃতাৰ ফুলজাৰী মাৰোতেই
থেতালিলে শামুকীয়া মগজ এটা স্বাস্থ্যবান প্ৰশ্নই
প্ৰকৃততে দোষী কোন ?
চেণ্ডেল নে ৰাস্তা ?
শিল নে ভৰি ?
খোজ নে সময় ?
চেণ্ডেলক দোষী সাব্যস্ত কৰিব নোৱাৰি
উজুটিৰ বাবে
পুৰণা হলে ফুটাৰে মাটি লিখাটো তাৰ
স্বভাৱগত কৰ্ম।
ৰাস্তাৰ কোনো দোষ নাই
ডাঙৰ সৰু সকলো শিলকে বুকুত সাৱতে সদায়
শিল নহলে বোকাই তাৰ বুকুত গা ঘেলাই।
শিলৰ কোনো দোষ নাই
ওখ শিলত মানুহে নিজেই উজুটি খায়
চাপৰ শিল নহলে ওখ শিলৰ মূল্য নাই।
ভৰিও নিৰ্দোষী ! কিমান সহিব শৰীৰৰ ভৰ
সময়ে খোজ লেখে নিৰ্বিবাদে
সোঁ বাওঁ,
দ বাম
জোঙা ধাৰাল শিলৰ অত্যাচাৰ ভৰিৰ পতাত।
উজুটিৰ কাৰণ আজিও নুবুজিলোঁ !
কাকনো দোষ দিম সময়ক সুধিলোঁ।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment