তিৱা সংস্কৃতিৰ বিকৃতকৰণ সন্দৰ্ভত
জনাৰ্দন পাটৰ মচৰং
সংস্কৃতিক বিকৃতকৰণ সাম্প্ৰতিক বিশ্বয়ন আৰু আধুনিকতাৰ যুগত এক ব্যধি ৰূপে পৰিগণিত হৈছে। সাংস্কৃতিক বিকৃতকৰণে এটা জাতিৰ মেৰুদণ্ডত আঘাত কৰে। আৰু এই বিকৃতকৰণ ক্ৰমাৎ বাঢ়ি থাকিলে সেই সংস্কৃতিৰ স্বকীয়তা হ্ৰাস পায়। যিহেতু সংস্কৃতি হৈছে এটা জাতিৰ পৰিচায়ক। গতিকে সংস্কৃতিৰেই যদি স্বকীয়তা হেৰাই তেন্তে জাতিৰ অস্তিত্ব ৰবগৈ নে? আৰু সেই বিকৃতকৰণ যদি অভিজ্ঞ লোকৰ দ্বাৰা হয় তেতিয়া ই আৰু চিন্তনীয় বিষয় হৈ পৰে।
তিৱা জনগোষ্ঠীৰ সংস্কৃতি অতি চহকী। জনগোষ্ঠীটোৰ অধিকাংশ নৃত্য বা সংস্কৃতিয়েই আজিৰ তাৰিখত বহুলভাৱে প্ৰচাৰ প্ৰসাৰ হোৱা নাই। অৱশ্যে এচাম সংস্কৃতিবান লোকৰ প্ৰচেষ্টাত তিৱাসকলৰ কেইটিমান গীত, নৃত্যই বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে অন্যতম বৰত গীত- নৃত্য, লাংখন গীত- নৃত্য, লালী হিলালি গীত ইত্যাদি। এইসমূহৰ উপৰিও তিৱাসকলৰ বহু নৃত্য, গীত আছে। চগ্রা নৃত্য, মাইৰাৱা নৃত্য, মাই পথালা নৃত্য, মুইনাৰি কাণ্ঠি নৃত্য, নখা চঙা গীত, নুনাই খৰলেৱা গীত, পাণ্ঠাই ৰজৱা গীত, খৰলা ৰজৱা গীত, গদালবৰীয়া গীত ইত্যাদি। এতিয়া কথাটো হল এইসমূহৰ যিসমূহ নৃত্য- গীতে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে সেইসমূহ নৃত্য, গীতক লৈ বিভিন্ন ঠাইত কৰ্মশালা সমূহ অনুষ্ঠিত হৈ আহিছে। কিন্তু পৰিতাপৰ বিষয়টো হল বহু কৰ্মশালাত তিৱা জনগোষ্ঠীৰ নৃত্য, সাজপাৰ, বাদ্যযন্ত্ৰ আদি ভূল ভাৱে উপস্থাপন কৰা পৰিলক্ষিত হয়। যোৱা কেইমাহ মানৰ আগত অৰ্থাৎ ২০২৩ বৰ্ষত ডিব্ৰুগড় জিলাৰ অন্তৰ্গত এটা বিধান সভা সমষ্টিত অসম চৰকাৰৰ গ্ৰীষ্মকালীন কৰ্মশালাত তিৱা নৃত্যক কৰ্মশালাৰ বিষয় হিচাপে লৈছিল। ই ভাল কথা। কিন্তু সামাজিক মাধ্যম আৰু সংবাদ মাধ্যম যোগে দৃষ্টিগোচৰ হল যে কিদৰে সেই কৰ্মশালাটোত তিৱা নৃত্য আৰু সাজপাৰ বোৰ বিকৃতকৰণ কৰিলে। ই এক চৰম দুৰ্ভাগ্যৰ বিষয়। অন্ততঃ চৰকাৰী পৃষ্ঠপুষকতাত অনুষ্ঠিত কৰ্মশালা এটাত এনে বিসংগতি হব নালাগিছিল। ব্যৱস্থাপনাৰ দায়িত্বত থকা বিভাগীয় কৰ্তিপক্ষই বিষয়টো গুৰুত্ব সহকাৰে লৈ তিৱা সংস্কৃতিৰ সঠিক উপস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল। এনে বিষয়বোৰে তিৱা সচেতন মহলৰ মনত আঘাত দিয়ে। ডিব্ৰুগড়ৰ সেই কৰ্মশালাটো এটা উদাহৰণহে। গুৱাহাটী মহানগৰৰ এখন নাম থকা মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা এটাত তিৱা সাজ- পাৰৰৰ ভূল উপস্থাপনৰ বিৰুদ্ধে তিৱা যুৱচামে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। মহাবিদ্যালয় খনৰ এগৰাকীয়ে মোক মেচেজ কৰিছিল “ আপোনালোকে অসমীয়া গামোচা খনক আদৰ নকৰে নেকি?” মই কিদৰে ৰিপ্লাই দি বুজাও। তথাপিও ক’লো যে সমস্যা অসমীয়া গামোচা খন বা অন্য ৰঙৰ কাপোৰত নহয়। সমস্যা হৈছে তিৱা কাচ্যং ৰ সলনি অন্য মেখেলা, ফাচকাইৰ সলনি গামোচা খন বা অন্য ৰঙৰ বস্ত্ৰ পৰিধান কৰা আৰু নাৰাৰ সলনি অন্য কাপোৰ কঁকালত মেৰিয়াই লোৱাটোহে। ঠিক একেদৰে যুৱকৰ বস্ত্ৰ তাগলৰ ঠাইত অন্য জেকেত লগাই পৰিৱেশন কৰাটোহে।
সাজ- পাৰৰ উপৰিও বহু ঠাইত বাদ্য যন্ত্ৰৰ ক্ষেত্ৰতো বিকৃতকৰণ হোৱা পৰিলক্ষিত হয়। যেনে বৰতত ব্যৱহৃত ‘ পাতিঢোল’ তিৱাসকলৰ এক নিজা বৈশিষ্ট্য থকা ঢোল। যাক তিৱা ভাষাত ‘ খ্ৰাম পাতি’ বোলা হয়। যেতিয়া এই ঢোলৰ পৰিৱৰ্তে বৰত নৃত্যত বিহু ঢোলটি বজোৱা হব ই ভূল উপস্থাপন কৰা নুবুজাব নে? কাৰণ পাতি ঢোলৰ শব্দ আৰু নিৰ্মাণ পদ্ধতিৰ এক স্বকীয়তা আছে। ঠিক একেদৰে লাংখন নৃত্যত খ্ৰাম লুডাঙৰ পৰিৱৰ্তে অন্য ঢোল যদি ব্যৱহাৰ কৰে সেয়াই হব বিকৃতকৰণ। অসমৰ বহু মঞ্চত এই ভূল উপস্থাপন পৰিলক্ষিত হৈ আছে। অসমৰ বহুকেইগৰাকী জনপ্ৰিয় সংগীত শিল্পীয়ে তিৱাৰ লগতে অন্য কিছু জনগোষ্ঠীৰ সংস্কৃতিক ভুলভাৱে পৰিৱেশন কৰি অহা পৰিলক্ষিত হয়। ই এক দুৰ্ভাগ্যজনক বিষয়। ইয়াৰ বাবে জগৰীয়া কিছু পৰিমাণে জনগোষ্ঠী টোৰ লোকসকলো। বহু ক্ষেত্ৰত ভূল ব্যাখ্যা আৰু সহযোগিতাৰ বাবেও এনে ৰূপ পায়। ইয়াৰে কিছু ভূল স্বাভাৱিক যদিও মুখ্য ভূল সমূহ কেতিয়াও গ্ৰহণ যোগ্য হব নোৱাৰে। গতিকে এই ক্ষেত্ৰত তিৱা লোকসকল আৰু বিশেষকৈ যুৱচাম সচেতন হোৱাৰ প্ৰয়োজন। লগতে চলি থকা বিকৃতকৰণ বোৰ ৰোধৰ বাবেও এক ব্যৱস্থা হাতত লোৱাটো আৱশ্যক। তিৱা সংস্কৃতিৰ ক্ষেত্ৰত হৈ থকা ভূল উপস্থাপন বোৰ এখন বোৰ্ড গঠনৰ দ্বাৰাও ৰোধ কৰাৰ থল আছে। তেতিয়া অন্ততঃ জনগোষ্ঠীটোৰ সংস্কৃতি সঠিক ৰূপত উপস্থাপন হৈ থাকিব আৰু স্বকীয়তা বৰ্তি থাকিব।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment