অই নিঃতম আৰু বিহুগীতৰ লগত ইয়াৰ সাদৃশ্য
কল্পনা দলে পাংগিং
উত্তৰ লখিমপুৰ
অইনিঃতম
মিচিং লোকগীতৰ আটাইতকৈ জনপ্ৰিয় আৰু প্ৰধান ভাগটো হ'ল অইনিঃতম। মুখে মুখে প্ৰচলিত হৈ অহা অইনিঃতমত মিচিং সকলৰ প্ৰাণৰ সুৰ, বুকুৰ হুমুনিয়াহ নিৰ্গত হয়। শ্ৰমজীৱি চহা মিচিং লোকসকলৰ প্ৰকৃতিৰ স'তে নিবিড় সম্পৰ্ক। জীৱন ধাৰণৰ বাবে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল। দেহৰ ঘাম মাটিত পেলাই শ্ৰমজীৱি জীৱনৰ দুখ - ভাগৰ, প্ৰেম-বিৰহ, মিলন-বিচ্ছেদ, ৰং- আনন্দ আদিৰ স্বতঃস্ফূৰ্ত আৰু নিৰ্মল প্ৰকাশেই অইনিঃতম। সুৰৰ লালিত্য, ভাৱৰ মাধূৰ্য আৰু প্ৰকাশভঙ্গীৰ সাৰল্য অইনিঃতমৰ প্ৰধান বৈশিষ্ট্য। অইনিঃতমৰ সুৰৰ লালিত্যত মিচিংসকলৰ কথাটো বাদেই, মিচিং ভাষা বুজি নোপোৱা অনামিচিংসকলকো বিগলিত কৰে, বিমুগ্ধ কৰে, প্ৰাণত অবুজ শিহৰণ তোলে,উন্মনা কৰে,অবুজ- অজানা ভাৱত আনমনা কৰি তোলে।
মিচিং সমাজত এনে এজন ব্যক্তি নোলাব যিয়ে অইনিঃতম বেয়া পায়, অইনিঃতমৰ সুৰৰ লহৰত পুলকিত হোৱা নাই, মনে মনে কেতিয়াবা অই নিঃতম গুণ গুণাই পোৱা নাই। যিয়ে অইনিঃতমৰ আদৰ নাজানে, অইনিঃতমৰ সুৰত পুলকিত নহয়, তেওঁ তেজেৰে মিচিং হ'লেও প্ৰাণেৰে মিচিং নহয় বুলিব পাৰি। প্ৰকৃতিৰ সন্তান মিচিংসকলৰ প্ৰাণে প্ৰাণে, বুকুৱে বুকুৱে, সুখে- দুখে, ৰঙে- উৎসৱে স্বতঃস্ফূৰ্তভাৱে নিগৰি অহা প্ৰধান কথা আৰু সুৰেই হ'ল অইনিঃতম। প্ৰকৃতিৰ স'তে ওমলি-জামলি থকা চহা আৰু সৰল মিচিংলোকৰ প্ৰাণৰ পৰা নিৰ্গত অইনিঃতমবোৰ প্ৰকৃতিৰ দৰেই নিৰ্মল। অইনিঃতম যৌনগন্ধী নহয়, ইয়াত প্ৰাণৰ আকুলতা, বুকুৰ নিৰ্মলতা, প্ৰেমৰ পৱিত্ৰতা প্ৰকাশ পায়। অইনিঃতমত যদিও প্ৰিয়তমাৰ প্ৰিয়তমৰ দৈহিক সৌন্দৰ্য সুষমাৰ বৰ্ণনা থাকে, তথাপি ই যেন দেহজ নহয় প্ৰেমিক হৃদয়ৰ প্ৰাণৰ আকুলতা, বুকুৰ উন্মনাহে প্ৰকাশ পায়। যৌনতাৰ মুক্ত প্ৰকাশ বা অশালীনতাৰ স্থান অইনিঃতমত নাই যেন লাগে। অইনিঃতম সৰল প্ৰাণৰ নিৰ্মল নিশ্বাস যেন অনুভূত হয়। শ্ৰমজীৱি চহা মিচিং জনজীৱনৰ সৰল প্ৰাণৰ পৰা নিগৰি অহা ই যেন সুষম লোকগীতি।
শিক্ষাবিদ, মিচিং ভাষা সংস্কৃটিৰ গৱেষক টাবুৰাম টাইদৰ ভাষাত- "মিচিং জন-গীতৰ প্ৰধান ভাগটোৱেই হ'ল- অইনিঃতম। 'অই' শব্দৰ অৰ্থ 'চেনাই', 'সোণ', 'বাপু' 'মইনা', আদি অন্তৰ পৰশা ' মৰমৰ বোকোচা' বব নোৱাৰি সৰি পৰা শব্দ। কাজেই অইনিঃতমৰ অৰ্থ চেনাইৰ গীত, সোণটিৰ গীত, মইনাৰ গীত আদি হ'ব লাগিছিল, কিন্তু ই নহৈ সাধাৰণতে অইনিঃতম মানে বুজায় প্ৰিয়তমে প্ৰিয়তমাক অথবা প্ৰিয়তমাই প্ৰিয়তমক কেন্দ্ৰ কৰি বা উদ্দেশ্য কৰি গোৱা গীত আৰু হ'ব পাৰে প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা। থোৰতে বনগীতে অসমীয়া জনগীতত যি ভাৱৰ হিল্লোল তোলে অইনিঃতমেও তেনে এটি ভাৱৰেই তৰঙ্গ জন্মায়।"
ড° লীলা গগৈৰ ভাষাত ক'বলৈ হ'লে - " যৌৱন জীৱনৰ অনাহুত অতিথি। জীৱনলৈ অনাগত যৌৱন আহে অনাহুত হৈ"। অনাহুত যৌৱনৰ এনে মনমতলীয়া পৰিবেশতেই মিচিং ডেকা গাভৰুৱে অইনিঃতমৰ সুৰেৰে মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰি মিলনৰ সপোন ৰচি প্ৰতিজ্ঞাবদ্ধ হয় কোনোবা নিৰ্জন নৈৰ পাৰত।
কাজৗ অইয়া মলাজৗ
আজ্জিদাগ্গম্ অকুম্ক:
আঃনৗ আচি বিদ্কাম্পৗ
লৗকঃপৗ দুঃব-চুলাঃপৗ।
(আহা ! সৰুকৈ এখনি ঘৰ সাজিম। নদীৰ সোঁতৰ দৰে দুয়ো সদায় একেলগে থাকিম।)
অধ্যাপক নাহেন্দ্ৰ পাদুনৰ ভাষাৰে - “অইনিঃতমৰ অৰ্থঃ- 'অইনিঃতম' দুটি পদৰ সমষ্টি। মিচিং ভাষাত 'অই' শব্দই সম্বোধনত মৰমৰ, চেনেহৰ, প্ৰিয়জন ইত্যাদি বুজায়। বক্তাজনতকৈ বয়সত সৰু হ'লে যিকোনো ব্যক্তিকেই মৰমেৰে 'অই' সম্বোধন কৰি মাতিব পাৰে। আনফালে প্ৰেমিক বা প্ৰেমিকাকো অন্তৰৰ অতি আপোন ভাবি 'অই' সম্বোধন কৰা দেখা যায়। এই অৰ্থত 'অই' শব্দই প্ৰেমিক বা প্ৰেমিকাক বুজায়।
'নিঃতম' শব্দত দুটি অক্ষৰ আছে। √ নিঃ ধাতু- নিচুকুৱা; মৰমৰ গীত গাই ভুলোৱা। 'তম' প্ৰত্যয় - উদ্দেশ্য, যাক উদ্দেশ্য কৰি গোৱা হয়। অৰ্থাৎ যাক উদ্দিশ্য কৰি গোৱা হৈছে। গতিকে অইনিঃতম সমস্ত পদৰ অৰ্থ হ'ল - প্ৰেমক উদ্দেশ্য কৰি গোৱা গীত বা প্ৰেমৰ গীত। অসমীয়া বনগীত, বিহুগীত বা বনঘোষাৰ ভাৱ-ভাষাৰ লগত অইনিঃতম সমতুল্য।
কোনো কোনো উপভাষাত অইনিঃতমক 'আবেঃ বুলিও কোৱা হয়। আবেঃৰ 'আ' বিশেষ্য বাচক উপসৰ্গ, √ বেঃ- মাত, শব্দ সুৰ ৷ অৰ্থাৎ লগাই গোৱা কথা বা সুৰ। 'আবে' অইনিঃতমৰ সমাৰ্থক শব্দ।"
অইনিঃতম্ মূলত প্ৰেম বিষয়ক যদিও ইয়াত সমসাময়িক জনজীৱনৰ সামাজিক চিত্ৰ, ৰাজনৈতিক পটভুমি, প্ৰকৃতিৰ ৰূপ মাধুৰ্য আদিও প্ৰকাশ পায়। মিচিং সমাজৰ এনে এটি বিষয় নাই যি অইনিঃতমত ঠাই নাপায়।
অইনিঃতমত ৰচকৰ নাম নাথাকে। ই মুখে মুখে বাগৰি অহা জনগীতি। কোনোবা অখ্যাত কবিৰ বুকুৰ স্পন্দনত নিগৰি ওলোৱা এই অইনিঃতমৰ ৰচক কোন বা ইয়াৰ উৎপত্তি ক'ত কেতিয়া হৈছিল ক'ব পৰা নাযায়। অইনিঃতম যিয়ে গায় তেওঁৰ বুকুৰ স্পন্দন, অন্তৰৰ ভাষা, প্ৰাণৰ সুৰ হৈ উঠে। ই শুনোতাৰো হৃদয়ৰ ভাষা, প্ৰাণৰ সুৰ, বুকুৰ স্পন্দন হৈ অইনিঃতমৰ ভাৱৰ স'তে একাত্মক হৈ উঠে।
ইয়াৰ ভাব ভাষালৈ চাই ই বৰ বেছি পুৰণি নহয় অবাৰ্চীন যেন লাগে। ড° গণেশ পেগুৰ মতে, "পুৰণি কালত গোৱা মিচিং কাবান আৰু আঃবাং নিঃতমসমূহৰ বিৱৰ্তনৰ পৰিণতিত অইনিঃতমৰ সৃষ্টি হোৱা স্বাভাৱিক।"
মিচিংসকল ভৈয়ামলৈ আহি অসমীয়া ভাষা সংস্কৃতিৰ সংস্পৰ্শলৈ আহে। ফলত সহজ সৰল জনজীৱনৰ জনগীতি অইনিঃতমতো ইয়াৰ প্ৰভাৱ নপৰাকৈ থকা নাই।
"কাবুলি গাতৰই বদ্নামই কনেঙা
কাবুলি গাতৰই বদ্নাম্
যিমানেই লগালি মৰমই কনেঙা
লগালি অৰিলত জুই "।
" বিদিঃমৗ দোষিঅ বিদাতামৗ দোষিঅ
কাজে অই দোষিলাই নাম্য়ৃন্ কম্পাল্ চৗম্ ৷"
এই অইনিঃতম দুটিত ব্যৱহৃত গাত, অৰিলত, বিদি, বিদাতা, দোষি, কম্পাল্ আদি শব্দ অসমীয়া ঘাট, শৰীৰ, বিধি, বিধাতা, দোষ, কপাল আদি শব্দৰ মিচিং ৰূপ মাত্ৰ ৷
ভাব-ভাষা আৰু ৰচনা পদ্ধিতত অসমীয়া বনগীত আৰু বিহুগীতৰ লগত সামঞ্জস্য থাকিলেও সুৰৰ ক্ষেত্ৰত অইনিঃতম একক, অনন্য আৰু স্বকীয়তা বিদ্যমান হয়। ভাৰতবৰ্ষৰ কোনো এটা লোকগীতৰ লগত অইনিঃতমৰ সুৰৰ তিলমানো সাদৃশ্য নাই।
বিহুগীতৰ লগত ইয়াৰ সাদৃশ্যঃ
ড° গণেশ পেগুৰ মতে, "অইনিঃতমৰ উৎপত্তি আৰু বিকাশত বিহুগীতৰ প্ৰভাৱ সুদুৰ প্ৰসাৰী।"
হেমাংগ বিশ্বাসৰ ভাষাৰে - " যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত, সি নাই বিহুগীতত।" এইখিনি অইনিঃতমৰো চৰিত্ৰ। যদিও অইনিঃতম মূলত প্ৰেমমূলক, মিচিং সমাজৰ পটভূমিত ৰচিত হ'লেও ইয়াত সমসাময়িক সমাজ জীৱনৰ চিত্ৰ, ৰাজনৈতিক পটভূমি, অৰ্থনৈতিক জীৱন, ভৌগোলিক আৰু প্ৰাকৃতিক বৰ্ণনা, জাতীয় জীৱনৰ চিত্ৰৰ আভাস পোৱা যায়।
হেমাংগ বিশ্বাসৰ ভাষাৰে - "শ্ৰমশীল জীৱনৰ প্ৰতি অসীম মমতা- এয়াই হ'ল বিহুগীতৰ দৰ্শন। " ঠিক তেনেকৈ শ্ৰমজীৱি চহা প্ৰকৃতিপ্ৰেমী মিচিংলোকৰ ভাৱ বিলাসী সৰল প্ৰাণৰ নিভৃতম কোণৰ পৰা নিগৰি অহা হৰ্ষ-বিষাদ, হাঁহি-কান্দোন, প্ৰেম- ঘৃণা, আশা-নিৰাশা, মিলন-বিচ্ছেদ, আবেগ-অনুভূতি আদিৰ সুৰীয়া আৰু ভাষাময় অভিব্যক্তিয়েই হ'ল নিঃতম।
বিহুগীতৰ দৰে অইনিঃতমত প্ৰেম অবাধ, কিন্তু ই দেহজ নহয়। প্ৰেয়সীৰ ৰূপ যৌৱনৰ মুক্ত বৰ্ণনা থকা স্বত্বেও ই অশালীন নহয়।
প্ৰেয়সীৰ ৰূপ সৌন্দৰ্যত বিমুগ্ধ হৈ উন্মনা মিচিং ডেকাই অইনিঃতম জুৰিলে -
অইনঃ কাংকান্ কাঃয়ুম্দাগ
গৗনৗ নৗচৰ চৰয়ুম্ দাগ্
অইনক্ বৗৰ্য়ৗম্লা কাঃনাম্দৗ
ঙক্কৗ আচিন্ ৰংকিঃদাগ্।
(হে প্ৰিয়া, তুমি ইমান ধুনীয়া যে চালে চাই থাকিবৰ মন যায়। চাই থাকোতে তোমাৰ দেহৰ পৰা অইন কোনোবা ৰূপৱতী গাভৰুৱে মুহূৰ্ত্তৰ বাবে দেখা দি আকৌ তোমাৰ দেহত লীন হৈ যোৱা যেন অনুভৱ কৰিছোঁ। তোমাৰ বেকাকৈ চাৱনিত মোৰ কলিজা দহিছে।)
ঠিক তেনেকৈ প্ৰেয়সীৰ ৰূপত বিমুগ্ধ ডেকাই বিহুনাম জুৰিলে -
কিমান যে শুৱলা তোমাৰ মাত লাহৰী
কিমান যে শুৱলা মাত,
পকা থেকেৰা যেন তোমাৰ গাল দুখনি
ডালিমৰ গুটি যেন দাঁত।
বিহুগীতৰ দৰে অইনিঃতমৰ প্ৰৱাহমানতা মৌখিকতা আৰু নৈৰ্ব্যক্তিকতাৰ বৈশিষ্ট্যৰে উজ্জ্বল। বিহুগীত বা অইনিঃতমৰ উৎপত্তি ক'ত কেতিয়া হৈছিল সঠিককৈ ঠাৱৰ কৰিব নোৱাৰি। ৰচকৰ নামো নাথাকে। অখ্যাত কবিৰ মুখে মুখে বাগৰি অহা জনমুখী লোকগীতি। যিয়ে গায় তেওঁৰে বুকুৰ ভাষা হৈ পৰে।
প্ৰেয়সীৰ অপূৰ্ব সৌন্দৰ্যৰ মাদকতাত আত্মবিস্মৃত প্ৰেমাস্পদে অইনিঃতম জুৰিলে -
দঃঞিবৃ চাঃদুনৗ লৃঃজৃগঃই লৃঃজৃগ্লা
মৗঃনাম্ অইবৃ লেন্দুঃনৗ গৗজুবঃই গৗকাব্লা ৷
(সূৰুযে ৰঙীন বোল সানি উদয়াচলত দেখা দিছে। মোৰ মানস-ৰাণীও সুন্দৰ হৈ ওলাইছে নানা বুলীয়া সাজ পিন্ধি।)
ঠিক তেনেদৰে প্ৰেয়সীৰ ৰূপত বিমুগ্ধ প্ৰেমাস্পদে বিহুগীত জুৰিলে -
ওখকৈ বান্ধিলি দীঘল চুলিটাৰি
ৰিহাটো পদুমৰ পাহি
তোৰে ঐ মুখখনি চন্দ্ৰমাৰ নিচিনা
বামি মাছৰ দৰে চুলি।
যেতিয়া চহা গাঁৱলীয়া মিচিং ডেকা-গাভৰুৰ জীৱনলৈ যৌৱনৰ দোকোলটকা বান নামি আহে, তেতিয়াই পীৰিতিয়ে হাত বাউল দি সম্ভাষণ জনায়। পৰিশ্ৰমী, কষ্টসহিষ্ণু মিচিং ডেকাৰ মনৰ ভাৱ মুকলিলৈ প্ৰকাশ কৰে -
গৰু আঃলৗম্ লাগিমাং
মেন্জেক্ আঃলৗম্ লাগিমাং
ঙক্কৗ অইমৗ পাঃমৃলঃ
কুয়াব্ তাগ্লা দবঃপৗ ৷
(খেতি কৰি খাবলৈ মোক গৰু হাল নালাগে, মহৰ হালো প্ৰয়োজন নাই। কিন্তু মোৰ মৰমীৰ স'তে যদি মোৰ মিলন হয় তেন্তে কোৰেৰেই খেতি কৰি খোৱাম।)
এই সকলোবোৰ সমাজৰ ডেকাৰ মনত জাগি উঠা সপোন বিলাস। সেয়ে এনে ভাৱৰ উক্মুকনি অসমীয়া বিহুগীততো প্ৰকাশ পাইছে -
"কালৈ ঘটিম মই
ধনে মোৰ লাহৰী
কালৈ ঘটিম মই ধন।
তেজক পানী কৰি
হাড়ক মাটি কৰি
তোলৈ ঘটিম মই ধন।
বিহুগীত আৰু অইনিঃতমত ভৌগোলিক পৰিসৰঃ
বিশাল অসমৰ ইমুৰত শদিয়া আৰু সিমুৰত ধুবুৰী, পথিকৰ বাবে বহুদূৰ হ'লেও আমাৰ ডেকা-গাভৰুৰ প্ৰেমৰ আৱেগত তেনেই ওচৰ। সেয়ে আমাৰ ডেকাই বিহুগীত আৰু অইনিঃতমত শদিয়াৰ দূৰত্বৰ উপমাত নিজৰ ৰজিতা খোৱাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে -
উজনি উজনি ভটিয়াই নামনি
শদিয়া কেইদিনৰ বাট;
মাতিলে নমতা হ'লি ঐ লাহৰী
অগনি জ্বলিছে গাত।
অদিয়াত্ দুদাগ্গম্ বুৰুলিবঃ দুদাগ্গম্
অয়ি ঙঞিক্ আগম্ দৗম্ পাঃমৃন্ চুলাঃপৗ।
(দূৰণিৰ শদিয়াত থাকিলেও বুৰুলীত থাকিলেও আমি আমাৰ বতৰা সদায় পাই থাকিম।)
নদীক উপমা কৰি আমাৰ বিৰহ-বিৰহিনী প্ৰেমিক বা প্ৰেমিকাই বিৰহী মনৰ সকৰুণ বেদনাৰাশিৰ অকপট অনুভূতি অইনিঃতম আৰু বিহুগীতৰ মাজেদি প্ৰকাশ কৰিছে -
দন্শিৰি দলঃবৗম্ চিৰিপাদৗম্ য়ুদ্কম্তঃ
অইয়াঙয়িক্ লাম্তৗদৗম্ অতুৰুঙৗ দাগ্কম্তঃ।
(ধনশিৰি দলংখন দাং দি বন্ধ কৰাৰ দৰে তোমাৰ মোৰে বাট শতৰুৱে বন্ধ কৰিলে।)
ধনশিৰি দলংখন
বান্ধিলে চেনাইকণ
লোহাৰে শলখা মাৰি
আমাৰ বান্ধিলে সমাজৰ বান্ধোনে
দুটি দেহা দুফালে কৰি।
অপূৰ্ণ আশাত বন্দী বিৰহী প্ৰেমিকে চৰাইক প্ৰতীকি কৰি মনৰ বেদনা অইনিঃতম আৰু বিহুগীতৰ মাজেদি প্ৰকাশ কৰে -
পৗকৃঃতমানৗ পৗত্তাং তমানৗ
আলাবই কামানৗ লাব্লৃগ্ চুপৗবং
অইনম্ কালৃঃদঃ কাবেগ্ তমানৗ।
( কপৌ চৰাই নহ'লোঁ নাইবা আন চৰায়ো নহ'লোঁ। তেনে হোৱা হ'লে মোৰ উৰি যাবলৈ ডেউকা থাকিলেহেঁতেন। হে মোৰ প্ৰিয়া ! তৃষ্ণাতুৰ নয়নে তোমাক যথা সময়ত দৰ্শন কৰিব নোৱাৰিলোঁ।)
আচি চিঃপুদ্ জুঃৰ্মা ৰাঃম্কঙ্ জুঃৰ্মা
আক্কঙই দেয়ামা আজনৗম্ জন্গুমাং।
(হে প্ৰিয়া ! পানীৰ ফেনত থকা একে জলকণা নহ'লোঁ আৰু চাকৈ চকোৱাও নহ'লোঁ, একোটি শৰীৰ হোৱা হ'লেহে তুমি আৰু মই পীৰিতি বান্ধিব পাৰিলোঁহেঁতেন।)
হাঁহ হৈ পৰিমগৈ তোমাৰে পুখুৰীত
পাৰ হৈ পৰিমগৈ চালত,
মাখি ৰূপে ধৰি চুমা খাই আহিমগৈ
তোমাৰ কুমলীয়া গালত।
চেনাইক নোপোৱাৰ বিৰহিনী বেদনাত যেতিয়া মন অস্থিৰ হৈ উঠে তেতিয়া য'তে ত'তে চেনাইৰ ছাঁটোকে দেখে, গাভৰু মনৰ অস্থিৰ ভাবনা অইনিঃতম আৰু বিহুনামৰ মাজেদি প্ৰকট হৈ উঠে।
অৱনৰি কৗৰৗদঃ আচৗম্ তৃঃলৃল পুম্চাদম্
লাক্কে পংকেপ্-পংকেপ্লঃ অইনক্ য়াল্লম্ কাঃপাদুং।
(তৃষ্ণাতুৰ মূহূৰ্ত্তত সোৱণশিৰিৰ পাৰত থিয় হৈ পানী খাবলৈ হাত জুবুৰিয়াওঁতে আঙুলিৰ ফাঁকে ফাঁকে তোমাৰ প্ৰতিচ্ছবি মই দেখিব লাগিছোঁ।)
চিৰিপ চিৰিপ কৰি
কাপোৰ ধুই আছিলোঁ
চিৰি লুইতলৈ চাই,
চিৰিলুইততে কিৰিলি পাৰিয়ে
চেনাই নাৱে মেলি যায়।
এনেদৰে ফঁহিয়াই চালে দেখা যায় ভাব-ভাষা, বিষয়বস্তু আৰু প্ৰকাশভঙ্গীৰ ফালৰ পৰা বিহুগীত আৰু অইনিঃতম প্ৰায় সমতুল্য। অৱশ্য সুৰৰ ফালৰ পৰা অইনিঃতম্ স্বকীয় আৰু একক বুলি ক'ব পাৰি।
বিহুগীত আৰু অই নিঃতমৰ পটভুমি প্ৰেম আৰু প্ৰকৃতি। কেঁচা মটিৰ গন্ধৰে ভৰা সৰল লালিত্যৰ মাধুৰীমা ইয়াৰ বৈশিষ্ট্য। দুখৰ বিষয় বৰ্তমান আধুনিকতাৰ প্ৰভাৱত বিহুগীত আৰু অইনিঃতমে যেন প্ৰকৃতিৰ ৰূপ ৰস গন্ধৰ পৰা আঁতৰি আহি কোনোবাখিনিত নিজস্ব গৰিমা হেৰুৱাবলৈ যেন আৰম্ভ কৰিছে। যিটো লোকগীতিৰ বাবে শুভলক্ষণ নহয়।
আই লাভ ইউ, জাৰৰ দিনত জুতি ল'বি কেঁথা- কম্বল লৈ আদি শব্দৰে বিহুগীতৰ সৰল লালিত্যত আঘাত সনাৰ দৰে অইনিঃতমতো আধুনিকতাৰ প্ৰভাৱত ইয়াৰ স্বাভাৱিক চহা মাধুৰ্য্যত বাধাগ্ৰস্ত হোৱা যেন অনুভৱ হয়।
আৰমনিয়ৗম্ লাগিমাং কলগানৗম্ লাগিমাং
অইনক্ লৃংগং গমুগ্দৗ আচিনাঙৗম্ দয়ুগ্দুং।
(হে প্ৰিয়া ! হাৰমনিয়াম নতুবা গ্ৰাম’ফ'নৰ কোনো আৱশ্যক নাই। তোমাৰ কণ্ঠস্বৰেই মোৰ হিয়া হৰিব লাগিছে।)
এনেদৰে পুৰণিৰ পৰা নতুনলৈ বিহুগীত আৰু অইনিঃতমৰ সাদৃশ্যতাৰ ধাৰাবাহিকতা বিদ্যমান।
(বিঃদ্ৰঃ সহায়ক গ্ৰন্থ 'মিচিং সংস্কৃতিৰ আলেখ্য' ড° গণেশ পেগুৰ ' মিচিং জন সাহিত্য'।)
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment