অসমৰ গীত-মাত
জয়শ্ৰী শইকীয়া
কল্পতৰু, যোৰহাট
সাহিত্য সংগীত কলা বিহীন ৷
সাক্ষাৎ পশুপুচ্ছ বিষাণহীন ৷৷
সকলো কলাৰ ভিতৰত সংগীত হ'ল সবাতোকৈ শ্ৰেষ্ঠ৷ মানুহৰ শৰীৰৰ অভ্যন্তৰৰ সুপ্ত অৱস্থাত সঞ্চিত থকা ইচ্ছাশক্তি জাগ্ৰত হৈ প্ৰাণ বায়ুৰ সৈতে চেতনাৰ সূক্ষ্ম স্তৰ সমূহ অতিক্ৰম কৰি কণ্ঠৰ দ্বাৰা সুৰৰ ৰূপত নিৰ্গত হোৱা ধ্বনিতে সংগীত সৃষ্টি হয়৷ মানুহৰ শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনৰ বাবে সংগীততকৈ শ্ৰেষ্ঠ উপাদান একোৱেই নাই৷ অসম গীতি সাহিত্যত চহকী দেশ৷খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ বৰগীতকে মূখ্য কৰি অসমৰ সংগীত জগতখনত বৰ্তমানলৈকে বহু গায়ক ,গীতিকাৰ আৰু সুৰকাৰৰ সমাবেশ ঘটিছে আৰু আমি আশাবাদী আজিৰ নৱ প্ৰজন্মৰ পৰাও সৃষ্টি হওক হাজাৰজন প্ৰকৃত শিল্পী, হাজাৰজন বিষ্ণু-জ্যোতি আৰু হাজাৰজন সুধাকণ্ঠৰ দৰেই অসম অনুৰাগী হৃদয়ৰ শিল্পী ৷
অসমৰ গীত-মাতৰ এক চমু অৱলোকন :
(১)বৰগীত :- মহাপুৰুষ শংকৰদেৱ আৰশ তেওঁৰ শিষ্য মাধৱদেৱে বৈষ্ণৱ ধৰ্মমত জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গীত-পদৰ যি আশ্ৰয় লৈছিল তাৰেই ফলশ্ৰুতি হৈছে বৰগীত৷ অসমৰ বৰগীতসমূহে ভাৰতীয় সংগীত জগতত এক বিশিষ্ট আসন দখল কৰিবলৈ সক্ষম হৈছে৷ শাস্ত্ৰীয় গুণ থকাৰ বাবেই শংকৰদেৱ আৰু মাধৱদেৱৰ এই বিশেষ গীতসমূহক সসন্মানেৰে বৰগীত আখ্যা দিয়া হয়৷ সকলো বৰগীতেই ৰাগ আধাৰিত৷ ৰাগসমূহ হ'ল- ফহিৰ, শ্যাম, কৌ, ললিত, কল্যাণ, পূৰ্বী, গৌড়ী, ভাটিয়ালী, ধনশ্ৰী, সিন্ধুৰা, আশাৱৰী আদি৷
বৰগীতত কিছুমান বিশেষ ধৰণৰ তাল ব্যৱহাৰ হয়৷ কিছুমান মূলতাল - পৰিতাল, একতাল, ৰূপক,দোমানী, দশবাৰী, খৰমান ইত্যাদি আৰু উপতাল- আচতলা, ৰূপগঞ্জৰ, উনযতি, মথযতি ইত্যাদি থাকে৷ ৰাগৰ পুৱাভাগত অহিৰ , কল্যাণ আদি হয় তেনেকৈ দুপৰীয়া গৌৰী,ধনশ্ৰী আদি আৰু সন্ধিয়া বা ৰাতিলৈ আশাৱৰী , সিন্ধুৰা ,ভূপালী আদিৰ সময় ধৰা হয়৷ আমাৰ সমাজত সকলো অনুষ্ঠানতে বৰগীতেৰে আৰম্ভ কৰি এক বিশেষ শুভাৰম্ভ কৰা হয়৷
(২)ৰজাদিনীয়া সংগীত:- যুদ্ধ বিগ্ৰহ আৰু ৰাজ্য গঠনত ব্যস্ত হৈ থকাৰ বাবে প্ৰায় ১৬৮৫ শকলৈকে ৰজাসকলৰ সাংস্কৃতিক দিশ প্ৰায় অচল আছিল৷ স্বৰ্গদেউ গদাধৰ সিংহ ৰাজপাটত বহাৰ পৰাই সাংস্কৃতিক যাত্ৰাৰ শুভ আৰম্ভণি ঘটিছিল৷ আহোম যুগৰ সাংগীতিক অৱদানৰ গীতসমূহ হ'ল- ওজাপালি, দুৰ্গাবৰী গীত, ভাওনাৰ গীত, বিহুগীত আৰু দেহবিচাৰ গীত৷ বহু সূত্ৰৰ মতে বনগীত আৰু ফুলকোঁৱৰ -মনিকোঁৱৰৰ গীতো আহোম যুগৰেই সাধনা৷ ৰাজ অনুগ্ৰহ লাভ কৰি ৰঙিয়াল ডেকা গাভৰুৰ বিহুনাচ এতিয়া বিশ্বমুখী হোৱাটো আমাৰ বাবে গৌৰৱৰ কথা৷ সেয়ে সংগীতৰ গতিশীলতাত ৰজাসকলৰ এই অমিত অৱদান সদায়েই শ্ৰদ্ধাৰ পাত্ৰ হৈ ৰব৷
(৩) লোকগীত:- অসমীয়া লোক সাহিত্যত লোকগীতে এক বিশেষ স্থান অধিকাৰ কৰি আছে৷ আন প্ৰকাৰ লোকসাহিত্যতকৈ লোকগীতত আৱেজ অনুভূতিৰ বৈচিত্ৰ্য, ৰল্পনাৰ প্ৰাবল্যতা, অলংকাৰৰ সৌন্দৰ্য্য আৰু গীতিমত্তাৰ আধিক্য দেখা যায়৷ বিভিন্ন সুৰত গাব পৰা গুণটোৰ ৱাবেই আদিম যুগৰ পৰাই লোকগীতে নিৰক্ষৰ জনসাধাৰণক আকৰ্ষিত আৰু আনন্দিত কৰি আহিছে৷ বিশিষ্ট লোক তাত্ত্বিক আৰু সমাজ বিজ্ঞানীয়ে মন্ত্ৰক লোকগীতৰ আদিম ৰূপ বুলি চিহ্নিত কৰিছে৷ গীতৰ লগত যিহেতুকে নয়াত স্মৃতিৰো ঘনিষ্ঠ সম্পৰ্ক আছে, সেয়ে লোকগীতৰ ছন্দ আৰু লয় স্মৃতিৰক্ষাৰ সহায়ক হয়৷
(৪) কামৰূপী লোকগীত:- অবিভক্ত কামৰূপ( বৰ্তমান কামৰূপ, কামৰূপ মেট্ৰো, নলবাৰী আৰু বৰপেটা জিলা) অঞ্চলত প্ৰচলিত লোকগীত সমূহকে কামৰূপী লোকগীত আখ্যা দিয়া হয়৷ এই অঞ্চলৰ লোকগীতসমূহ পাচ ভাগত ভাগ কৰা হৈছে:
(ক) ভক্তি প্ৰধান- ভক্তি ভাৱৰ প্ৰাধান্য থকা এই শ্ৰেণীৰ গীতত লোক বিশ্বাস আৰু দেৱ দেৱীলৈ থকা অচলা ভক্তিৰ পৰিচয় পোৱা যায়৷
"আইৰ নাম শীতলা দিছি ফুলৰ মালা
আইৰ মান ধৰমী নাই
কি চৰাই নাচিছি নাই ফুল বাচিছি
দুখীয়াৰ ঘৰে সোমাই"
তেনেকৈ অপেচৰা সবাহৰ বাবে
"সোণাৰে একডেলী জৰী
ৰূপাৰে একডেলী জৰী
আকাশৰেপৰা অপেশ্বৰী নামে
হাতত ধৰাধৰি কৰি"
আন কিছুমান সৰল বিশ্বাসত চৰাব্ৰতৰ গীত
"হিলেৰখা ফুল পানীক যায়
কাচিজোনক দেখি দৰাই চায়
পানী তোলৰে আস্কৰ ৰাতি
পানী তুলিলে কি বৰ পায়
কপালৰ চিৰি সিন্দূৰ
স্বামী বৰ পায়"
(খ) কৰ্মবিষয়ক: সাধাৰনতে কোনো কাম কৰোতে শ্ৰম লাঘৱ আৰু আনন্দ বিনোদনৰ বাবে গোৱা গীত সমূহেই হৈছে কৰ্মবিষয়ক গীত৷ ইয়াৰ সুৰ বৰ আকৰ্ষণীয় হয়৷
"হায় মোৰ মলুৱাহে
মোৰ মলুৱাক কোনে মাৰিলে
হায় মোৰ হায় মোৰ মলুৱাহে"
(গ) অনুষ্ঠানমূলক- উৎসৱ আৰু সামাজিক অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গোৱা গীতবিলাককে অনুষ্ঠানমূলকৰ শাৰীত ধৰা হয়৷
বিয়াৰ সময়ত
" আমি খোজোঁ পকা ডালিম এ
আনি দিলা বেল
তেলৰ ভাৰত দিবা লাগে চিকাণ গোন্ধ তেল"
মহখেদা উৎসৱৰ বাবে এনেদৰেই
" অ হৰি মহো-হো
ম'হ খেদ-বা টোকান লো
--"
(ঘ)মালিতা: কোনো আখ্যান বা কাহিনীৰ আধাৰত ৰচিত গীতকে মালিতা কোৱা হয়৷ এনেদৰে বৰ্ণনা কৰে
"হৰদত্তৰ জীয়াৰী পদ্মকুমাৰী
ধনৰাত নাখালি ভাত
কুমেদান বঙালে হাতত ধৰি নিলে
বঙালে মাৰিলে জাত"
(ঙ)অন্যান্য গীত: আজিও কিছুমান গুৰুসকলক লৈ আৰু মহাদেৱৰ লৈ পৰিবেশিত হয়৷ ঠিক এনেদৰে
"শংকৰ গুৰু আমাৰে
জগত গুৰু আমাৰে
লুকে আছা দেখা নেদা
মণিকুটৰ ভিতৰে"
আৰু মহাদেৱৰ নামত
"হৰ হৰ নন্দী ভৃংগী
তুতিকৰে গন্ধৰ্ব কিন্নৰে
আ হেতু সদাশিৱ দেৱ দিগম্বৰ"
(৫) গোৱালপৰীয়া লোকগীত:-অসমৰ পশ্চিম প্ৰান্তৰ প্ৰাচীন গোৱালপাৰা জিলা সংপৃক্ত অঞ্চলটোত থকা বাসিন্দাসকলৰ লোকগীত-মাতবিলাকেই গোৱালপৰীয়া লোকগীত৷ আমাৰ সুধাকণ্ঠদেৱৰ ঐকান্তিক প্ৰচেষ্টাত এই অঞ্চলৰ লোকগীতৰ ৰানী প্ৰতিমা বৰুৱা পাণ্ডে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছিল৷ শ্ৰমশীল জীৱনৰ অফুৰন্ত প্ৰয়াস, প্ৰেম প্ৰণয়, আধ্যাত্মিকতা আৰু মানৱ জীৱনৰ সুন্দৰ ছবিৰ দাপোন গোৱালপৰীয়া লোকগীত৷ ইয়াৰ সুৰ বৰ হৃদয়স্পৰ্শী আৰু মধুৰ ৷ইয়াৰ শৈলী অসমীয়া লোকসংগীতৰ এক অনৱৈদ্য শৈলী ৷
(৬)জ্যোতিসংগীত:-
"মোৰ ৰাগ
কৰবীৰে পতা ল’বি পূজা
তোৰ সুৰেৰে মই
ৰচিলোঁ কতনা গান
বুজা-নুবুজা
লবি পূজা"
বৰ লুইতৰ দুয়োপাৰ ওপচাই সুৰৰ যাদুৰে সাধাৰণ জনতাৰ হৃদয়ত খলকনি তোলা অপৰূপ ৰূপৰ কোঁৱৰৰ গীতেই গৌৰবোজ্বল জ্যোতি সংগীত৷ গই সংগীতৰ অনুৰণন প্ৰতিজন অসমীয়াৰ হিয়াত বাজি থাকে ৰিণি ৰিণি৷ কাৰন তেওঁৰ সাধনা আছিল আমাৰ সকলোৰে প্ৰাণৰো প্ৰাণৰ-ৰূপান্তৰৰ বটেদি চিৰ সুন্দৰৰ আৰাধনা৷
ইয়াৰ সুৰত আছে লোকগীতৰ, জাতীয় চৈতন্যৰ আৰু স্বদেশৰ মাটিৰ নিভাঁজ গোন্ধ৷
মহিয়ান এই সৃষ্টিৰাজি চিৰপ্ৰবহমান হব মানৱ সভ্যতাৰ শেষ সময়কনলৈকে-
"জয় আলোকময়
অনাদি অনন্ত প্ৰসাৰী
বিশ্বজীৱন জ্যোতি৷
জয় জয় সুন্দৰ সত্য সনাতন
চিৰ প্ৰশান্ত বিশ্বপতি
কৌটি বিশব্যাপক হে মহা মনাধিপ
বিশ্ব জীৱন জ্যোতি
প্ৰণতি প্ৰণতি প্ৰণতি"
(৬)ৰাভা সংগীত:-অসমীয়া সাহিত্য সংস্কৃতি গদ্য,পদ্য,গীত সকলোলৈ বহু বৰঙনিৰে সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ গৈছে বিষ্ণুৰাভাই ৷ তেওঁৰ ৰচনা কৰা দুশৰো অধিক গীতসমূহক জনা যায় ৰাভা সংগীত নামেৰে ৷ তেখেত আছিল এগৰাকী প্ৰসিদ্ধ গায়ক। শ্ৰীমন্ত শংকৰ দেৱৰ বৰগীত শিকি বিষ্ণুৰাভাই বৰগীতক সাম্প্ৰতিক সময়ত আগবঢ়াই লৈ গৈছিল ৷ তেখেতৰ গীতসমূহত মাতৃ প্ৰেম,দেশ প্ৰেমৰ লগতে প্ৰকৃতি আদি বিভিন্ন বিষয় দেখিবলৈ পোৱা যায় ৷তেখেতৰ গীতসমূহ শিশুসকলৰ মাজত যথেষ্ট জনপ্ৰিয় ৷তাৰ ভিতৰত আছে সুৰৰে দেউলৰে,বিলতে হালিছে আদি ৷ ৰাভাদেৱৰ আন বহুতো কালজয়ী গীত (পৰজনমৰ শুভলগনত, লগন উকলি গ'ল, টিলাই টিলাই ইত্যাদি) ৰচনা কৰি থৈ গৈছে। তেখেতৰ ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ জোন তৰা থকালৈকে ৰাভা-সঙ্গীত হিচাবে পৰিচিত হৈ ৰব সময় বালিত।
(৭) পাৰ্বতীপ্ৰসাদৰ গীত:-
"লুইতৰ চাপৰিত ক'ৰে নাৱৰীয়া
ৰচোতা গীতিকবিৰ গীতসমূহেই পাৰ্বতীপ্ৰসাদৰ কালজয়ী গীত৷ এই গীতবিলাকৰ ভাব সৰল অথচ হৃদয়স্পৰ্শী. ভাষা কোমল আৰু ঘৰুৱা, সুৰ সঞ্চাৰত অসমীয়া লোকগীতৰ সুৰ অনুৰনিত হয়৷
সুন্দৰতাৰ কামনাৰ এই গীত
"তোমাৰ প্ৰেমৰ ভোগজৰাটি
দিয়া বাকী"
আলফুলকৈপুনৰায় কৈছিল
"সেউজী পৰত তোমাৰ নিৰলা ঘৰ---জানোচা পাহৰি গ'লা"
এই মিঠা সুৰে আমাক যেন জীয়াই থাকিবলৈ চিৰদিন সাহ দি যাব৷
(৮)ভূপেন্দ্ৰ সংগীত:- স্বদেশ পৰু স্বজাতিৰ হকে গাই যাব পৰা পৰিসীমাৰ উৰ্দ্ধত থকা য'ত প্ৰতিটো গীতেই এক প্ৰৱন্ধ আৰু উপলব্ধিৰ স্পন্দন সেইয়াই হ'ল ভূপেন্দ্ৰ সংগীত৷
বিস্তৃৰ্ন পাৰৰ পৰা--মানুহে মানুহৰ বাবে--অহো হো মহো অ'--প্ৰচণ্ড ধুমুহাই--বিমূৰ্ত মোৰ নিশালৈ লুইতৰ পাৰ জিলিকালে আমাৰ হিয়াৰ আমঠু এই গীত৷ এই গীত অসমীয়াৰ অনুভৱৰ গীত ৷
ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলে। এজন গীতিকাৰ, সুৰকাৰ, গায়ক আৰু সংগীত পৰিচালক হিচাবে সংগীত জগতলৈ ড॰ ভূপেন হাজৰিকাই বিপুল অৱদান দি গৈছে। সংগীতজ্ঞ হিচাবে তেখেতৰ জনপ্ৰিয়তা তেখেতৰ নিজৰ ৰাজ্য অসম, ওচৰ চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গ আৰু নিজ দেশ ভাৰতৰ উপৰিয়ো বাংলাদেশতো অভিলেখকাৰী।
বিষয়বস্তুৰ এনে বিশালতা আৰু বৈচিত্ৰ্য অনুসৰি সুধাকণ্ঠজনৰ গীতসমূহক এনেদৰে শ্ৰেণীবিভাগ কৰিব পাৰি:
#অসমপ্ৰেম বা জাতীয়প্ৰেম পৰিস্ফুট গীত
#মানৱতাবাদৰ জয়গান
#প্ৰেমৰ বিচিত্ৰ বৰ্ণালীৰ চিত্ৰায়ন
#বিদ্ৰোহী অন্তৰৰ উচ্ছাস প্ৰকাশক গীত
#সমসাময়িক প্ৰসংগৰ মূৰ্ত প্ৰকাশ
#জনগোষ্ঠীয় জীৱনৰ প্ৰতিচ্ছবি
#লোকগীত আধাৰিত গীতৰ শৰাই
#শিশুবিষয়ক গীত
(৯)আধুনিক গীত:-অসমীয়া আধুনিক গীতৰ এটি স্বৰ্ণময় আৰু বৰ্ণিল পৰিক্ৰমা আছে৷ ইয়াৰ ধাৰাটো আৰম্ভণি হৈছে ইংৰাজসকলে অসমলৈ আগমন(১৮২৬) কৰাৰ পাছত৷ইয়াৰ বাবে আমি দুই বৰেণ্য সাহিত্যিকৰ ওচৰত চিৰদিন ঋনী হৈ ৰম৷ প্ৰথম গৰাকী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা(১৮৬৪-১৯৩৮) আৰু দ্বিতীয় গৰাকী পদ্মনাথ গোহাঞিবৰুৱাদেৱ(১৮৭১-১৮৪৬)৷ এতিয়া অসমত চৌদিশে আধুনিক গীতৰ সুৰে ৰজনজনাই আছে৷ মহান গীতিকাৰসকলে বৰ্নময় বৈচিত্ৰ্যপূৰ্ণ ইতিহাস প্ৰতিদিনেই ৰচি মৌ বৰষা সুৰে সুগন্ধ বিলাইছে৷ কিমানযে অপূৰ্ব এই মহান গীতৰ সময়৷
আমাৰ বহুতৰে অলক্ষিতেই প্ৰকৃতিৰ এই অমিয়া জগতখন সংগীতময় হৈ আছে৷ আৰু আপাত দৃষ্টিত বিশেষ অৰ্থপূৰ্ণ যেন নালাগিলেও এই সংগীতেই পশু-পক্ষীৰ সমাজত জীয়াই থকাৰ সংগ্ৰামৰ স’তেও ওত:প্ৰোতভাৱে জড়িত হৈ আছে৷ সংগীত বুলিলে আমাৰ মনলৈ সাধাৰণতে মানুহে সৃষ্টি কৰা সংগীতৰ কথাই আহে৷ আমাৰ বহুতৰে অগোচৰেই হয়তো ৰৈ যায় সংগীতৰ অন্য এখন পৃথিৱী- প্ৰকৃতিৰ অপূৰ্ব সংগীতময় জগতখন৷ মানৱ সমাজৰ হিংসা-দ্বেষ, খাম-খেয়ালিৰ পৰা আঁতৰত প্ৰকৃতিৰ কোলাত বসবাস কৰা ক্ষুদ্ৰাকাৰ জীৱৰ পৰা আদি কৰি সকলো পশু-পক্ষীৰ মাজত সংগীতৰ গুৰুত্ব অপৰিসীম৷ কেৱল শ্ৰুতিমধুৰ বাবেই নহয়, সংগীত বহু জীৱ-জন্তু তথা চৰাই চিৰিকটিৰ জীয়াই থকাৰ বাবে এক অতি আৱশ্যকীয় যোগাযোগৰ মাধ্যমো হয়৷ সংগীত নিজেই এক সন্মোহিনী শক্তি৷ প্ৰকৃতিৰ বহুতো নিৰ্জীৱ মাধ্যমৰ মাজেৰেও সংগীতৰ সৃষ্টি হয় স্বতৰ্স্ফূতভাৱে৷ অসমৰ গীত মাত ইতিহাসে ঢুকি পোৱা দিনৰেপৰা আজিলৈকে সুৰৰ মূৰ্ছনাৰে জগতত মৰম আৰু চেনেহৰ জেউতি ঢালিছে আৰু সেয়ে আজিও বৃহত্তৰ অসমীয়া জাতি সগৌৰৱেৰে অসমৰ শ্ৰুতিসুমধুৰ গীত-মাতৰ মাজেৰে বিশ্বৰ সমুখত জিলিকি আছে ৷
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment