দাংগা-নৰহ যুদ্ধ আৰু কুম্বাং, মৰাং বংশৰ জন্মকথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

দাংগা-নৰহ যুদ্ধ আৰু কুম্বাং, মৰাং বংশৰ জন্মকথা

 



দাংগা-নৰহ যুদ্ধ আৰু কুম্বাং, মৰাং বংশৰ জন্মকথা


হৰিচৰণ পেগু


    প্ৰাচীন আৰু মধ্যকালীন সমাজ ব্যৱস্থাত যুদ্ধ এক অবিচ্ছেদ্য অংগৰ দৰে আছিল। যুদ্ধৰ বিভিন্ন কাৰণ আছিল। সেই সময়ৰ ওচৰ-চুবুৰীয়া জাতি জনগোষ্ঠীয় লোক সকলৰ মাজত অবিশ্বাস আৰু পৰিচয় সংকটৰ দ্বন্দ্ব আছিল। অবিশ্বাস, সন্দেহ, জীৱন জীৱিকাৰ অভাৱ, মাটি-সম্পতি, সীমা, দিয়া-লোৱা, লাভ লোকচান, ক্ষমতা -কৃতী তথা আত্মপ্ৰতিষ্ঠাৰ দৌৰ, নিজক উজ্জীৱিত কৰি ৰখাৰ তাড়না আদি বিভিন্ন কাৰণত অধিকাংশ সংঘৰ্ষৰ উদ্ভৱ হৈছিল। সেই বাবেই সেই সময়চোৱাৰ দুই ভিন্ন ফৈদৰ মাজত সঘন সংঘৰ্ষ হোৱা দেখা গৈছিল। ইতিহাস সাক্ষী আছে যুগে যুগে এইবোৰ কাৰণতে প্ৰায়বোৰ জাতি জনগোষ্ঠীৰ মাজত এনে সৰু সুৰা তথা ৰক্তাক্ত যুদ্ধ সঘনাই সংগঠিত হৈ আহিছে। মিচিং সকলৰ মাজতো তেনে সঘন সংঘাত-সংঘৰ্ষৰ সুত্ৰপাত হৈছিল। এনে বহু যুদ্ধৰ কথা মুখে মুখে প্ৰচলিত হৈ আহিছে সাধুকথাৰ দৰে। মুখে মুখে চলি অহা জনশ্ৰুতিৰ আধাৰতে ইতিমধ্যে চল্লিশ খনৰো ওপৰৰ যুদ্ধৰ কথা সংগৃহীত হৈছে যাৰ মাজত দাংগা-নৰহ যুদ্ধৰ কথা অন্যতম।


     বহুতেই প্ৰশ্ন কৰে যুদ্ধৰ ইতিহাস অধ্যয়ন কৰি কি লাভ হ'ব ? যুদ্ধ বিধংসিতা আৰু বিভীষিকাৰ অন্য নাম। কিন্তু যুদ্ধ যেনেকৈ বিধংসৰ আন নাম তেনেকৈ ইতিহাসৰ সৃষ্টিৰ পটভূমিও যুদ্ধই নিৰ্ণয় কৰে। সেয়েহে পুৰণক যুদ্ধবোৰ উত্থাপ পতনৰ সাক্ষী, নতুন ইতিহাসৰ জন্মৰ সাক্ষী। দাংগা-নৰহ যুদ্ধয়ো মিচিং ইতিহাসত এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে। কিয়নো এই যুদ্ধই সেই সময়ৰ পৰিৱেশ পৰিস্থিতিৰ চাক্ষুষ বৰ্ণনা দিয়াৰ লগতে কেইবাটাও নতুন বংশধৰৰ সৃষ্টিৰ ইতিহাস কঢ়িয়াই আনিছে।

কুম্বাং, মৰাং আদি বংশৰ জন্ম সেই যুদ্ধৰ প্ৰভাৱতেই হৈছিল।

কাজেই ই এক অত্যন্ত প্ৰয়োজনীয় ঐতিহাসিক অন্বেষণ।


যুদ্ধকালীন সমাজখনঃ  দাংগা নৰহ যুদ্ধখন পোন্ধৰ শ শতিকাৰ কথা। সেই সময়ত আদি-মিচিং সকলৰ কেইবাটাও ফৈদে দাম্ৰ অঞ্চলৰ আশে-পাশে বসবাস কৰিছিল। য়ামনে নদীৰ বিস্তৃৰ্ণ অঞ্চলত আদি-মিচিং সকলৰ বহুকেইটা ফৈদে সমিলমিলেৰে বসবাস কৰি আছিল।


    সেই সময়ত  টায়েং সকল নামনি দাম্ৰৰ টায়েং অঞ্চলত বসবাস কৰিছিল। যিখনত বৰ্তমানেও পাদাম সকলৰ অন্তৰ্গত টায়েং সকলে বসতি কৰি আছে। দাম্ৰ অঞ্চলৰ দক্ষিনে লেয়িং অৱবাহিকাত লেয়িং-পাৰাক সকলে বসবাস কৰিছিল। দক্ষিন পূৱ দিশৰ ফালে দাংগা নৰহ সকল, মধ্য দাম্ৰৰ দামে-গিপং অঞ্চলত ডামিন ডামে সকল, ইয়াৰে আশে-পাশে দাচেং অঞ্চলত নালুং পগাক সকল, বদিৰ লিংকাপ অঞ্চলত বঃদিৰ-বজং সকল, দাম্ৰ অঞ্চলৰ তললৈ বুমেং অঞ্চলৰ কামচিং-কাম্পাঙত ডমিন-ডৰুক সকল, দাম্ৰৰ লাকলুং অঞ্চলত তাকব'-তাকঞ সকল, দাম্ৰ টেৰিৰ দক্ষিনফালে ময়ুং অৱবাহিকাত ময়ং সকল,  কেপাঙৰ অন্তৰ্গত পেৰটিন, পেৰমে, পেৰয়িং, বৰাং, ৰতন আদি সকলে কেচিং অঞ্চলত, মেগু-টায়েং আদি জনগোষ্ঠীয়েও কেচিং অঞ্চলত বসবাস কৰিছিল। উল্লেখ্য যে সেই সময়ৰ জনগোষ্ঠীয় নাম সমূহে একো একোজন জনজাতীয় নেতাক প্ৰতিনিধিত্ব কৰিছিল।


যুদ্ধৰ পটভূমিঃ ওপৰৰ উল্লেখ কৰি আহিছো যে কেচিং  অঞ্চলত কেপাং নামেৰে পেৰটিন, পেৰমে, পেৰয়িন সকলৰ পুৰ্বপুৰুষ সকলে বসবাস কৰিছিল। জনশ্ৰুতি মতে পাপেৰ আৰু পাংকংমৰ দেউতাৰাৰ নাম আছিল কাপেং। কেপাঙে প্ৰায়েই য়ামনে নদীত মাছ ধৰিবলৈ অহা-যোৱা কৰিছিল। নদীত ভেটা পাতি প্ৰায়েই গণি আৰু চেপাৰ সহায়ত মাছ ধৰিবলৈ গৈছিল। কোনোবা এদিনাখন কেপাঙে নদীলৈ মাছ মাৰিবলৈ গৈ ঘুৰি নাহিল। দুৰ্ভাগ্যজনকভাৱে কেপাং হয়তো নৈত পিছল খাই পৰিল অথবা কোনো বন্য হিংস্ৰ জীৱনৰ চিকাৰো হ'ল। অথবা কোনোবা দুস্কৃতিকাৰীৰ পুৰণা শত্ৰুতাৰো বলি হব পাৰে কেপাং। দেউতাক উভতি নহা দেখি পাপেৰ আৰু পাংকংমে সমগ্ৰ অঞ্চলত অনুসন্ধান চলালে। গাঁ‌ৱে গাঁ‌ৱে সোমাই খবৰ ললে । হাবি বন চলাথ কৰিলে। কোনো বন্য প্ৰাণীৰ চিকাৰ হ'লে কমচে কম মৰাশৰ অৱশিষ্ট অংশ পালে হয়। পাপেৰ-পাংকংমৰ সন্দেহ ঘনীভূত হ'ল যে দেউতাক কেপাঙক কোনো বন্যপ্ৰাণী নহয় কোনো দুৰ্বৃত্তই হত্যা কৰিছে। পাপেৰ আৰু পাংকংমে সকলোতে খা-খবৰ লৈ চালে কিন্তু কোনেও কাপেঙৰ একো সন্ধান দিব নোৱাৰিলে।

    

     এইবাৰ দুয়ো ভায়ে মিলি এখন ৰাজহুৱা ভোজৰ আয়োজন কৰিলে। IMO নামেৰে পৰিচিত এই বৰভোজলৈ সমূহ দাম্ৰ অঞ্চলৰ বাসিন্দালৈ নিমন্ত্ৰণ পঠালে। নিমন্ত্ৰণী পত্ৰত এটা কথা স্পষ্টকৈ লিখা আছিল, যিসকলে কেপাঙক মিত্ৰজ্ঞান কৰিছিল মাত্ৰ তেওলোকেহে আহিব লাগে। শত্ৰুজ্ঞান কৰা সকল তথা তেখেতৰ মৃত্যুৰ সৈতে জড়িত থকা সকল যেন সেই ভোজলৈ নাহে। দাম্ৰ অঞ্চলৰ সৰু বৰ সকলো জাতি জনগোষ্ঠীলৈ নিমন্ত্ৰণী পত্ৰ পঠোৱা হ'ল।

  

      চিঠিখন সকলোৰে ওচৰত আহি পোৱাৰ পাছত বিভিন্ন জনৰ মনত বিভিন্ন ধৰণৰ কথা বতৰা হ'ল, ভিন ভিম গুজৱ উঠিল। কোনো কোনোৱে নিমন্ত্ৰণী পত্ৰখন পাই আনন্দিত হোৱাৰ বিপৰীতে কোনো কোনোৱে ইয়াক ভাবুকি বুলি অনুভৱ কৰিলে। কোনোৱে আকৌ গুৰুত্বই নিদিলে। তেনেদৰেই একাংশই ভোজত উপস্থিত থকাৰ বিপৰীতে একাংশই এই ভোজ আওকান কৰিলে। মেগু, টায়েং, য়িৰাং, লেগ' হতে এই ভোজত অংশগ্ৰহণ কৰিলে। আৰু এই ভোজতে মেগু, টায়েং, পেৰটিন, পেৰমে, পেৰয়িন আৰু য়িৰাং সকল একগোট হৈ এটা ঐক্যৱদ্ধ শক্তিৰ ঘোষণা কৰিলে যাৰ নাম পাদাম হিচাপে ৰখা হ'ল।

 

     যিসকল কেপাঙৰ বাস্তৱিকতে শত্ৰু আছিল সেই সকল সেই কাৰ্যত অত্যন্ত শংকিত হ'ল। তাৰোপৰি যিসকল সেই ভোজটোত অনিচ্ছাকৃতভাৱে উপস্থিত থাকিব পৰা নাছিল সেই সকলৰ মনতো এক ভয় আৰু সন্দেহৰ আশংকাই গঢ় লৈ উঠিল। ডমিং-ডাৰুক, টাকব'-তাকঞ, ময়ং সকল এই ভোজত উপস্থিত হব পৰা নাছিল।  দাংগা নৰহো এই ভোজত উপস্থিত হোৱা নাছিল কিয়নো তেও এই নিমন্ত্ৰণী পত্ৰখনক অপমান কৰা বুলি অনুভৱ কৰিছিল। কাজেই তেওলোকে মিলি এক প্ৰতিক্ৰিয়াশীল সন্মিলিত শক্তি গঢ়ি তুলিলে। আদি পাছি চিক্কং গাৱৰ ৰেচিং-কুমকু আৰু চিয়াং নদীৰ সোঁ‌ পাৰৰ তালু-তাদুক সকলেও সেই সন্মিলিত শক্তিৰ লগত যোগদান কৰিলেহি। তাৰোপৰি মাকমাং-কুমটিং সকলেও তেওলোকৰ লগত লগ লাগি এক বৃহৎ "পাছি" সমিতিৰ জন্ম দিলে।

   

     দুয়ো পক্ষৰ মাজত এক শীতল যুঁজে উমি উমি গা কৰিবলৈ ধৰিলে। যুদ্ধ অৱধাৰিত আছিল। এক বৃহৎ গোষ্ঠী সংঘৰ্ষৰ দিশে পৰিস্থিতি ভয়ানকভাৱে আগবাঢ়ি গৈ থাকিল।


যুদ্ধৰ তাৎক্ষণিক কাৰণঃ  যুদ্ধৰ কলীয়া ডাৱৰে চাৰিওফালে আগুৰি থকাৰ সময়তে পাপেৰ আৰু পাংকংমৰ এজনী মেথুন হেৰাই যায় । মেথুনজনী পাপেৰ হতৰ অত্যন্ত মৰমৰ আছিল। চাৰিওফালে মেথুন জনীক বিচাৰিবলৈ মানুহ পঠিয়ালে। বিভিন্ন গাৱঁলৈ গৈ মেথুন বিচাৰোতে এদিন তেওলোকে ল'ৰা ছোৱালীৰ মুখেৰে গম পালে যে লেয়িং পেৰেক অঞ্চলত মেথুন এজনী মাৰি ৰাজহুৱা ভোজ চলিছিল। পাপেৰ-পাংকংমৰ সন্দেহ অধিক ঘনীভূত হ'ল। তেওলোকে লেয়িং পেৰেকক এই কথাটোৰ বাবে কৈফিয়ৎ তলব কৰিলে। লেয়িং পেৰেকে জনালে যে তেওলোকে গাৱঁত আম্পাং উৎসৱ উদযাপন কৰিছিল যাৰ বাবে এজনী মেথুন বলি দি ৰাজহুৱা ভোজ পাতিছিল। কিন্তু সেই মেথুনজনী তেওলোকৰ নিজৰ আছিল। কিন্তু পাদাম সকলে লেয়িং পেৰেকৰ কথা মানিবলৈ অমান্তি হোৱাত দুয়োপক্ষৰ মাজত তয়াময়া যুঁজ আৰম্ভ হৈ যায়। মেথুন বিচৰা পাদামৰ দলটো পূৰ্ণ শক্তিৰে লেয়িং পেৰেকৰ ওপৰত আক্ৰমণ কৰি দিয়ে। যুদ্ধত তিষ্ঠিব নোৱাৰি লেয়িং পেৰেকে ওচৰৰ দাংগা নৰহৰ অঞ্চললৈ পলাই গৈ আশ্ৰয় গ্ৰহণ কৰে।


দাংগা নৰহে পাদামৰ দলটোক ওফৰাই পেলাবলৈ সক্ষম হয় আৰু পাদামৰ দলটো পিছ হুহুকি আহে। সেই সময়তে পাদামৰ দলটোৰ লগত য়িৰাং আৰু লেগ' হতে যোগদান কৰে। যাৰ ফলত শক্তিৰ দিশেৰে পাদাম সকল শক্তিশালী হৈ পৰে আৰু সেই সন্মিলিত শক্তিয়ে দাংগা নৰহ আৰু লেয়িং পেৰেকৰ ওপৰত মেথুনৰ ক্ষতিপূৰণৰ দাৱী কৰে। দুয়োপক্ষৰ মাজত তুমুল সংগ্ৰাম আৰম্ভ হৈ যায়।

  

   ইতিহাসৰ সবাতোকৈ ৰক্তাক্ত যুদ্ধ ৰূপে পৰিচিত এই যুদ্ধত তদানীন্তন সমূহ জাতি জনগোষ্ঠীয়ে কোনোবা নহয় কোনোবা পক্ষৰ হৈ যুদ্ধ কৰিছিল। আৰু প্ৰবল পৰাক্ৰমী পাদাম শক্তিৰ ওচৰত দাংগা নৰহে পৰাজয় স্বীকাৰ কৰি লেয়িং পেৰেকৰ সৈতে দাম্ৰ অঞ্চল পৰিত্যাগ কৰি চিছাৰ নদীৰ উৎপত্তিস্থল চাৰচাং অঞ্চলৰ ইদু গাওঁ এখনত আশ্ৰয় লয়। কেপাং-মেগু-টায়েং গোটে দাংগা নৰহৰ সবংশে দাম্ৰ অঞ্চলৰ বিতাড়িত কৰাৰ পাছতো বহু দূৰলৈ তেওলোকক খেদি গৈছিল। পাছত নৰহ সকল ইদু গাৱঁত আশ্ৰয় লৈ থকা বুলি গম পাই পেৰমে সকলে তেওলোকৰ মুখিয়াল সকলৰ লগতে চোৰাংকৈ যোগাযোগ কৰি নৰহ সকলক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰে। সেইমতে ইদু গাৱঁৰ চাম্পিং মেনা আৰু চামঞিং মেনাই নৰহ সকলক ভোজৰ বাবে নিমন্ত্ৰণ কৰে। ভোজন সমাপ্ত হোৱাৰ পাছত আকস্মিকভাৱে নৰহ আৰু পেৰেক সকলৰ ওপৰত জপিয়াই পৰে। আকস্মিক আক্ৰমণত দিশহাৰা হোৱা দাংগা নৰহে কেইজন মানে সহযোদ্ধাৰ সৈতে কোনোমতে প্ৰাণ লৈ পলাই আহিবলৈ সক্ষম হয় আৰু দিবাং নদীৰ সমীপৰ দাম্বুক অঞ্চলৰ মিজম পিগ' নামৰ ঠাইত উপস্থিত হয়। তাতে কিছুকাল বসবাস কৰাৰ পাছত তেওলোক অসমৰ সমতল ভূমিলৈ নামি আহে।


যুদ্ধৰ পৰৱৰ্তী দৃশ্যপটঃ  ভীষণ যুদ্ধৰ ফলশ্ৰুতিত সমগ্ৰ দাম্ৰ অঞ্চল এক শুস্ক মৰিশালিত পৰিণত হোৱাৰ দৰে হৈছিল। দাংগা নৰহৰ অঞ্চলৰ পৰা কোনো কোনো অপুত্ৰকে সন্তান তুলি তালি ডাঙৰ কৰিছিল । দাম্ৰ অঞ্চলত জঃপাক নামৰ এজন অপুত্ৰকে এজন নৰহ সন্তানক তুলি লৈছিল। কিন্তু পাদাম সকলৰ নৰহ বধ বিভীষিকা দেখি নিজৰ তুলনীয়া পুত্ৰক ঘৰৰ কুম্বাঙৰ ওপৰত লুকাই ৰাখিব লগা হৈছিল । জঃপাকৰ সেই কুম্বাঙত লুকাই ৰখা সন্তানৰ পৰাই কুম্বাং বংশ আগবঢ়া বুলি প্ৰবাদ আছে।

     আনহাতে জঃপাকৰ জেষ্ঠ ভাতৃ জঞিয়ে এই অঞ্চল পৰিত্যাগ কৰি ৰুকব' মৰাং নামৰ ঠাইত আশ্ৰয় লৈছিলগৈ। যাৰ ফলত জঞিৰ পৰিয়ালক মৰাং উপাধিৰে জনা গ'ল।

   এনেকৈ দাংগা নৰহ যুদ্ধৰ কৰুণ পৰিণতি ঘটিছিল।


(উৎসঃ  ড°এন লেগ' ছাৰৰ History of Mishing of Arunachal Pradesh আৰু ড° নাহেন্দ্ৰ পাদুন ছাৰৰ মিচিং সংস্কৃতিৰ আলেখ্যত থকা পেৰটিন পেৰমে সকলৰ বংশাৱলী)


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages