অত্যাৱশ্যকীয় কিছু
গাৰ্গী ভূঞা
দৰঙ্গীচুক, যোৰহাট
এদিন কথা বতৰাৰ বাবে ঘৰখনত
এটি দিন ধাৰ্য কৰিম
সেইদিনা কাম-বনবোৰ কিছু নিলগাই
বাৰীতে থকা ঢেঁকীয়া কেইডাল বুটলিম
লতাৰে আবৰি থকা নেমুজোপা চিকুনাম
আৰু পদূলিৰ গেটখন গৰু-ছাগল সোমাব নোৱাৰাকৈ
সেইদিনা জপাই ৰাখিম
ইচ্ছা কৰা মতে যি দিনটো পিতৃ-মাতৃ, বন্ধু
দিৱসৰ দৰে পালিত হ'ব
পালিত হ'ব পৰিবেশ দিৱসৰ দৰে
সেইদিনা গাপ মৰা প্ৰেছাৰ কুকাৰটোয়ে চিটিটো অলপ জোৰেৰে মাৰিব
আৰু জহা জহা গোন্ধাব মনবোৰ
খোৱাৰ আগেয়ে খোৱা
আৰু খোৱাৰ পাছত খোৱা পিলকেইটা
দেউতাই খালে নে নাই সেইদিনা সুধিম
কণমানিটোৰ লগত খেলিম
আৰু মানুহজনীৰ লগত এৰি অহা সুগন্ধি সময়বোৰৰ
এধাৰি মালা গুঠিম
পিছে মোৰ চাৰিকোণীয়া পৃথিৱীত
টোকোৰা চৰায়ে বাঁহ সজা দৃশ্য চাই থাকোঁতেই
ওলমি থকা কেলেণ্ডাৰখনে মাত লগালে
কালিলৈ 'টিচাৰছ ডে '
কণমানিটোৰ বাবে বিদ্যা শিকিবলৈ কিছু সংখ্যক কলম লাগিব!
দেউতাৰ চকুতো সময়ে জাল বন্ধিছে
মোৰ সময়ৰ পৰাই কিছু সময় আজুৰিব লাগিব !
অংকবোৰ জুকিয়াই থাকোতেই শ্ৰীমতীয়েও টিফিনৰ লগতে আগবঢ়াই দিলে
বন আৰু বনগুটিৰ
এখন দীঘলীয়া সূচী
ময়ো ভাৱনাৰ সাগৰখন সিমানতে সামৰি
বেলিটোৰ দিশে আগবাঢ়িলোঁ
কথা বতৰাৰ বাবে দিন এটাৰ পিছে
খুবেই প্ৰয়োজন আছিল ঘৰখনত...
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment