কবিতা কি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, December 1, 2023

কবিতা কি

 


কবিতা কি ?


              অংকুৰণ  আৰ্ফ


কবিতা -

আঁউসীৰ আন্ধাৰ ফালি আগুৱাই যোৱা জোনাকী


কবিতা -

ধুমুহাত ঢিমিকি ঢিমিকি জ্বলি থকা তুলসী তলৰ চকুৰ চাকি


কবিতা -

জীৱন যাত্ৰাত স্বপ্নময় চিৰিৰে চলা ৰেলগাড়ীৰ উকি


কবিতা -

ফাগুনে সৰাপাতত লিখা 

বসন্তৰ চিঠি


কবিতা -

আকাশ স্পৰ্শ কৰাৰ স্পৃহাৰে সাগৰৰ বুকুত নিৰন্তৰ উঠা-নমা কৰি থকা ঢৌবোৰৰ বুকুৰ লিপি

কবিতা -

জীৱন জীৱাশ্মৰ বুৰঞ্জী


কবিতা -

কেঞ্চাৰৰ কীটে কুটি খোৱা মুখৰ ধুনীয়া হাঁহিকবিতা -

ৰাতিৰ আন্ধাৰে শুহি লোৱা আটাইবোৰ ৰ'দৰ দিনলিপিকবিতা -

শূন্যত ওপঙি ফুৰা মায়াবীমাত

সোঁৱৰণি হালধীয়া পাত

হেৰাই যোৱা এখন 

সেউজীয়া হাত


কবিতা -

পৃথিৱীৰ আটাইবোৰ মন্দিৰ-মচজিদ-গীৰ্জা-বৌদ্ধ বিহাৰত নিনাদিত পূৰ্ণিমামুখী প্ৰাৰ্থনা


কবিতা -

পৃথিৱীৰ পুৰাতন গুহাবোৰত থকা ভাস্কৰ্যবোৰৰ মুগ্ধ মৌনতা


কবিতা -

সভ্যতাৰ প্ৰথম পুৱাৰ সূৰ্যমুখী


কবিতা-

চৰাইৰ ঠোঁটৰ এচিকুট জীৱনবোধৰ মাটি


কবিতা-

কবিতা চকুপানীৰ চিয়াঁচীৰে লিখা  অমৃত অনুভূতি


কবিতা-

জীৰ্ণ হাতখনে নৰ্দমাৰ পৰা তুলি লোৱা এটুকুৰা ৰুটি


কবিতা-

দিনৰ দিনটো বেবাই থকা চাগলী জনীৰ চিঞৰটো


কবিতা সকলো। 

সকলো কবিতা।


কবিতা-

পৃথিৱীৰ প্ৰথম ৰাতিপুৱাটোৰ পৰা সৰ্বশেষ সন্ধ্যাটোলৈকে বাজি থকা জীৱন জগত জ্যোৰ্তিময় কৰা 

সূৰ্যৰ বুকুত কটা সনাতন সংগীত।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages