ঢৌ
ববিতা দাস
তামুলপুৰ
আজি কালি গাঁওবোৰত দেৱালী বুলি ক'লে বোমা ফটাকা ফুটোৱাৰ ঢৌ উঠিছে,আৰু এখন প্ৰতিযোগিতা চলাই থাকে মনৰ মাজতে কোনে কিমান ফুটাব পাৰে, গোটেই ৰাতি ভাল টোপনি মাৰিব নোৱাৰিলো বোমাৰ শব্দত,আমি সৰু থাকোঁতেয়ে ভাল আছিল গাঁওবোৰত,কিমান শান্তিত আৰু হেপহেৰে দেৱালী পালন কৰিছিলো মনৰ মাজতে কথাবোৰ কৈ কৈ মণিমালাই চোতাল সাৰি আছিল,এনেতে গাওঁৰ সাৱিত্ৰীয়ে মাত দিলে বোৱাৰী ফটাকা বোমা মাৰিলিনে নাই,পুৱাই পুৱাই তেওঁক দেখি মণিমালাই মনতে ভাবিলে কাৰোবাৰ কিবা খবৰ আছে চাগে তাকে বিলাবলৈ তেওঁ পুৱাতে লৰ দিছে নাইও খুৰী মোৰ সেইবোৰলৈ ভয়ে লাগে, পিছে পুৱাই পুৱাই ক'ত যায় আপুনি ওলাই আহিছোঁ ৰহ্ অলপ পিছে ৰাতিৰ কথাটো শুনিলিনে নাই, সাৱিত্ৰীয়ে মণিমালা লৈ চাই সুধিলে।
মণিমালায়ে অলপ বিৰক্তিৰে সুধিলে, কিনো কথা মই একোৱেই শুনা নাই ছোন সাৱিত্ৰীয়ে ইফালে সিফালে চাই আৰু অলপ ওচৰ চাপি গৈ ক'লে, যোৱা ৰাতি বজালে নহয়, দিনত কি যে পেন পেনিয়া প্ৰেম আৰু ৰাতি কাৰ কথা কৈছেও মই একো বুজা নাই খুৰী - মণিমালাই ক'লে।
নিজৰা হতৰ কথা কৈছোঁ ও,তই আকৌ একোৱেই বুজি নাপাওঁ,যোৱা ৰাতি চাকি বন্তি জ্বলাই উঠি দুয়ো গিৰিয়েক ঘৈনীয়েকৰ তামাম কাজিয়া শেষত মাৰা মাৰি,সৰু জীয়েকে চিঞৰি চিঞৰি কান্দোতেহে আমি গম পালোঁ,একো নাখোৱা কৈয়ে পিছত শুই থাকিল গোটেই কেইটাই।
:- কি কথাতনো ইমান কাজিয়া হ'ল,সন্ধিয়া ছোন শৰাইৰ মাহ প্ৰসাদ খাব ময়ো গৈছিলো তেতিয়াটো সকলো ঠিকে আছিল - মণীমালাই কৈ উঠিল।
:- মই তোক মিছা কোৱা বুলি ভাবিছা নেকি বোৱাৰী, গাওঁৰ প্ৰায় তিৰোতায়ে গম পাইছে,কিবা টকা সুতত ধাৰে লৈছিল তাকেলৈ, ধাৰে লোৱা টকাৰে কি যে ধুন পেছ মাৰিব,ভালে হৈছে বুজিছা বোৱাৰী বুলি কৈ সাৱিত্ৰী গ'ল গৈ।
মণিমালাৰ মনটো বেয়া লাগি গ'ল তাই ভাবিলে এই বন্ধন বংক, আৰৰ্জিভেন আদি বোৰে যি দৰে এচামক বহুতে সহায় কৰিছে ঠিক সেইদৰে,আন এচামে নাভাবি নুবুজি ঋণবোৰ লৈ থাকে নিজৰ লাহ বিলাসৰ বাবে,আৰু শেষত গৈ হৈ পৰে ঘৰুৱা অশান্তিৰ কাৰণ, মণিমালাৰ চকুৰ আগত ভাঁহি উঠিল নিজৰা আৰু তাইৰ সৰু জীয়েক জনীৰ মুখ খন। ইমান ভাল দিন এটাত বেচেৰীহঁতৰ ঘৰত সেইটোৱেই হ'ল নে,
:-কি আজি চোতালে সৰি থাকিবা তুমি, চাহ পানী নিজে বনাই খাব লাগিব যেন পাইছোঁ - নীৰেনৰ মাতত মণিমালা উচপ খাই উঠিল,হয়তো তাই যে কিমান সময় ধৰি চোতালে সৰি আছে।
:- গৈছো ৰব বুলি কৈ তাই দৌৰা দৌৰি কৈ গৈ কাম বোৰ শেষ কৰি গা ধুই আহি গোঁসাই ঘৰত চাকি টো জ্বলাই আহি চাহ বনাব পাকঘৰত গৈ দেখিলে নীৰেনে চাহ দুকাপ বাকি তাই আহাঁ লৈ বাট চাই আছে।
চাহত এধোক খাই নীৰেনে ক'লে, আজি লেপ খন বনাব দিব নোৱাৰিম টকা নিমিলিল সঞ্চয় দুটাত টকা জমা দিব লাগিব,দুদিন পিছত মইনাকো পৰীক্ষাৰ বাবে পইছা লাগিব,নে অলপ সঞ্চয়টোৰ পৰা ধাৰ লওঁ,
:- নালাগে,এই মাহত নোৱাৰিলে কোনো কথা নাই, কিন্তু ধাৰ লোৱাৰ কথা নাকবা দে,"সুখ নাই" পদ্যটো পাহৰিছা, - মণিমালাই হাঁহি এটা মাৰি কথা খিনি ক'লে।
:- তুমি সাচাকে ভাল মনত ৰাখিছা দে মানিছো,সেই বাবে চাগে আমাৰ ঘৰত এতিয়াও বন্ধন আৰৰ্জিভেনৰ ঢৌ উঠা নাই - বুলি কৈ নীৰেনে মিঠা হাঁহি এটা মাৰিলে।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment