বন্ধন
চন্দনা ভাগৱতী
সময়বোৰ যেন দিনে দিনে অসহনীয় হৈ গৈ আছে। একোৱেই এতিয়া পোনপতীয়া হৈ থকা নাই।গোপনীয়তা যেন মানুহবোৰৰ চিৰসংগী।প্ৰত্যেকৰেই ভিতৰত যেন একো একোটা ঘাতক লুকাই আছে।ইফালে-সিফালে চাই খোজকঢ়া চিনাকী মানুহবোৰ দেখি হৰদত্ত হাজৰিকাই অলপ সষ্টম হৈছিল।এক ধৰণৰ লজ্জাবোধ অথবা সংশয়েও মনটোক ঘেৰি ধৰিছিল।উৰা বাতৰিয়ে সৃষ্টি কৰিব পৰা সংঘৰ্ষৰ ভয়ত তেওঁ সকলোৰে পৰা আতৰি ফুৰিবলৈ ধৰিছিল।
ক'ৰবাত এটা কুকুৰে ভুকভুকাই উঠিল।মাধৱীয়ে বিছনাৰ পৰা নামি আহি সন্তৰ্পনে খিৰিকিৰ আইনাৰে বাহিৰলৈ চালে,নাই ক'তো একো নেদেখি।ছোৱালী ৰীমাই নিদ্ৰাৰত কণ্ঠেৰে সুধিলে---কি হ'ল অ' মা-?
--নাই,একো হোৱা নাই।শুই থাক বুলি নিজেও পুনৰ শুবলৈ চেষ্টা কৰে।এনেদৰে প্ৰায় আজি কেবাদিনোধৰি তাই পাৰ কৰিছিল অন্তৰ্হীন উদ্দেগ আৰু উত্তেজনাৰ মাজত।
হৰদত্ত হাজৰিকা এখন বিদ্যালয়ৰ শিক্ষক।পত্নী ঢুকোৱা প্ৰায় ১২ বছৰেই হ'ল।ল'ৰা-ছোৱালীহাল বিদেশত থাকে।আহল-বহল চোতালখনেৰে সৈতে একোণত তেওঁৰ সৰুকৈ এটি আটোম-টোকাৰি ঘৰ।লগুৱা হৰি।অৰ্থাৎ হৰিদাস মাধৱ ৰায়।চমুকৈ হৰি বুলিয়েই মাতে।দুটা ডাঙৰ ডাঙৰ কোঠাৰে পত্নী আৰু ল'ৰা-ছোৱালীহালেৰে যথেষ্ট আছিল ঘৰটো,যদিও আলহী-দুলহী আহিলে অলপ অসুবিধাৰ সন্মুখীন হৈছিল।তথাপি চলি গৈছিল।ল'ৰা-ছোৱালীহালৰ স্কুলখন নিচেই ওচৰতেই আছিল।নিজৰ অসমীয়া মাধ্যমৰ স্কুলখনত নপঢ়াই তেওঁ ল'ৰা-ছোৱালীহালক ইংৰাজী মাধ্যমৰ প্ৰাইভেট স্কুলত পঢ়াইছিল।খুউব সুন্দৰভাবে সুখেৰেই চলিছিল তেওঁলোকৰ সৰু সংসাৰ।
ক্ৰমান্বয়ে ল'ৰা-ছোৱালীহাল ডাঙৰ হ'ল।সিহঁতে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত বাহিৰত উচ্চ শিক্ষা ল'বলৈ মন কৰিলে।পঢ়াত দুয়োটাই যথেষ্ট ভাল আছিল।সেয়ে মাকৰ বৰ এটা মন নাথাকিলেও দেউতাকে বিশেষ হকা-বধা নকৰি সিঁহতৰ মনৰ ইচ্ছাক প্ৰাধান প্ৰাধান্য দি বাহিৰত পঢ়াবলৈ বুলি সিঁহতৰ নামতে সাঁচি ৰখা বেংকত থোৱা টকাকেইটা উলিয়াই এদিন এইখন ঘৰৰ পৰা উলিয়াই দিছিল।উলিয়াই দিছিল মানে সঁচাকৈ ছোৱালী বিয়া দি এঘৰলৈ একেবাৰে উলিয়াই দিয়াৰ দৰে হৈছিল।কিয়নো,পঢ়ি-শুনি সিঁহতে তাতেই চাকৰিও কৰিব লৈছিল আৰু বিয়া-বাৰু কৰাই তাত নিগাজিকৈ থাকিবলৈও লৈছিল।খা-খবৰৰ নামত মাহেকত বেংক দ্ৰাফট কেইখনমান আৰু কেতিয়াবা কেতিয়াবা এটা ফোনকল।মাক ঢুকোৱাৰ সময়তো দুয়োটা পৰিয়াল অৰ্থাৎ পো-বোৱাৰী আৰু জী-জোঁৱাই আহিছিল কিন্তু তেওঁলোকে নিত্য কৰ্মখিনি কৰিয়েই লগুৱা হৰিক দেউতাকৰ লগৰীয়া কৰি থৈ গুচি গৈছিল।
এসময়ত পত্নী আৰু ল'ৰা-ছোৱালীহালেৰে গিজগিজাই থকা পৰিয়ালটোত এতিয়া হাজৰিকাই নিজৰ অস্তিত্ব বিচাৰিয়েই কেতিয়াবা হাঁহাকাৰ কৰি উঠে।দিনৰ দিনটো স্কুলত ল'ৰা-ছোৱালীৰ আগত চিঞৰি এসময়ত ভাগৰি পৰিছিল হাজৰিকা।এতিয়া হাজৰিকাৰ অৱসৰ লোৱাও প্ৰায় ২ বছৰে হ'বৰ হ'ল।বৰ অকলশৰীয়া,অবশ অনুভৱ কৰে হাজৰিকাই।
সময় গৈ আছিল।বেলিয়ে হেঙুলীয়া কিৰণেৰে আবেলিটোক আকোঁৱালি ধৰিছিল।হাজৰিকাই বজাৰৰ মোনাটো হাতত লৈ খোজ কাঢ়িয়েই ঘৰলৈ আহি আছিল।বজাৰখন ঘৰৰপৰা হাতেৰে ঢুকি পোৱা দূৰত্বতেই আছিল।হঠাৎ গাৰ কাষতে কোনোবা এজন ঢলি পৰা যেন পালে।তেওঁ তৎক্ষণাত তুলি ধৰিলে আৰু ওচৰে-পাজৰে কোন ক'ত আছে মাতি অ'টো এখন লৈ হাস্পতাললৈ লৈ গ'ল।তাত ডাক্তৰৰ পৰামৰ্শমতে ঔষধ পাতি কিনি মানুহগৰাকীক ঘৰত নমাই থৈ নিজ ঘৰলৈ গুচি আহিল।মনটো কিন্তু তেওঁৰ ভাৰাক্ৰান্ত হৈ থাকিল।ডক্টৰে কোৱা মতে তেওঁ এনিমিয়াত ভুগিছে।পুষ্টিহীনতাৰ বাবে দুৰবল হৈ মূৰ ঘূৰাইছে।জ্ঞান ঘূৰাই পোৱাৰ পিছত তেওঁৰ লগত হোৱা কথা বতৰাৰ পৰা গম পোৱা গ'ল যে একমাত্ৰ ছোৱালীেজনীৰ সৈতে তেওঁৰো এখন সুখৰ সংসাৰেই আছিল।কিন্তু সুখবোৰ সকলোৰে বাবে একে নাথাকে।গিৰিয়েকে তাইৰ লগত কাজিয়া কৰি এবছৰ আগতে আন কৰবালৈ গুচি গৈছে।খা-খবৰ একো এটাই গম নাপায়।চলিবলৈ তাইৰ বৰ অসুবিধা।আগৰেপৰা প্ৰাইভেটকৈ কৰি থকা বীমা কোম্পানীৰ কামটোৰে কোনোমতেহে চলি আছে।কথাবোৰ শুনি হাজৰিকা বৰ আবেগিক হৈছিল।দয়াবান হৃদয়ে শান্ত্বনা দিবলৈ একোঁ ভাষাই বিচাৰি পোৱা নাছিল।তাৰ পিছত তেওঁ ডক্টৰৰ পৰামৰ্শমতে কেতিয়াবা এটা ভিটামিনৰ বটল, বজাৰৰ পৰা এটা কলডিল,কাচকল,কচু,ঢেকীয়া আদি লৈ গৈ দি থৈ আহিছিল।এনেদৰে পিছলৈ তেওঁৰ আহ-যাহবোৰ সঘন হৈছিল।লোকচক্ষুৰ ওচৰত সেয়ে তেওঁ বদনামী হৈ পৰিছিল।তথাপিওঁ মনে মনা নাছিল।সন্ধিয়া হোৱাৰ পিছত কিছু ৰাতিকৈ তেওঁ যোৱা আৰম্ভ কৰিছিল।
আজি কিছুদিনৰ পৰাহে যেন তেওঁ শান্তিৰে থাকিব পৰা নাই।তেওঁক উদ্দেশ্যি কোৱস বাক্যবাণবোৰে কৰ্ণকুহৰত প্ৰৱেশ কৰি একেবাৰে বুকুৰ ভিতৰলৈ এপাত শেল হৈ বিন্ধিছিল।'পৰকিতি লৰা বুঢ়া'
আস-!অসহ্যকৰ এই শব্দ।
সেইদিনা শণিবাৰ।শণিবৰীয়া বজাৰ বহে ওচৰতে।তেওঁ বজাৰৰ মোনাটো লৈ ইবিধ-সিবিধকৈ বস্তু কিনি থাকোতে দেখিলে বজাৰত বহুতো ৰং-বিৰঙৰ ৰাখী দোকানবোৰত ওলমি আছে।দোকানীক সুধি গম পালে পিছদিনা ৰাখীবন্ধন।তেওঁৰ মগজুত জানো কি বুদ্ধি খেলিলে এটা ধুনীয়া ৰাখী কিনিলে।মিঠাইৰ দোকানৰ পৰা মিঠাইও কিনিলে।তাৰ পিছত তেওঁ ঘৰলৈ আহি মিঠাইখিনি ফ্ৰিজত ভৰাই থ'লে।পিছদিনা ৰাতিপুৱা সোনকালে উঠি গা-পা ধুই প্ৰথমতে ওচৰতে থকা শিৱমন্দোৰটোলৈ গ'ল।তাৰ পিছত ৰাখী আৰু মিঠাইৰ টোপোলাটো লৈ মাধৱীহঁতৰ ঘৰলৈ গ'ল।মাধৱীক মাতি আনি ৰাখীটো পকেটৰ পৰা উলিয়াই ক'লে---এই ৰাখীটো মোৰ হাতত পিন্ধাই দিয়া মাধৱী।মোৰ যদিও বয়সে ৬৫ ৰ ওচৰা-ওচৰি হৈছে।তথাপি তোমাক ভনীয়েকৰ দায়িত্ব ল'ব পৰা হৈ আছোতো।মানুহবোৰৰ মুখৰ বচনবোৰ এই ৰাখীটোত বান্ধি দিয়া।সজোৰে বান্ধি দিয়া যাতে এই বন্ধন যুগমীয়া হৈ থাকে।
হাজৰিকাৰ হাতৰ পৰা ৰাখীটো লৈ মাধৱীয়ে হাজৰিকা দাদা বুলি ৰাখীটো পিন্ধাই দিলে আৰু ভৰি দুটা চুই এটি সেৱা জনালে।দুচকুৰে বাগৰি অহা লোটকে হাজৰিকাৰ ভৰি চুলে।তেওঁ আৰু একো কথা ক'ব নুখুজিলে।চোতালত ৰৈ থকা মানুহৰ জুমটো ঠেলি তেওঁ নিজৰ ঘৰ অভিমুখে খোজ পেলালে।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment