তুমি কেনে আছা সুধিব পাৰোনে ?
পপী চহৰীয়া
মঙলদৈ, দৰং
তুমি কেনে আছা সুধিব পাৰোনে?
এজাৰবুলিয়া হৈ বলেচোন
তোমাৰ মন ফাগুনৰ পছোৱা
এতিয়াও বলেনে
তোমাৰ মন বিননিত
বাউলী ফাগুনৰ ধুমুহা
তুমি কেনে আছা সুধিব পাৰোনে?
জানিলেই চাগৈ
সুখী অনুভৱ কৰিম মই
সপোনৰ কাৰেংত সাজিম
সপোনৰ বালিঘৰ
তোমাৰ বিদায় পৰত
সেমেকি উঠা নাছিল
মোৰ দুচকু
এতিয়া,
তুমি কেনে আছা সুধিব পাৰোনে?
অমৃততো হেনো বিষ উপজে
ঠিক তেনেকৈ
প্ৰেমৰ সিপিঠিতো ঘৃণা থাকে
তথাপিও
তুমি মোৰ আজীৱন
তুমি হৈয়ে ৰলা।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment