ধাৰ
হীৰক কলিতা
নলবাৰী
তুমি টিউচনৰ দুই মাহৰ পইচা দিয়া নাই কাইলৈ লৈ আহিবা কাইলৈ মাহটোৰ অন্তিম দিন। ঠিক আছে ছাৰ, তেন্তে আজি তোমালোকৰ টিউচন শেষ ঘৰলৈ যাব পাৰা। ঘৰলৈ আহি দেখিলোঁ দেউতাই কামৰ পৰা আহি অলপ জিৰণি লৈছে। দেউতা, কাইলৈ মাহটোৰ অন্তিমটো দিন ছাৰে টিউচনৰ পইচা দিব কৈছে। ঠিক আছে তই ভালকৈ পঢ়া শুনা কৰিবি মই কাইলৈ পইচা দিম। ৰাতিপুৱা ঘৰৰ পৰা আহোঁতে দেউতাই হাতত পইচা দি মুৰত হাত বুলাই ক'লে ছাৰক দিবি আৰু ভালকৈ পঢ়িবি। ঘৰৰ পৰা টিউচনলৈ আহোঁতে বন্ধু প্ৰশান্তক লগ পালোঁ, সি ক'লে তহতৰ ঘৰত কিবা পইচাৰ টান পৰিছে নেকি মই কলো নাই কিয় সুধিলি ? নহয় কাইলৈ গধুলি খুড়াই মানে তোৰ দেউতাই আমাৰ দেউতাক ওচৰত পইচা ধাৰ কৰিব গৈছিল........!!
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment