মই গৃহিণী
দিপ্তী মনি গোস্বামী
লালুক, লখিমপুৰ
মই এজনী সাধাৰণ গৃহিণী
ব্যস্ততাৰ বেমেজালিৰ মাজত
কেতিয়াবা চেপিবলৈ থাকি যায় মোৰ তিয়নী।
মই এটা চাবি দিয়া পুতলা
চাবি পকোৱাৰ নাই নিয়ম শৃংখলা
যাৰ যেনে ইচ্ছা তেনেকৈ পকায় মোক নচোৱায়।
পুহৰ ঠেঁটুৱাত নকঁপে মোৰ
খালি ভৰিৰ গৰম বস্ত্ৰ বিহীন শৰীৰ
শাওণৰ গৰমত জুইৰ তাপত ঘাম নোলায় মোৰ।
মই ঘৰৰ গৃহিণী পকা ৰান্ধনী
বিধে বিধে ব্যঞ্জণেৰে সকলোকে কৰোঁ আপ্যায়ন
কোনো দিনেই কোনেও নিদিয়ে শলাগৰ শৰাই এখন।
মই পিতৃ গৃহ তেজী অহা জীয়ৰী
শহুৰৰ ঘৰৰ সকলোকে দিওঁ বুকু ভৰা আদৰ সন্মান
মই প্ৰতি পদে পাওঁ মাথো অনাদৰ অৱহেলা অপমান।
মই সহি সহি সহি যাওঁ সকলো
আনে দেখাকৈ মই টুকিব নোঁৱাৰো চকুলো
মই যে গৃহিণী মইয়েই তো ত্যাগ কৰিব লাগিব সকলো!
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment