জীৱাণু
জ্যোতিময় খাটোৱাল
বাৰেকুৰি, তিনিচুকীয়া
মুধাফুটা ভেলাঘৰত সুখ আছিল
নৰাবেৰৰ ফুটাৰেদি দেখিছিলো আনন্দত উন্মনা শিশু এজাক
মাঘবিহুৰ ভোজথলীত উদযাপন কৰিছিল বাল্যকালৰ বিশেষ দিন এটা।
গাঁৱৰ পোৱালিকেইটাৰ চান্দাতোলা বেগটোৱে
জীয়াই তুলিছিল ভোগালীৰ এভাগ।
বতাহ বৰষুণ নমনা শিশুজাকৰ কৰ্মস্পৃহাত
বাঢ়িছিল মেজিৰ জুইৰো উত্তাপ ।
ভেলাঘৰত ভৰ যৌৱনা বিনিদ্ৰ ৰাতিটো এটাত
সাৰে থাকিছিল মঘাই, ভদাই , কলাইহঁতৰ প্ৰেম
আজিলৈকে সাঁচি ৰাখিছোঁ মই সিহঁতৰ গুপুত প্ৰেমৰ কথাবোৰ ।
মেজিৰ জুইত বছৰটোলৈ জ্বলিছিল জীৱনৰ দুখ
অথচ জ্বলা নাছিল মোৰ
হতাশাৰ একুৰা মোৰ বুকুত জ্বলে প্ৰতিদিনেই
মেজিৰ জুইৰ দৰেই ।।
আজিকালি ভেলাঘৰত আগৰ সুখ নাই
মঘাই আজিকালি ডাঙৰ মানুহ হ'ল
শুনিছো সি হেনো মহানগৰীৰ চাকৰিয়াল ।
ভদাইৰ স্মাৰ্টফোন ধাৰী পোৱালিটোৰ দৰেই
মঘাইৰো দেখাত ধুনীয়াকৈ পোৱালি দুটাই
ভেলাঘৰৰ বাকৰিত সিহঁতে বামপানী খেলিব নাজানে !
জীৱনত মোৰ দৰেই হাৰি যোৱা কলাইক
আমাৰ গাঁৱত দেখা নোপোৱা বহুদিনেই হ'ল ।
কলাইৰ দৰেই আজিকালি
মোৰ মনেও ঢুকি নাপায় মাঘৰ সুখ ।
কঙালি জীৱন এটা লৈ প্ৰতিদিনে
চহকী মানুহবোৰৰ ৰঙত বুকু জ্বলাৰো কেইবাবছৰ হ'ল ।
হতাশাৰ কণিকা এটিত জীৱন ভৰাই উপঙিযে আছোঁ
কেনেকৈ হাঁহি দিও সামান্য উৎসৱ এটিত ?
এইবাৰলৈও থাকক মোৰ মাঘৰ বিহু
অহাবাৰ যদি বিচাৰি পাও জীৱনত পোহৰৰ বাট এটি
মেজিৰ জুইত সঁপি দি মোৰ সমস্ত দুখবোৰ
ভেলাঘৰত নিশা এটি কটাম, অকশৰীয়াকৈ হ'লেও।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment