কেনে আছা ?
নাজবিন চুলতানা
পাটসাঁকো
মেঘাচ্চন্ন দোৱাৰত টোকৰ মাৰি
সোধাচোন এবাৰ
যে কেনে আছা ?
ক'বও পাৰো কিজানি
যে থমকি ৰ'ল সেউজীয়াবোৰ
তোমাতেই
জোনাকৰ বালিৰে সঁজা পঁজাটি
আজিচোন
আবেগৰ বৰষুণে ভিজাই পেলাইছে ....।
নাই,
নাই সেই অতীতৰ উৎসাহ
আউসীৰ চোতালত আচুতীয়া
মৰমবোৰৰ ভেঙুচালিৰ কিৰিলি,
প্ৰকোপ আশ্বাসৰ আধৰুৱা সোপান
সময়ৰ হেতালি।
জীয়া জীৱনৰ আলোচ্য চিত্ৰৰ
হাজাৰটা বাটৰ নিঃশেষ প্ৰত্যুত্তৰ
আৰু অশেষ ভাষাৰ অগনন কথা,
তুলি দিলা হাতত জীৱনৰ কাৰণে
তুমিয়ে
একোটা প্ৰস্তৰ।
সোধাচোন এবাৰ যে
কেনে আছা ?
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment