পৰিসৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

পৰিসৰ



 পৰিসৰ


                   হিমাংগ দাস  


সৌ পথাৰখন য'ত শেষ হৈছে

তাতেই বাঁহনিখন আৰম্ভ


বাঁহনিখন য'ত শেষ 

তাতেই গাঁওখনৰ আৰম্ভণি


গাঁওখন য'ত শেষ

তাতেই অইন গাঁওখনৰ আৰম্ভণি

তাৰ পিছত চহৰ 

মহা মহা নগৰ

দেশ বিদেশ সাগৰ


এনেকৈ গৈ গৈ পৃথিৱী শেষ


পৃথিৱীৰ য'ত শেষ

তাৰপৰাই সদায় পুৱা উঠি আহে 

ৰঙা বেলি।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages