হেৰাই যোৱা সুৰৰ সতে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, January 31, 2024

হেৰাই যোৱা সুৰৰ সতে

 


হেৰাই যোৱা সুৰৰ সতে…


                                              ববী দত্ত

                                              টীয়ক


বহু দিন সাঁচি সামৰি ৰিহাৰ আঁচলত টোপোলা বান্ধি ৰখা সুৰটো হঠাতে হেৰাই গৈছিল

আবেগ বিহ্বল হৈ বিচাৰি চলাথ কৰাৰ সময়ত

বিবৰ্ণ হৈ পৰিছিল ভৰুণ দুপৰীয়াৰ উশাহ ।


বেনামী দুখবোৰে মালিতা ৰচিবলৈ প্ৰয়াস কৰাৰ বিচলিত সময়তে

আবেলিৰ উভতনি চৰাইৰ ডেউকাত আজৱ শব্দই

পোখা মেলিছিল।


হেৰুৱা সুঁতিৰ সন্ধানত বুকুৰ অধঃপ্ৰস্ফুটিত মাধৈমালতী বুকুতে লেৰেলিল

চপৰা চপৰে খহি পৰিছিল 

কজলা দুখৰ প্ৰণামী আকাশ !


শিলত শেলুৱৈ গজা সময়তো হেৰাই যোৱা সুৰটো

বিচাৰি পোৱা নগ'ল।


সুবিনীত সেউজী মনত কবিতাৰ গৰখীয়া সুৰটো গোপন অতিথিৰ দৰে এদিন নিজে আহিব

পাহি মেলি মোৰ চোতালত বকুল আৰু 

শেৱালি সিঁচিব

জিঞা পাখিত কঁপিব প্ৰত্যাশাৰ আদৃত নিচান।


এৰেহা সুঁতি সাঁতুৰি নাদুৰী পাৰ হৈ আহিব

এজাক আশাৰ ষোড়শীযৌৱনা চম্পাৱতী হাঁহি।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages