মাত এষাৰৰহে কথা
ৰৌচন আলি
পথাৰে মাতে বুলি শুনিছোঁ
উদঙৰ দিনত
গৰু গোৱালক
শুকান নৰাৰ মৰমৰণিত
কাৰ ঘৰৰ চোতালৰ উৰুলিয়ে
কাৰনো পানী তোলা বাট আগুচি ধৰে !
মাত এষাৰৰহে কথা
উজানৰ দিনত ভেকুলীয়েও
টোৰটোৰাই মাতে
মহঙা দিনতনো কোনে কাৰ মুখলৈ চাই
মাত
এষাৰ পাবলৈ ৰৈ থাকে
মানুহে অগা-ডেৱা কৰে
মাত এষাৰৰ বাবে
কাৰ অমিয়া মাত
ক'ত মিলি গ'লে
ভিৰৰ মাজত কোনে কাৰ স'তেনো সন্ধি পাতে ।
সন্ধি পতা আৰু ভঙা
নিয়মৰ খেল
জীৱনৰ লেখ-জোখ কৰাতকৈ
হিচাপ কৰোঁ আহক
আমি কিমানে কাৰ স'তে
কিমান ভাঙিলোঁ আৰু কিমান পাতিলোঁ
সন্ধি
মাত এষাৰৰহে কথা
সন্ধিনো কি
ভাঙিবও পাৰি, পাতিবও পাৰি
বাৰিষা ভেকুলীয়ে টোৰটোৰালে
গড়ালৰ হাঁহেও পেকপেকাই
শিয়ালে হোৱা দিলে
কুকুৰে ভুকাৰ নিয়ম নাথাকিলেও
চুবুৰীত ৰাউচি পাৰে
ভতুৱা কুকুৰে
কুলিয়ে মাতিলে
কেতেকীয়ে মতাৰ নিয়ম জানো আছে
তথাপি মাতে
এইযে নিয়মহীন নিয়মবোৰৰ পৰাই
আমি
নিয়ম কিছুমান বান্ধো
যিদৰে সন্ধি পাতোঁ আৰু ভাঙো
ইমান নিয়মৰ মাজত
নিয়মৰ খেল এখনকেই খেলোঁ আহক
সন্ধিৰ দৰেই
ভাঙো আৰু পাতোঁ
মাত এষাৰৰহে কথা
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment