কুকুৰাৰ ডাকত সাৰ পোৱা গাঁওখনলৈ এদিন আহিবা
লক্ষী প্ৰসাদ ৰেগন
মাজুলী
নৈৰ পাৰবোৰ ওলাল
অগৰাবোৰ গজিছে এতিয়া তাত। নলৰ গজালিবোৰ মুচৰি
ম'হজাক এইমাত্ৰ আঁতৰি গৈছে
সময় পালে লৃগাঙত পাক এটা মাৰিবা
টুনী নৈৰ পাৰতে আমাৰ ঘৰ
নদীখন এতিয়া ৰূপৱতী বা গুণৱতী কোনোটোৱে নহয়
পাৰে পাৰে বালিমাহী চৰাই এজাক দেখিবা
আৰু মৃত শামুকৰ খোলা
দুহাজাৰ আঠ চনতেই শেষ হ'ল
ওপৰ সোনোৱালৰ অই নিঃতমবোৰ। ছেদেলি-ভেদেলি হ'ল
সুখ দুখৰ মাত
অ'ত ত'ত জুপুৰি সাজি মানুহবোৰ উজাগৰে আছে
বুকুৰ কামি হাড়ৰ ভিতৰত থকা
কলিজাটো উমনি দি
লেম্প চাকিৰ পোহৰত অস্পষ্ট নিশা আমাৰ ঘৰবোৰ
সৰিয়হ ফুলৰ হাঁহিৰ দৰে
দেখিবা আমাৰ চঞ্চল মনৰ মাজত এসাগৰ ঢৌ
কুকুৰাৰ ডাকত সাৰ পাই গাঁওখন
উৰালবোৰ কঁপি উঠে কাহিলি পুৱাতেই
চহৰীয়া জীৱনবোৰে আমাৰ গাঁৱত আধা টোপনি মাৰে
পুৱা লাজ-বিজ ঢাকি কয়
কালি ৰাতি শুবই নোৱাৰিলো
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment