অংক জংক পকং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, January 31, 2024

অংক জংক পকং

 


অংক জংক পকং


আগমনি ফুকন শইকীয়া



খোজত

ভাৱনাই মৌ চুহে

পথাৰত কলমৰ খোজ, থৰকাছুটি হেৰায়


সত্য বাস্তৱ

অসত্য পৃথিৱী


চাৰিওফালে

বিৰ দি নোপোৱা বাট। হেঁচা-ঠেলা,

পিচল বাট।


পথাৰৰ আলি কাটি 

মাছুৱৈৰ

জাল_জাকৈ_ঠোহা_চেপাৰ 

লাইন লাইন শাৰী


তল-ওপৰ

ওপৰ-তল, তল-খুচৰীয়াৰ নানান যুক্তি

তুলাচনীত আচলতে থাকে কি ! 

আখৰ নে শব্দ

দল নে সমদল !


অংকই খোজকাঢ়ে। হাত তালিয়ে খাল খান্দে

তাতেই পিচলি কঁকাল ভাঙে


সময় যে নিৰুপায় !


মিলিলে তাল

নিজলৈ ভাল


নহ'লে কবিয়ে কোৱাৰ দৰে

"আপোন ভালেই জগত ভাল"


কথাষাৰ হয়নে নহয় !

নহয়নে হয়

মোক নুসুধিব


মোৰ বাবে অংক

এতিয়াও জংক-পংক


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages