ঋণ
জুৰি বেনজিৰ
অধিবক্তা, গৌহাটী উচ্চ ন্যায়ালয়
হৰেন আৰু মালতীয়ে কাহিলিপুৱাতে উঠি খেতি পথাৰলৈ আহিল। বন্ধাকবি, ফুলকবি কাটিব পৰা হৈছে। আজি হাটবাৰ, জিতেনৰ ঠেলাখন ঠিক কৰিছে পাচলিবোৰ বজাৰলৈ নিবৰ বাবে।
মালতীয়ে হৰেনক সুধিলে,
: এইবাৰৰ খেতিৰ পাচলি বেচি বেংকৰ ঋণ পৰিশোধ কৰিব পাৰিম জানো ? তিনি বছৰত সুদেই চোন বহুত হ’ব।
: এৰা, কি যে হব ভাবিয়ে পোৱা নাই, ভৰি ভাঙি দুটা বছৰ বিছনাত পৰি নথকা হলে কেতিয়াবাতেই ঋণ পৰিশোধ কৰিব পাৰিলো হেতেন।
কথাখিনি কৈ হৰেনে দীঘলকৈ হুমুনিয়াহ কাঢ়িলে।
এনেতে হৰেনে নিতাইক আহি থকা দেখি সুধিলে,
: কলে যোৱা হে ?
: তোৰ কাষলৈকে আহিছো দাইটি।
:কি হল কচোন।
মালতী, হৰেন আৰু নিতাই আলিটোতে লেপেটা কাঢ়ি বহিল। নিতাই য়ে কলে,
: গোপালৰ পুতেক নাহৰ যে, তাৰ হেনো তৰালীক বৰ পছন্দ। আজি মোক নাহৰৰ পিতাই গোপালে কলে যে যদি তহঁতে সন্মতি দিয়' তেন্তে বিয়াৰ কথা আগবঢ়াব।
মালতীয়ে হৰেনৰ মুখলৈ চালে। হৰেনে কলে,
: তগৰৰ বিয়াৰ বয়স হৈছে, নাহৰ লৰাজনো ভাল, ঘৰখনো ভাল কিন্তু কেনেদৰে বিয়াখন উঠাম, ঋণৰ বোজাত পোত গৈ আছো।
মালতীয়ে আগৰ পৰাই নাহৰক খুব মৰম কৰে,বৰ ভাল লৰা। মনতে ভাবিয়ে থৈছিল কিবাকৰি যদি তগৰক সেইখন ঘৰৰ বোৱাৰী কৰি পঠাই দিব পাৰিলে হয়, তাই বৰ সুখত থাকিল হয়। মালতীয়ে নিতাইক কলে,
: নিতাই, নাহৰক মোৰ খুব পছন্দ, পাৰা যদি তেওলোকক কৈ এটা বছৰ ৰখাই দিয়া। আমি কষ্ট কৰি হলেও ঋণ মাৰি অলপ টকা গোটাই লও। খালি হাতেৰে কেনেকৈনো বিয়াখন পাতো।
নিতাইয়ে কলে,
: হব দিয়ক, মই তেওলোকক কথাখিনি বুজাই কম। তগৰক পছন্দ কৰিছে যেতিয়া তেওলোকে নিশ্চয় এবছৰ ৰৈ দিব।
কথাখিনি কৈ নিতাই গুচি গল। মালতীয়ে হৰেনক কলে,
: খেতি চপোৱা হলে তুমি চহৰলৈ যোৱা, তাতে ৰিক্সা এখন ভাড়া লৈ চলালেও অলপ টকা আহিব। মই আৰু তগৰে খেতি চাম, সিদিনা গাওঁবুঢ়াৰ ঘৈণীয়েকেও বনকৰা মানুহ এজনী লাগে বুলি কৈছিল। সুধি চাওঁ, দুঘৰ মান মানুহৰ ঘৰত কাম কৰিলেও টকা কিছু আহিব। এই এটা বছৰ যেনেকৈ হওক ঋণ পৰিশোধ কৰি তগৰৰ বিয়াৰ খৰচ যোগাৰ কৰিব লাগিব।
হৰেনে মালতীৰ ফালে চাই দুখৰ হাঁহি এটা মাৰি কলে,
: দুখীয়া হৈ জনম লোৱাটোৱে পাপ জানা, তোমাকো কেতিয়াও সুখৰ মুখ দেখাব নোৱাৰিলো।
: তেনেকৈ নকব, অকল টকাৰ হে অভাব, তাৰ বাহিৰে মোক যি মৰম দিছে তাত মই বহুত সুখী।
মালতীয়ে হৰেনলৈ চালে, হৰেনৰ চকু চলচলীয়া হৈ উঠিল।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment