![]() |
অমানিশাৰ বুকুত এটি জোনাকী
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
স্নিগ্ধ জোনাক মোৰ সদায়েই প্ৰিয় ৷জোনাকৰ জোনালীৰ বুকুত মোৰ মনৰ আৱেগবোৰৰ হিচাপ নিকাচ কৰি ভাল পাওঁ। পূৰ্ণিমাৰ জোনৰ প্ৰেমত পৰোঁ বাবেই হয়তু মোৰ মনটোৱে মুকলি আকাশৰ তলত জিৰণি লব খোজে বাবে বাৰে। মোৰ মনটো তেনেই এক তেজাল ঘোঁৰা ।দৌৰিব খুজোঁ মই সময়ৰ হতেঁ৷ ৰাতি প্ৰায় ১১ মান বাজিছে। মোৰ মনটোৱে জোনাকৰ জোনালীৰ বুকুত উমলিব খুজিছে ৷নাই নহয় অলপ উলাই যোৱাই ভাল হব ৷বন্ধু অম্লানলৈ ফোনটো লগালোঁ ৷ৰাতিৰ সময়ত গাড়ীখন লৈ অকলে উলাই যাবলৈও মনটোৱে নকলে ।অন্তত লগ এটা হ’লে বিন্দাছভাৱে এপাক ঘুৰি আহিব পৰা যায়। মহানগৰীৰ মায়াত বন্দী সকলো ৷আজৰি সময় যেন মাজৰাতিহে ৷অন্ততঃ মহানগৰীয়ে অলপ হ’লেও উশাহ পায় মাজনিশা ৷বেছি ভাবি নাথাকিলোঁ আৰু গাড়ীখন লৈ একে কোবে অম্লানৰ ঘৰ পাই তালৈ ফোন লগালোঁ ৷সি পোণেপোণে আহি মোৰ গাড়ীৰ ড্ৰাইভিং চিটটো দখল কৰিলে ৷ময়ো বেয়া পোৱা ভকত নহয় কাষৰ চিটত বহি অন্ততঃ মই জোনাকৰ সৈতে প্ৰেমালাপ কৰিব পাৰিম ৷ সেইসময়ত গাড়ীৰ চাউণ্ডচিচটেমত জুবিনদাৰ কণ্ঠৰ এটি প্ৰিয় গীত বজাই দিলোঁ ৷
’জোনাকে কাণে কাণে আহি ক’লে
নিবিৰ অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ’ ৷
জুবিনদাৰ এই গীতটিয়ে মোৰ হৃদয়ৰ কোনোবা কোণত খুচি ধৰে ৷ মোৰ মনৰ অনুভৱত এই গীতটোৰ প্ৰভাৱ নথকাওঁ নহয় ৷অম্লানে গীতটিৰ লগে লগে আওৰাই গ’ল ৷মোৰ মনে কিন্ত জোনৰ বুকুৰ জোনালীৰ সৈতে প্ৰেমালাপত ব্যস্ত হবলৈ ধৰিলে ৷ উফঃ মোৰ আৱেগবোৰ জড়িতহৈ এই জোনটিৰ সৈতে। সেই যে আকাশৰ বুকুত জোনটিৰ মিচিকিয়া হাঁহি তেনেই মোৰ প্ৰেয়সীৰ দৰে ৷জোনাক ৰাতিৰ জোনটিৰ বুকুতে মই তাইৰ আৱেগবোৰ বিচাৰি পাওঁ। কিমান নিষ্পাপ তাইৰ মৰমলগা হাঁহিটো। তাইৰ মোৰ কাষত নাই বাবেই হয়তু মই অনুভৱ কৰোঁ জোনাকৰ জোনালীৰ আৱেগবোৰক৷ চৌদিশে মাথোঁ অনুভৱ কৰোঁ মই তাইৰ উপস্থিতি৷ কিয়নো এই মায়াময় নিশা মোৰ প্ৰেয়সী মোৰ কাষত থকাহেঁতেন সংসাৰৰ সকলোতকৈ সুখী ব্যক্তিজন ময়ে হ’লোহেঁতেন ৷উফঃ যন্ত্ৰণা ৷ সময়ৰ শৰ সময়ত মাৰিম নোৱাৰাৰ দোষতে হয়তু তাই আজি মোৰ কাষত নাই ৷ভুল কাৰ? বাৰেবাৰে নিজৰ মনটোক প্ৰশ্ন কৰোঁ ৷অলপ মোৰ অলপ তাইৰ ৷হয়তু ভাগ্যৰ ৷ ভাগ্য বিধি কোনেও খণ্ডাব নোৱাৰি ৷উফঃ অসহ্যকৰ বিষ এটাই মোৰ হৃদয়ৰ কোণত মিহিকৈ খোচ এটা মাৰিলে। এই মায়াময় জোনাক ৰাতিৰ প্ৰেমত পাগল মই। তাই মোৰ কাষত নাই যদিও ভগৱানক সদায়েই কওঁ তাই সুখত থাকক ,কিয়নো মই ভালদৰেই অনুভৱ কৰোঁ তাইক। তাই কেতিয়াও বেয়া নাছিল আৰু কেতিয়াও বেয়া নহয় ৷অতীতে যেতিয়াই খুন্দিয়াই মনত কষ্ট পাওঁ সেয়ে হয়তু মনটো পাতল কৰিবলৈ মই জোনাকৰ লগত সময় কটাই ভাল পাওঁ ৷অতীতৰ কথাবোৰে আমনি কৰিলে মোৰ নিজৰ ওপৰতে খং উঠে। কেনেবাকৈ অতীতক ঘুৰাই পোৱা হ’লে, উফঃ অসহ্যকৰ অনুভৱ ৷ কথাবোৰ অনুভৱৰ জখলাৰে বগোৱা বাই যোৱাৰ বাবে বৰ আকুলতাৰে চকু দুটা মুদি দিলোঁ। কিমান সময় যে তেনেদৰে পাৰ কৰিলোঁ গমকে নাপালোঁ।
‘মই মৰিলোঁ অ,মৰিলোঁ অ,.....
বচোৱা মোক......’
কোনোবা নাৰী ক্ৰন্দনত মোৰ তন্দ্ৰা ভাগিল ৷উচপ খাই উঠিলোঁ। দুৰৈৰপৰা দেখিলোঁ এজন পুৰুষে এগৰাকী মহিলাক টনাআঁজোৰা কৰি আছোঁ। দৃশ্যটো দেখাৰ লগে লগে মোৰ সৰ্বশৰীৰ খঙত কপিবলৈ ধৰিলে।’ অম্লান গাড়ী ৰখা’
সেইসময়ত মই কিমান জোৰত চিঞৰিছিলোঁ মই গমকে নাপালোঁ ৷অম্লানে হয়তু বুজিব পাৰিছিল যে মোৰ সেইসময়ত প্ৰচণ্ড খং উঠিছিল ৷ সি ভালদৰে জানে মোক ,অমানৱীয় কিবা কাম দেখিলে মোৰ খংটো মই কন্ট্ৰোল কৰিব নোৱাৰোঁ ৷ অম্লানে সঁজোৰে গাড়ীত ব্ৰেক মাৰিলে ৷আমি সেই চিটুৱেচনৰ একেবাৰে কাষত গৈ পালোঁগৈ ৷ কাষ চাপি মই অনুভৱ কৰিলোঁ মহিলাগৰাকী মানসিক ভাৰসাম্য হেৰুৱা এগৰাকী মহিলা। কিয়নো মহিলাগৰাকীৰ আচৰণত একেবাৰে সুস্থিৰতা নাছিল। মহিলাগৰাকীৰ অৱস্থাটো দেখি মোৰ কাপুৰুষটোলৈ অসহ্য খং উঠিল ৷নিজকে সংযম কৰিব নোৱাৰিলোঁ। গাড়ীৰপৰাই মই সেই মহান কাপুৰুষজনক পিতিবলৈ আৰম্ভ কৰিলোঁ। কিমান সময় মই তাক পিটিলো মই গমকে নাপালোঁ। অম্লানে মোক অতঁৰাবলৈ বহুত চেষ্টা কৰিও বিফল হ’ল। কাপুৰুষজনে ভয়তে মোৰ ভৰিত পৰি ক্ষমা বিচাৰিছিল। মই মানুহজনক ক্ষমা কৰিব পৰা নাছিলোঁ। মই ধৰিব পাৰিছিলোঁ মই খঙতে কপি আছিলোঁ। কিছুপৰ তেনেকৈ সময় কটোৱাৰ পিছত মই মহিলাগৰাকীক ৰাস্তাত বিচাৰিলোঁ। নাই সিমান সময়লৈ মানুহগৰাকী সেই ঠাই পৰিত্যাগ কৰিছিল।
বহু সময় ধৰি শান্ত হব পৰা নাছিলোঁ ।অম্লানৰ অনুৰুধত মই গাড়ীত বহিলোঁ। কিন্ত বাৰেবাৰে এই কথাটোৱে মোক আমনি কৰি থাকিল। কিয় হয় এনেকুৱা মানুহৰ মানসিকতা? কিয় ৰাস্তাত থকা মানসিক বিকাৰগ্ৰস্ত এগৰাকীও বাছি যাব নোৱাৰে ? আজি ঠিক সময়ত আমি পালোঁ কাৰণে তাই বাচি গ’ল। কিন্তু দিনকদিনে কিমানৰ ওপৰত এনে অত্যাচাৰ হৈ আছে ? উফঃ কিমান পুৰুষ মায়াময় নিশাৰ সান্নিধ্যত কাপুৰুষ হৈ পৰে! যেতিয়ালৈকে আমি আমাৰ মানসিকতা সলনি কৰিব নোৱাৰিম তেতিয়ালৈকে এনে ধৰণৰ অপৰাধ হৈয়ে থাকিব। কথাবোৰ চিন্তা কৰি মনটো কিবা গধুৰহৈ পৰিল৷ গধুৰ ভাৱৰ মনটোৰে সৈতে ঘৰমুৱা হ’লোঁ।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment