যুৱ উচ্ছৃংখলতা আৰু আধুনিক সমাজ
নবীন চন্দ্ৰ মেধি
গোলাঘাট
আধুনিক অসমীয়া সমাজৰ এটা বিশেষ মন কৰিবলগীয়া বিষয় হৈছে যুৱ উচ্ছৃংখলতা । উচ্ছৃংখলতাৰ গৰাহত যুৱক যুৱতীসকল ইমানেই দকৈ শিপাইছে যে আজিৰ যুৱক যুৱতীসকলৰ কাষেৰে পাৰ হৈ যাবলৈ ধৰোতে নিজেই সাৱধান হৈ যাব লগা হয় । মদ ভাং ধপাত বিড়ি চিগাৰেট সেৱন কৰাৰ লগতে শিখৰ , গুটখা, পাণ মছলা , কমলা পচন্দ , তালাব আদি বিভিন্ন ধৰণৰ মুখৰোচক সামগ্ৰী সমূহ অনবৰতে মুখত লৈ ফুৰা দেখা যায় । এতিয়া এইবোৰ সামগ্ৰী সকলো দোকানতে সহজলভ্য হৈ পৰিল ।
শিশু কিশোৰ আৰু যুৱক যুৱতীসকল দৰাচলতে অনুকৰণপ্ৰিয় । যেতিয়া ডাঙৰ লোকসকলে এইসকল যুৱক যুৱতীৰ আগত এই জাতীয় দ্ৰব্য বা বস্তু সেৱন কৰে তেতিয়া শিশু সুলভ স্বভাৱৰ বাবে এই কথা অনুমান কৰে যে এয়া ভাল বস্তু । ডাঙৰসকলে খাই যেতিয়া আমিও খোৱাত বাধা নাই। এদিন দুদিনকৈ এইবোৰ সামগ্ৰী খাবলৈ শিকাৰ পিছত ই ৰাগীত পৰিণত হয় আৰু নাখালে থাকিব নোৱাৰা অৱস্থা হয়গৈ ।
শিশুৰ চৰিত্ৰ গঠনত কেবাটাও কাৰকে মূখ্য ভূমিকা পালন কৰা দেখা যায় । ইয়াৰ ভিতৰত পৰিয়াল , বিদ্যালয় , চুক বা চুবুৰী , সমাজ , চৰকাৰ বা ৰাষ্ট্ৰযন্ত্ৰ আদি ।
১) শিশুৰ চৰিত্ৰ গঠনত পৰিয়ালৰ ভূমিকা -
এটি শিশুৰ শিক্ষাৰ ক্ষেত্ৰত শিশুটিৰ পৰিয়ালেই মূখ্য ভূমিকা পালন কৰা দেখা যায় । গতিকে যদিহে পৰিয়ালৰ সদস্যসকল ভাল হয় তেন্তে শিশুটিৰ চৰিত্ৰ গঠনত সহায়ক হয় । শিশুটিৰ পৰিয়ালেই হৈছে শিশু শিক্ষাৰ ঘাই খুটা । সৰুৰে পৰা শিশুসকলক পৰিয়ালৰ লোকসকলে উচিত শিক্ষা প্ৰদান কৰিব লাগিব । নীতি শিক্ষাৰ পাঠদান শিকাব লাগে । কি কৰিব লাগে , কি কৰিব নালাগে এই সম্পৰ্কে শিশুৰ লগত আলোচনা কৰিব লাগে। সৰুৰে পৰাই সাধুকথাৰ পুথি আৰু নীতি শিক্ষামূলক বিষয়বস্তুৰ প্ৰতি ৰাপ জন্মাব লাগে । ভৱিষ্যতে সেইসকল শিশু কিশোৰ বেয়া হোৱাৰ সুযোগ নাপায় ।
২) শিশুৰ চৰিত্ৰ গঠনত চুবুৰীৰ ভূমিকা
শিশু এটিৰ চৰিত্ৰ গঠনত চুবুৰীৰ ভূমিকা উল্লেখযোগ্য । শিশুটি যিটো চুক বা চুবুৰীত জন্ম গ্ৰহণ কৰে , বা ডাঙৰ দীঘল হয় সেই চুবুৰীটোৰ ওচৰ চুবুৰীয়া সকল যদিহে ভাল হয় তেন্তে শিশুটিও ভাল হোৱা দেখা যায় । ওচৰ চুবুৰীয়া লোকসকলৰ আচাৰ ব্যৱহাৰে , মাত কথাই শিশু এটাক প্ৰভাৱ পেলায় । গতিকে যদিহে চুবুৰীয়া লোকসকল সৎ হয় তেন্তে শিশুটিও সৎ হোৱাৰ সম্ভাৱনা থাকে । নহ'লে সেই শিশুটিক আঁতৰৰ কোনো ঠাইত আবাসিক বিদ্যালয়ত ৰখাই পঢ়া শুনা কৰাৰ ব্যৱস্থা কৰিব লাগে । পঢ়া শুনা শেষ কৰাৰ পিছত সেই অঞ্চললৈ লৈ আনিব পাৰে ।
৩) শিশুৰ শিক্ষাত তথা চৰিত্ৰ গঠনত বিদ্যালয়ৰ ভূমিকা
এটি শিশুৰ চৰিত্ৰ গঠনত বিদ্যালয়েই আটাইতকৈ বেছি গুৰুত্ব দিয়া দেখা যায় । কাৰণ ৰাতিপুৱা ৮ বজাৰ পৰা আবেলি ৩ বজালৈকে এটা শিশু বিদ্যালয়ৰ শ্ৰেণীকোঠাত যেতিয়া আৱদ্ধ হৈ থাকে তেতিয়া বিদ্যালয়ৰ শিক্ষকৰ ভূমিকা নিশ্চয় যথেষ্ট পৰিমাণে থাকে । অংক , ইংৰাজী , বিজ্ঞান, সমাজ বিজ্ঞান , হিন্দী আৰু অসমীয়া বিষয়ৰ পাঠদান কৰাৰ উপৰিও শিক্ষকসকলে নীতিশিক্ষামূলক আৰু সাধুকথাৰ পাঠদান কৰিব লাগে । ছবি অঁকা , গল্প কবিতা লিখিবলৈ আৰু বিভিন্ন ধৰণৰ হাতৰ কাম কৰিবলৈ শিকাব লাগে । তদুপৰি শিশুসকলে কি কৰি ভাল পায় তেনে কামসমূহ কৰিবলৈ উৎসাহ অনুপ্ৰেৰণা যোগাব লাগে । ডাঙৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি, সৰুসকলৰ প্ৰতি মৰম চেনেহ , সমনীয়াৰ সতে মিলি জুলি খেলা ধূলা কৰা আদি আৰু কি খাব লাগে , কি খাব নালাগে , খালে কি অপকাৰ হ'ব পাৰে সেইকথা ভালদৰে বুজোৱাৰ চেষ্টা কৰিব লাগে । শিক্ষকৰ কথা অমান্য নকৰে । গতিকে ল'ৰা ছোৱালী ভাল কৰিবলৈ হ'লে আমি এইবোৰ কথাত ধ্যান দিব লাগিব ।
৪) শিশুৰ চৰিত্ৰ গঠনত সমাজৰ ভূমিকা
শিশু হৈছে দেশৰ ধৰণী। আগন্তুক দিনসমূহৰ ভাল বেয়াৰ হিচাপ নিকাচ এই শিশুসকলৰ ওপৰতে নিৰ্ভৰ কৰিব । গতিকে সমাজে শিশুসকলৰ ওপৰত গুৰুত্ব দিয়া উচিত ।
৫) শিশুৰ চৰিত্ৰ গঠনত চৰকাৰ বা ৰাষ্ট্ৰযন্ত্ৰৰ ভূমিকা -
চৰকাৰে শিশুসকলৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰিব লাগে । শিশু সকল যাতে বেয়া পথত আগবাঢ়ি নাযায় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে । যুৱক যুৱতীসকলৰ পঢ়া শুনা শেষ হোৱাৰ পাছত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে । নিবনুৱা যুৱক যুৱতীৰ মাজত যুৱ উচ্ছৃংখলতা বেছিকৈ দেখা যায় । পঢ়া শুনা শেষ কৰি যদিহে ঘৰত বেকাৰ হৈ বহি থাকিব লগা হয় তেন্তে মনবোৰ খেলি মেলি চিন্তাই আগুৰি ধৰে । মদ ভাং খাই য'তে ত'তে পৰি থাকে । গোন্দা বদমাচ চোৰ দকাইতি হত্যা লুণ্ঠন ধৰ্ষণ ঠগ প্ৰবঞ্চনা আদি বিভিন্ন ধৰণৰ অসৎ চৰিত্ৰৰ স্বীকাৰ হ'ব পাৰে । কোনো কোনো লোকে উগ্ৰপন্থী সংগঠন সমূহত যোগদান কৰিবলৈও যোৱা দেখা যায়। গতিকে শিশুৰ চৰিত্ৰ গঠনত চৰকাৰৰ ভূমিকা নুই কৰিব নোৱাৰি।
উচ্ছৃংখলিত জীৱন ত্যাগ কৰাই শৃংখলাবদ্ধ ভাৱে জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত পৰিয়াল আৰু সমাজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। প্ৰথমতে পৰিয়ালৰ লোকসকলে যুৱক যুৱতী সকলৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব। যিকোনো কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰিব লাগিব। সিহঁতৰ মনবোৰ বুজাৰ চেষ্টা কৰিব লাগিব। সমাজেও গুৰুত্ব প্ৰদান কৰিব লাগিব । চৰকাৰে নিবনুৱা যুৱক যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। চাকৰি দিব নোৱাৰিলেও ব্যৱসায় বাণিজ্যৰ প্ৰসাৰৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব লাগে। বেংক সমূহেও সহায়ৰ হাত আগবঢ়াব লাগিব। যাতে সময়ত বিচাৰিলে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব পাৰে।
এনেদৰেই আমি আমাৰ যুৱক যুৱতীসকলক কৰ্মমুখী কৰি তুলিলে যুৱ উচ্ছৃংখলতাৰ হাৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব পাৰিম বুলি আশা কৰিব পাৰো। শিশুসকল যিমানে চৰিত্ৰবান হ'ব, ডেকাসকলৰ যিমান আৰ্থিক অৱস্থা স্বচ্ছল হ'ব সিমানে আমাৰ সমাজৰ পৰা যুৱ উচ্ছৃংখলতা হ্ৰাস পাব। আহক আমি সকলোৱে যুৱ উচ্ছৃংখলতা হ্ৰাস কৰিবলৈ নিজৰ নিজৰ পৰিয়ালৰ পৰাই শুভাৰম্ভ কৰো। সৰু ল'ৰা ছোৱালীৰ সন্মুখত কেতিয়াও ধুমপান নকৰিব। বেয়া কথা নক'ব , মদ ভাং কানি শিখৰ গুটখা আদি সকলোৱে পৰিত্যাগ কৰক। আপোনাৰ শিশুটিক উচিত শিক্ষা প্ৰদান কৰক। সেয়ে আমি ক'ব পাৰোঁ সুৰক্ষিত পৰিয়াল, সুৰক্ষিত সমাজৰ ভৱিষ্যত।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪
No comments:
Post a Comment