ৰাজধৰ্ম
মাইনুল হক চৌধুৰী
বহৰি, বৰপেটা
পৃথিৱীৰ সকলো উন্নত জাতিয়ে প্ৰব্ৰজনৰ ইতিহাসেৰে গঢ়ি উঠিছে। অসমীয়া জাতিও ইয়াৰ ব্যতিক্ৰম নহয়। অসমীয়া জাতীয় জীৱনৰ সূৰ্য তথা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰ গৌড়ৰ পৰা অহা বাঙালী। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ ঘৰ বাংলাদেশৰ বণ্ডকাত। বৰ অসমৰ নিৰ্মাতা চাওলুং চুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ বংশধৰ অসম আক্ৰমণকাৰী শ্যান জাতিৰ মানুহ।গৰিয়া আৰু মৰিয়াসকল অসমীয়া হিন্দুৰ পৰা ধৰ্মান্তৰিত আৰু কিছু যুদ্ধ বন্দী হিচাপে থাকি যোৱা মুছলমান। দেশীসকল কোচ-ৰাজবংশী, মেচ, কছাৰী আদি খিলঞ্জীয়া হিন্দুৰ পৰা ধৰ্মান্তৰিত মুছলমান। হিন্দু -মুছলমানৰ সমন্বয়ৰ সেঁতু গঢ়া আজান পীৰ বাগদাদৰ লোক। আধুনিক অসমীয়া সাহিত্যৰ সম্ৰাট লক্ষ্মীনাথ বেজবৰুবাৰ পূৰ্বপুৰুষ বিহাৰৰ কণৌজৰ পৰা অহা লোক। বুৰঞ্জীবিদ ড° সূৰ্য কুমাৰ ভূঞাৰ পিতৃ বিহাৰৰ কৌনৰ সিঙৰ বংশৰ লোক। জোনাকী যুগৰ প্ৰৱৰ্তক চন্দ্ৰকুমাৰ আগৰৱালা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদকে ধৰি বিশিষ্ট আগৰৱালাসকলৰ পূৰ্বপুৰুষসকল ৰাজস্থানী লোক। পদ্মধৰ চলিহা,পৰাগধৰ চলিহা আৰু সিং উপাধিৰ অসমীয়াৰ পূৰ্বপুৰুষো পাঞ্জাবৰ পৰা অহা লোক। সু-সাহিত্যিক শৰৎ চন্দ্ৰ গোস্বামী, সাহিত্য সভাৰ সভাপতি ত্ৰৈলোক্যনাথ গোস্বামীকে ধৰি নলবাৰী সত্ৰৰ গোস্বামীসকল নিত্যানন্দৰ বংশধৰ। অসমৰ ভট্ৰাচাৰ্য, বেজবৰুৱা, চক্ৰৱৰ্তী,শৰ্মা, গোস্বামী ,ঠাকুৰ আদি উপাধিৰ অসমীয়াসকলৰ পূৰ্বপুৰুষ কনৌজ, গৌড়,বিহাৰ আদিৰ লোক। চাহ জনগোষ্ঠীৰ পূৰ্বপুৰুষকল ওড়িশা, ছত্তীছ গঢ়, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, বিহাৰ আদিৰ লোক। নেপালীসকলৰ পূৰ্বপুৰুষ নেপালৰ পৰা অহা লোক। চৰ-চাপৰিৰ ন-অসমীয়া মুছলমানসকলৰ পূৰ্বপুৰুষ অখণ্ড ভাৰতৰ তেতিয়াৰ বংগ বা পূৰ্ববংগৰ পৰা অহা লোক।ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালী হিন্দুসকলৰ পূৰ্বপুৰুষ বংগ বা পুৰ্ববংগৰ পৰা অহা লোক।
ওপৰত উল্লেখিত আটাইখিনি মানুহৰে পূৰ্বপুৰুষসকল হয় বিদেশী নহয় বহিৰাগত। কিন্তু কোনো মানুহকলৈয়ে অসমত কোনো সমস্যা নাই। কেবল চৰ-চাপৰিৰ শতিকা গৰকা খাটি খোৱা, মেহনতি, সৰল- সহজ, লেখা-পঢ়া নজনা দুৰ্বল অথচ নিভাজ অসমীয়া মুছলমানখিনিক লৈহে সমস্যা। অথচ এই মানুহখিনিৰ পূৰ্বপুৰুষ সকল বৃটিছ শাসিত অখণ্ড ভাৰতৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ আহি বাস কৰা প্ৰাচীন ভাৰতীয়ৰে বংশধৰ। তেতিয়াৰ বংগৰ দৰিদ্ৰ হিন্দুৰ পৰা ধৰ্মান্তৰিত হৈ বৰ্তমান অসমৰ চৰ-চাপৰিত বাস কৰা মানুহখিনি ভাৰতীয় মানুহৰে বংশলতা। এই সহজ-সৰল ন-অসমীয়া মুছলমানখিনিয়ে নাগৰিকত্বক লৈ স্বাধীনতাৰ পাছৰে পৰা কেবল পৰীক্ষাই দিছে। প্ৰতিটো পৰীক্ষাতে উত্তীৰ্ণ হৈ আহিছে যদিও ৰাজনীতিৰ পাশা খেলৰ পৰা ৰক্ষা পৰা নাই এই মানুহসকল। এক পিনেদি নাগৰিকত্বৰ পৰীক্ষা, আনপিনেদি বান-গৰাখহনীয়াৰ বছৰে প্ৰতি বিধ্বংসী আক্ৰমণ। ইমানৰ পাছতো সৰ্বহাৰা এই মানুহখিনিয়ে সকলো দুখ পাহৰি অসমীয়া জাতিত বিলিন হৈ যাবলৈ অলপো মনত আক্ষেপ ৰখা নাই। কেবল এই মানুহখিনিয়ে মূলসুঁতিৰ অসমীয়া মানুহ আৰু চৰকাৰখনৰ পৰা অকমান মৰম আৰু নিৰাপত্তা আশাঁ কৰে। এওঁলোককলৈ ৰাজনীতি কৰা বন্ধ হ'লে, মানুহখিনিয়ে শান্তিৰে কঠোৰ পৰিশ্ৰম কৰি অসম আৰু অসমীয়াৰ উন্নয়ণত মনযোগ দি বহুত ভাল অসমীয়া হোৱাৰ সুযোগ পালেহেঁতেন।কিন্তু এওঁলোকে যিমান সোনকালে ভাল অসমীয়া হ'ব বিচাৰিছে, সিমানে এওঁলোকক নাগৰিকত্বৰ প্ৰশ্নৰে অপমান কৰি দুৰলৈ ঠেলি পঠিওয়া হৈছে। অসমীয়াৰ সকলো পঢ়া-শুনা কৰা আৰু জনা-বুজা মানুহেই জানে এওঁলোক বিদেশী নে স্বদেশী।
চৰ-চাপৰিৰ অসমীয়া মুছলমানখিনিক যিদৰে বলপূৰ্ব্বক বাংলাদেশী কিম্বা থলুৱা নহয় বুলি কৈ থকা হৈছে, আচলতে এওঁলোকৰ কোনেও বাংলাদেশী নহয়। এই কথা বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে আৰু বেছি ভালকৈ জানে। কাৰণ এওঁলোকক বাংলাদেশী সজাবলৈ ইতিমধ্যে বহুত জটিল জটিল পৰীক্ষা পতা হৈ গ'ল। কিন্তু বিদেশী সজাব পৰা নগ'ল। আইন- আদালতত এওঁলোকক আৰু বিদেশী কৰা সম্ভব নহয়। এই কথা বুজি উঠিছে বৰ্তমানৰ দিছপুৰৰ চৰকাৰখনে। সেই গতিকে এই চৰকাৰখনে আৰু কোনো পৰীক্ষা পতাৰ সলনি পোনপটীয়া একচনত নামিছে। চৰকাৰখনে কৌশলেৰে আইন- আদালতক একাষৰীয়া কৰি থৈ কেবিনেটৰ সিদ্ধান্ত আৰু চৰকাৰী ক্ষমতাৰে সেই পুৰণি 'বাংলাদেশী' লেবেলটোকে এওঁলোকৰ পিঠিত বলপূৰ্বক মাৰিদি হাৰাশান্তি কৰি বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰিব বিচৰা হৈছে। হয়, চৰকাৰ এখনে যেনেদৰে ইচ্ছা, তেনেদৰেই শাস্তি দিব পাৰিব এওঁলোকক। হিটলাৰেও ঈহুদি সকলৰ বিৰুদ্ধে সঁচা- মিছা কথাৰে জাৰ্মানীসকলৰ মনত সাম্প্ৰদায়িকতাৰ বিষ ঢালিদি ঈহুদি বিদ্বেষী কৰিবলৈ সক্ষম হৈছিল। বিশ্বই হিটলাৰক আজিও মনত ৰাখিছে, ঘৃণাৰ প্ৰতীক হিচাবে। একেদৰে অসমীয়া জাতিৰ লগত বিলিন হৈ যাব ধৰা চৰ -চাপৰিৰ মানুহখিনিৰ বিৰুদ্ধেও বাংলাদেশী, মোগল আদিৰ নামত মুলসুঁতিৰ সহজ-সৰল অসমীয়া মানুহৰ মনত সাম্প্ৰদায়িকতাৰ বিষ ঢালিদি ৰাজনীতি কৰিব বিচৰাটো কিমান যুক্তিসংগত। অথচ এই মানুহসকল প্ৰাচীন ভাৰতীয় হিন্দুৰ বংশধৰ। একমাত্ৰ ধৰ্মান্তৰীত আৰু দুৰ্বল মুছলমান হোৱা বাবেই এই মানুহসকলক বলপূৰ্বক বাংলাদেশী বুলি কৈ ৰাজনীতি কৰি থকা হৈছে। বৰ্তমান দিছপুৰৰ চৰকাৰত থকা সকলৰ মতে এওঁলোক বাংলাদেশী। গবৰ্ণৰ এছ কে সিনহা আৰু ব্ৰহ্ম কমিটীৰ অধ্যক্ষৰ মতে এওঁলোক বাংলাদেশী। এওঁলোকৰ মতে এই মানুহসকলে ১৯৭১ ৰ পাছত বা ১৯৪৭ ৰ পাছত সীমান্তৰ কাটাতাঁৰৰ বেৰ ভাঙি অসমত সোমাইছে।
এই কথাবোৰ যে সঁচা নহয় আৰু সমূলি মিছা তাৰ প্ৰমাণ হিচাবে এটি মাত্ৰ চৰকাৰী তথ্য তলত দাঙি ধৰা হ'ল। ১৯০১ চনৰ লোকপিয়লমতে অসমত মুছলমানৰ হাৰ আছিল ১২.৪%। কিন্তু ইয়াৰ পাছত বংগৰ পৰা অসমৰ চৰ-চাপৰিলৈ মুছলমানৰ ব্যাপক প্ৰব্ৰজন হোৱাত ১৯৪১ চনৰ লোকপিয়লত অসমত মুছলমানৰ হাৰ হয়গৈ ২৫.৭২%। ১৯০১ চনৰ পৰা ১৯৪১চনলৈ এই ৪০ বছৰত অসমত মুছলমানৰ ব্যাপক প্ৰব্ৰজন হোৱাত ১৩.৬৮% মুছলমান অতিৰিক্তকৈ বৃদ্ধি পায় অসমত। অৰ্থাৎ এই ৪০ বছৰত অসমত মুছলমানৰ বৃদ্ধিৰ হাৰ দ্বিগুণতকৈ বেছি হয়। বংগীয় মুছলমানৰ এয়াই আছিল ব্যাপক প্ৰব্ৰজন। কিন্তু ইয়াৰ বিপৰীতে ১৯৫১ ৰ লোকপিয়লত অসমত মুছলমানৰ হাৰ বৃদ্ধি পোৱাৰ সলনি হ্ৰাস পাই এই হাৰ হয়গৈ ২৪.৬৮%। ঠিক একেদৰে ১৯৬১ চনত ২৫.২৬% , ১৯৭১ চনত ২৪.৫৬% আৰু ১৯৮১ চনত ২৬.১৫% । ভাৰত চৰকাৰৰ লোকপিয়লৰ তথ্যমতে অসমত ১৯৪১ ৰ পৰা ১৯৭১ লৈকে সুদীৰ্ঘ ৩০ বছৰৰ ভিতৰত মুছলমানৰ হাৰ বৃদ্ধি পোৱা নাই। বৰঞ্চ এই সুদীৰ্ঘ ৩০ বছৰ পাছত মুছলমানৰ হাৰ বৃদ্ধি পোৱাৰ সলনি ১.১৬% হ্ৰাসহে পাইছিল। এক কথাত ১৯৪১ চনৰ অসমৰ মুছলমানৰ হাৰক ৩০ বছৰ পাছতো ১৯৭১ ৰ হাৰে অতিক্ৰম কৰিব পৰা নাছিল। আকৌ ১৯৮১ৰ লোকপিয়লত অসমত মুছলমানৰ হাৰ হয় গৈ ২৬.১৫%। এইবাৰ ১৯৪১ ৰ পৰা ১৯৮১ লৈ সুদীৰ্ঘ ৪০ বছৰত মুছলমানৰ হাৰ অতিৰিক্তকৈ বৃদ্ধি পায় মাত্ৰ ০.৪৩%। নিৰক্ষৰতা, দাৰিদ্ৰতা, অস্বাস্থ্য, অন্ধবিশ্বাস, কু-সংস্কাৰেৰে আচ্ছন্ন এটা দুৰ্বল জনগোষ্ঠীৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি হোৱাটোৱে স্বাভাবিক। কিন্তু ১৯৪৭ৰ ১৫ আগষ্টৰ পৰা ১৯৭৯ ত আৰম্ভ হোৱা আছুৰ বিদেশী খেদা আন্দোলনলৈকে অসমত মুছলমানৰ হাৰ হিন্দুতকৈ বেছি বৃদ্ধি হোৱা নাছিল। কাৰণ দেশ বিভাজনৰ পাছত হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষকালত বহু মুছলমান ভীতিগ্ৰস্তহৈ ভাৰত ত্যাগ কৰি পাক শাসিত পূৰ্ববংগত গৈ আশ্ৰয় লৈছিল। অৱশ্যে পাছত নেহৰু-লিয়াকত চুক্তিৰ আধাৰত ১৯৬৬ ৰ আগতে ইয়াৰে কিছু লোক ভাৰতলৈ উভতি আহিছিল। তথাপি কিন্তু স্বাধীনতাৰ পাছৰ ৩০ বছৰত মুছলমানৰ হাৰ হিন্দুৰ হাৰতকৈ বেছি বৃদ্ধি পোৱা নাছিল।অবশ্যে ১৯৮১ ৰ পৰা ২০১১ লোকপিয়লৰ তথ্যমতে এই ৩০ বছৰত অসমত হিন্দুৰ বৃদ্ধিৰ হাৰতকৈ মুছলমানৰ বৃদ্ধিৰহাৰ অধিক হৈছে। কিন্তু এই বৃদ্ধিৰ হাৰ প্ৰব্ৰজন নহয়। অশিক্ষা, অস্বাস্ব্য, অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মীয় অপব্যাখ্যা, বাল্যবিবাহ মূলত কাৰণ। শেহতীয়াকৈ হোৱা মুছলমানৰ এই বৃদ্ধিৰ বাবে চৰকাৰ নিজেই দায়ী। কোনো এখন চৰকাৰেই এই মানুহসকলৰ সমস্যাবোৰত গুৰুত্ব নিদিলে।
কেবল ৰাজনীতি কৰিবলৈ প্ৰায় প্ৰতিখন চৰকাৰেই এই চৰৰ অসমীয়া মানুহখিনিক বলপূৰ্বক বাংলাদেশী সজাই অবিচাৰ কৰি আহিছে ? প্ৰকৃত ভাৰতীয়ৰ নাগৰিকত্বক লৈ এনে অমানবীয় ৰাজনীতি কিমান যুক্তি সংঘত? এটা সময়ত এওঁলোকো ভগবানৰে সন্তান আছিল। এওঁলোকো এদিন ৰাম আৰু কৃষ্ণৰে ভক্ত আছিল। এওঁলোক তেতিয়াওঁ ভাৰতীয় আছিল, এতিয়া ভাৰতীয়। অপৰাধ মাথো এটাই এওঁলোক ধৰ্মান্তৰিত মুছলমান। ধৰ্মান্তৰিত হোৱাৰ আগতে এওঁলোক দুৰ্বল হিন্দু আছিল আৰু এতিয়া দুৰ্বল মুছলমান। শিক্ষা-দীক্ষা নাই, চাফ-চিকন নুবুজে, ভাল কাপোৰ পিন্ধিব নাজানে, ভালদৰে কথা ক'ব নাজানে। কিন্তু পৰিশ্ৰমী মানুহ এওঁলোক। সহজ- সৰল আৰু ঈশ্বৰ বিশ্বাসী। একেজন ভগবানৰে সন্তান এওঁলোক। এওঁলোকক লাগে মাথো অলপ মৰম আৰু নিৰাপত্তা। অকমান মৰম পালেই নি:চিন্তে কঠোৰ শ্রম কৰি এওঁলোকে অসমখনক চহকী কৰিব পাৰিব আৰু নিজেওঁ বেছি ভাল অসমীয়া হ'ব পাৰিব।
সেয়ে বৰ্তমান চৰকাৰৰ মুখ্যমন্ৰী সমন্বিতে ভগৱান আৰু গণতন্ত্ৰক বিশ্বাস কৰা সকলোলৈ বিনম্ৰ আহ্বান - সদায়ে ভীতিগ্ৰস্তত দিন পাৰ কৰা চৰৰ সেই দুৰ্বল মানুহ খিনিকলৈ আৰু ৰাজনীতি নকৰিব। এই পৰিশ্ৰমী অসমীয়া মানুহখিনিক অকমাম মৰম দিয়ক, দেখিব তেওঁলোকে হৃদয় উজাৰি আপোনালোকক আশীৰ্বাদ কৰিব আৰু তেতিয়া ভগবানেও নিশ্চয় ভাল পাব।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪
No comments:
Post a Comment