সব্যসাঁচী
গাৰ্গী ভূঞা
যোৰহাট
মই এখন হাতেৰে হেতা লৰালে আনখন হাতে ৰুটি বেলিব নোৱাৰোঁ
মই সব্যসাঁচী নহয়
মোৰ মন-মগজুয়েও একেসময়তে একেলগে কথা সিজাব নোৱাৰে
সেইবাবে মই উজুতি খাও
যদিও এখন ভৰিৰ ছাল চিগিলেও
আনখন ভৰিৰেই আগবাঢ়োঁ
কোনোৱে কয় একেলগে অধিক কাম কৰিব নোৱাৰাও
কিছু ক্ষেত্ৰত ভাল
ময়ো মূৰ দোঁৱাই সন্মতি দিও
ভালক ভাল
আৰু বেয়াক বেয়া বুলি
লিখিবলৈ ওলোৱা ভাৱবোৰতহে গাঁঠি লাগে কেতিয়াবা
ৰয়নাৰে ছপায়ো বাখৰু ভৰাব নোৱাৰোঁ
সেইবাবেই হয়তো এটা সপোনে পোখা মেলোতেই
মই আন এটা সপোনক
কিছু ৰাতিৰ বিৰতিৰ কথা ক'ও
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪
No comments:
Post a Comment