শিক্ষক
কমলেশ্বৰ কলিতা
তোমাৰ চোলাটো পৰিপাটি হৈ আছেনে মই চাওঁ
বুটাম অথবা সীয়নি, দীঘে অথবা পথালিয়ে
চোলাটোত ৰ'দ পৰেনে ?
ভোকৰ অথবা নষ্ট ৰিপুৰ টনা আজোৰাই চিৰাচিৰ কৰিব খোজে নে তোমাৰ চোলা ?
মই চোলাৰ হিচাব কৰোঁ
চাই থাকো তোমালৈ আন্ধাৰতো।
কাৰণ এই চোলাতো আনে নেদেখা।
মই চোলাটো চাওঁ, শুৱনি কৰিব খোজোঁ তোমাক।
বোকাৰে লুতুৰি পুতুৰি শাওণৰ পথাৰৰ পৰা অট্টালিকাৰ কোলাহললৈ,
বেদৰ স্তোত্ৰৰ পৰা গুগল ফোনেটিক্স কি-পেডলৈ,
ময়েই সেই দ্ৰষ্টা, ময়েই কিবা এটা হোক বুলি নিৰলে জ্বলি তোমাৰ চোলাত চকু ৰাখোতা -
মই জ্বলি থাকো তোমাক ভালপোৱাৰে,
মই দহি থাকো তোমাৰ অপৰিপাটি দুখৰ বন্যাৰে,
কিছুমানে কয় মই হেনো শূন্য ভিতৰে ভিতৰে, হেনো পহৰাদাৰ মাথোঁ মই ; অথচ মই তেওলোকৰে চোলাৰ ধুনীয়াৰ তদাৰকত থাকোঁ।
চোলাটো প্ৰত্যেকৰ লগতে অহা,
নাম মানবতা, সমৃদ্ধি তাৰ বৰণ।
মই ইয়াৰে ৰখীয়া, সহজতে হজম কৰিব পাৰোঁ দুখ
নিজৰ দুখৰ বিপৰীতে মই তোমাৰেই ভালপোৱা - ।
মোৰ অৱশেষ তোমাৰ আঙুলি মূৰত।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪
No comments:
Post a Comment