বাতৰি কাকতৰ সাম্প্রতিক চাহিদা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 1, 2024

বাতৰি কাকতৰ সাম্প্রতিক চাহিদা

 


বাতৰি কাকতৰ সাম্প্রতিক চাহিদা


বাহাৰুল ইছলাম

শিক্ষক


            "গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ

              জনতাৰ মুকলি মঞ্চ

              বিশ্বক ক্ষণিকতে জানিব পৰা

              আতোলতোল সমল।"

         গণতন্ত্রৰ চতুর্থ স্তম্ভ হৈছে সংবাদ-পত্র সমূহ। 

আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতিষ্ঠাতাসকলৰ এজন হ'ল থমাছ জেফাৰছন । যুক্তৰাষ্ট্রৰ স্বাধীনতা ঘোষণাপত্রৰ মূল ৰচনাটি তেখেতেই কৰিছিল। তেখেতে কৈছিল, "মোক যদি বিকল্প দিয়া হয় যে, তুমি সংবাদপত্র বিহীন চৰকাৰ বিচৰা নে চৰকাৰবিহীন সংবাদপত্র বিচৰা? তেতিয়া মই নি:সন্দেহে পিছৰটো বাচি ল'ম। "ফৰাছী সম্রাট নেপোলিয়ন বোনাপার্টে সংবাদপত্র সম্পর্কে মন্তব্য কৰিছে যে, "চাৰিটা আক্রমণাত্মক সংবাদপত্র সহস্র বন্দুক বেয়নেটতকৈ বেছি ক্ষতিকৰ।’' অর্থনীতিবিদ অমর্ত্য সেনৰ মতে, "কোনো দেশত স্বাধীন গণমাধ্যম থাকলে সেই দেশত দুর্ভিক্ষ দেখা দিব নোৱাৰে।''

           বাতৰি কাকত হৈছে এক মুদ্ৰিত মাধ্যম আৰু পৃথিৱীৰ আটাইতকৈ পুৰণি গণ যোগাযোগৰ মাধ্যম। বাতৰি কাকত প্ৰকাশনবোৰ দৈনিক, সাপ্তাহিক, পাক্ষিকৰ দৰে নিৰ্ধাৰিত। আনহাতে বহুতো বাতৰি কাকত  আছে য’ত মাহিলী বা তিনিমহীয়া প্ৰকাশন আছে। কেতিয়াবা এদিনত একাধিক সংস্কৰণ থাকে। এখন বাতৰি কাকতত ৰাজনীতি, ক্ৰীড়া, মনোৰঞ্জন, ব্যৱসায়, শিক্ষা, সংস্কৃতি আদিৰ দৰে বিভিন্ন বিষয়ৰ ওপৰত সমগ্ৰ বিশ্বৰ বাতৰি,প্ৰৱন্ধ, ইত্যাদি শিকনীয় তথা জানিবলগীয়া দিশবোৰ প্ৰতিফলিত হয়।

       বাতৰি কাকত ১৫৩৬ চনত ইউৰোপৰ ভেনিচ চহৰত জন্ম হৈছিল।  বাতৰি কাকতৰ প্রথম প্ৰচলন হয় চীনদেশত (৬১৮-৯০৭)।  ইংলেণ্ডত প্ৰচাৰিত হয় ৰাণী এলিজাবেমৰ দিনত (১৬৬৫)। ছপা কাকতখনৰ ইতিহাস ১৭ শতিকাৰ ইউৰোপৰ পৰাই আৰম্ভ হয় যেতিয়া জোহান কেৰ’লাছে ১৬০৫ চনত জাৰ্মানীত ‘Relation aller Fürnemmen und gedenckwürdigen Historien’ (সকলো বিশিষ্ট আৰু স্মৰণীয় বাতৰিৰ একাউণ্ট) নামৰ প্ৰথমখন কাকত প্ৰকাশ কৰে। জেমছ অগাষ্টাছ হিকি ভাৰতীয় সাংবাদিকতাৰ পিতৃ হিচাপে পৰিচিত। ১৭৮০ চনৰ ২৯ জানুৱাৰীত তেওঁ কলিকতা জেনেৰেল বিজ্ঞাপনদাতাৰ সৈতে ভাৰতৰ প্ৰথমখন কাকত 'বেংগল গেজেট' মুকলি কৰে। ভাৰতৰ দ্বিতীয় খনি বাতৰি কাকত ইষ্ট ইণ্ডিয়া কোম্পানীৰ দুজন কৰ্মচাৰী বাৰ্নাৰ্ড মেচিংক আৰু পিটাৰ ৰিডে  (The India Gazatte ) ১৭৮৮ খ্ৰীষ্টাব্দৰ ১৮ নৱেম্বৰত প্ৰকাশ কৰিছিল। আমাৰ      

                অসমত আধুনিক ধৰণৰ বাতৰি-কাকত প্ৰথম প্ৰচলন হয় ১৮৪৬ খ্ৰীষ্টাব্দত। আমেৰিকান খৃষ্টান মিছনেৰীসকলে শিৱসাগৰৰ পৰা অৰুণোদয় নাম দি মাহেকীয়াকৈ এই কাকত প্ৰচাৰ কৰিছিল। অৰুণোদই ছপা কৰা যিটো ছপাশাল সেইটো ৰেভাৰেণ্ড কাটাৰ( Rev cutter) চাহাবে শদিয়াৰ পৰা আনি শিৱসাগৰৰ দৈকলঙীয়া গাঁও আৰু থানাঘাটৰ পৰা অলপ পশ্চিমে পকঘাটৰ ওচৰত বহুৱাই। ইয়াৰ পৰা ১৮৪৬ চনত কটাৰ আৰু ড০ নাথান ব্ৰাউন পাদুৰী চাহাব দুয়ো মিলি অৰুণোদই মাহেকীয়া কাকত খন প্ৰকাশ কৰে। ১৮৮২ চনলৈকে এই কাকতখন চলিছিল। পিছত বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকত অসমত প্ৰকাশ পাইছে-  আসাম বিলাসিনী(১৮৭১-৮৩),আসাম বন্ধু (১৮৮৫), জোনাকী(১৮৮৯),আসাম মিহিৰ(১৮৭২-৭৩) আসাম নিউজ(১৮৮২-৮৫),আসাম(১৮৯৪-১৯০১), বিশ্ববাৰ্তা(১৯০৭), সাদিনীয়া বাতৰি(১৯৩০), দৈনিক বাতৰি(১৯৩৫)আদি কাকত প্রকাশিত হয়। এইবোৰৰ বেছিভাগ কাকত সময়ৰ গতিত নানা কাৰণত বন্ধ হৈ যায়। 

        সাম্প্রতিক সময়ত অসমীয়া প্ৰতিদিন, আজি, অসমীয়া খবৰ, দৈনিক জনমভূমি,আজিৰ অসম, দৈনিক অসম, নতুন দৈনিক, আমাৰ অসম, দৈনিক জনসাধাৰণ, নতুন দিন, দৈনিক অগ্রদূত,দৈনিক কাকত, অসম-বাণী, গণ অধিকাৰ, সাদিন, বুধবাৰ,  অগ্রদূত, জনমত, অভিমত, দৈনন্দিন বাৰ্তা, নিয়মীয়া বাৰ্তা, সাদিনীয়া-তিনিদিনীয়া,নতুন স্বদেশ  ইত্যাদি বাতৰি কাকত, প্রান্তিক, সূত্রধাৰ, , প্রান্তনী, প্রতিনিধি, স্বাস্থ্যচিন্তা (স্বাস্থ্য সম্বন্ধীয়) পয়েকৰ দৰে পষেকীয়া, প্ৰকাশ,গৰীয়সী,নন্দিনী, বিস্ময়, ৰহস্য, পটভূমি,ত্রিশূল, মায়া,ৰ'দালি,হিয়া আদি মাহেকীয়া আলোচনী এতিয়া নিয়মীয়াকৈ প্ৰকাশিত হৈ আছে । 

             ১৯২৭ চনত সম্পাদক কমলালয় কাকতিয়ে ঘৰ জেউতি নামৰ প্ৰথম মহিলা আলোচনী খন স্থাপন কৰিছিল । পিছত পুৰী, মৰী, স্বৰূপা, নন্দিনী, প্রিয়সখী, ৰাগিণী, আদিৰ দৰে মহিলা আলোচনী প্ৰকাশিত  হৈ আছে। ইংৰাজী দৈনিক কাকতৰ ভিতৰত The Assam Tribune, The Sentinel,The Noth-East Times-অৰ নাম উল্লেখযোগ্য। 

         বাতৰি কাকত সমূহ হ'ল বিশ্বৰ প্ৰতিটো দেশ তথা জাতি সমূহৰ মাজত যোগসূত্র স্থাপন কৰা এটি অন্যতম মাধ্যম। ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক,আন্তর্জাতিক ইত্যাদি শিতানৰ সঠিক খবৰ সকলোৰে আগত তুলি ধৰাই ইয়াৰ কাম। ই আমাৰ ভাষাৰ দক্ষতাও  বিকশিত  কৰে। কিছুমান মানুহে আনন্দৰ বাবে বা মনক সজীৱ কৰিবলৈ বাতৰি কাকত পঢ়ে। ই এটা ভাল অভ্যাস। জনমত গঠনত বাতৰি কাকতৰ ভূমিকা অনস্বীকাৰ্য। গোটেই বিশ্বৰ বিষয়ে ঘৰতে বহি জানিব পাৰি। বিভিন্ন বিষয়ৰ জ্ঞান আৰু দক্ষতা লাভ কৰিব পাৰি। চৰকাৰী আইন কানুন, নিৰাপত্তা, জৰুৰী অৱস্থা, বিভিন্ন বা-বাতৰি, সাহিত্য, কলা, খেল ইত্যাদি বোৰবোৰ জনগণৰ আগত প্ৰকাশ কৰাই ইয়াৰ ঘাই কৰ্তব্য। নিৰেপক্ষ বাতৰি প্ৰকাশ কৰাটো কাকত বিলাকৰ মুখ্য কাম। কেতিয়াবা ভিত্তিহীন আৰু মিছা বাতৰিও কাকতত প্ৰকাশ কৰা দেখা যায় যিবোৰে পাঠকক বহু সময়ত বিপাঙত পেলায়। কিছুমান কুলাংগাৰ সাংবাদিকৰ বাবে হয়তো নিভাঁজ স্তম্ভৰ গাত কিছু কিছু ক্ষেত্রত কলংকৰ দাগ সনা দেখা যায়। 

          "এপাচি শাকত এটা জলকীয়া সদৃশ

           সততা আৰু নিবিড় বিশ্বাসকো

           নেওচি কৰবাত কিছুৱে

           কলংক সানিছে

           সেয়া কিঞ্চিত সত্য যদিও

           গণতন্ত্রক পাৰি জানোঁ 

           অস্বীকাৰ কৰিবলে

           সেয়া জানো হ'ব নৈতিকতা ?"

         অৱশ্যে বাতৰি কাকতৰ চাহিদা সাম্প্রতিক বহু পৰিমাণে কমি গৈছে। ইন্টাৰনেট ম'বাইলৰ অত্যাধিক ব্যৱহাৰেই ইয়াৰ মূখ্য কাৰণ। যিকি নহওক  কিয়, এতিয়াও কিন্তু যথেষ্ট মানুহে ইয়াৰ সঠিক ব্যৱহাৰ কৰা দেখা যায়। সুদূৰ ভৱিষ্যতে বাতৰি কাকতৰ ব্যৱহাৰ বৃদ্ধি হওক,সেয়া কামনা কৰিলোঁ। বিশেষকৈ যুব প্ৰজন্মৰ মাজত ইয়াৰ উপকাৰিতা আৰু অত্যাধিক ম'বাইল ব্যৱহাৰৰ অপকাৰিতা  সম্পর্কে সজাগতা অনাৰ সময় সমাগত। গণতন্ত্রৰ এই চতুর্থ স্তম্ভটি যাতে কোনো কাৰণতে দহিখহি যাব নোৱাৰে তাৰ বাবে সচেতন মহল সজাগ হোৱা অতি দৰকাৰ। 

          "প্রাণৰো প্রাণৰ কাকতসমূহ

           হওক দীৰ্ঘজীৱী

           সত্য,ন্যায় আৰু বিশ্বাসেৰে

           ভৰি পৰক চৌদিশ

           সৃষ্টি হওক

           শান্তিৰ বাতাৱৰণ।"


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages