কিতাপ কিয় পঢ়িব লাগে
প্ৰৱীণ ৰাজবংশী
জাজৰি, মৰিগাঁও
কিতাপ হৈছে আমাৰ মন আৰু মগজুক সতেজ কৰিব পৰা এক অন্যতম মাধ্যম। কাৰণ অতিত কালৰে পৰা বৰ্তমানলৈকে সমগ্ৰ পৃথিৱীৰ খবৰ বাতৰি, পৰিঘটনা, নজনা কথা, বিখ্যাত মনিষীসকলৰ সঞ্চিত কৰি ৰখা কথা ভৰাল জানিবলৈ পাৰি, আধ্যাত্মিক তত্ব আৰু জীৱন সন্ধানৰ কথা লিপিবদ্ধ হৈ থাকে। অতিত কালৰে পৰা গ্ৰন্থ অধ্যয়নৰ ধাৰা প্ৰচলিত হৈ আহিছে। কিতাপ অবিহনে মানৱ জীৱন অসাৰ। কাৰণ একোখন ভাল কিতাপেহে মানৱ জাতিৰ চেতনাক জাগ্ৰত, শৃংখলিত আৰু নিয়ন্ত্ৰিত কৰি ৰাখে। সেই কাৰণে কিতাপ আমি পঢ়িব লাগে ৷
আমাৰ কম বেছি পৰিমানে সকলো মানুহৰে কিতাপ পঢ়াৰ অভ্যাস আছে। কিতাপ অধ্যয়ণে জ্ঞানৰ পৰিধি বঢ়ায়। কিতাপত সন্নিবিষ্ট বিভিন্ন নজনা তথ্যৰ সন্ধান আমি অধ্যয়ণৰ যোগেদি লাভ কৰিব পাৰো। কিতাপ আমাৰ পৰম বন্ধু বুলি কোৱা হয়।
যিদৰে এজন বন্ধুৱে আমাক জীৱন পথত প্ৰেৰণা যোগায় ঠিক তেনেকৈ এখন কিতাপে জীৱনৰ প্ৰতিটো মুহূৰ্ত আমাক নতুনকৈ চাবলৈ শিকায়, পৰিবেশ আৰু পৰিস্থিতি বুজিবলৈ শক্তি যোগায় আৰু প্ৰতিটো ঘাত- প্ৰতিঘাত নেওঁচি মানসিক উৎকৰ্ষ সাধনৰ প্ৰেৰণা যোগায়। কিতাপ অধ্যয়ণে মানুহৰ মন মগজুত নতুন চিন্তা শক্তিৰ উদ্ৰেক ঘটায়। বিপথগামী মানুহ এজনকো সৎপথৰ সন্ধান দিয়ে।
আমাৰ মন মগজু শাৰিৰীক, মানসিক আৰু সুস্থ থাকিবলৈ কিতাপ পঢ়াতো আমাৰ বাবে খুবেই প্ৰয়োজন। কিতাপেই হৈছে মানুহৰ বন্ধু। কিন্তু এখন কিতাপ পঢ়ি আমি যিখিনি জ্ঞান আয়ত্ব কৰিম সেইখিনি চিৰকালৰ বাবে আমাৰ মনত স্থায়ী হৈ ৰৈ যাব। সেই কাৰণে কিতাপ পঢ়িব লাগে ৷
বিখ্যাত লেখক সকলে তেওঁলোকৰ জীৱনৰ উত্থান-পতন দুয়োটাৰ বিষয়ে তেওঁলোকৰ গ্ৰন্থ সমুহত আলোকপাত কৰে। আমি সেইসকলৰ জীৱনী সমুহ অধ্যয়ণ কৰিলে কোন দিশেৰে গ'লে আমি জীৱনত সফলতা লাভ কৰিব পাৰিম তাৰ বিষয়ে ন ন তথ্য আৰু অভিজ্ঞতা আয়ত্ব কৰিবলৈ সক্ষম হ'ম।
আমি যিমানেই কিতাপ অধ্যয়ণ কৰা যায় সিমানেই কিতাপৰ লগত আমাৰ সম্পৰ্ক গাঢ় হয়। এখন কিতাপৰ ভিতৰত যি বোৰ নজনা কথা বৰ্ণনা থাকে কিতাপখন পঢ়িলেহে আমি সেই খিনি নজনা কথা জানিবলৈ পাৰিম ৷কিতাপ পঢ়িলে মানুহৰ কল্পনা শক্তিৰ লগতে মনৰ ভাৱনা প্ৰকাশ কৰাৰ ক্ষমতা বৃদ্ধি পায়। নতুন নতুন শব্দৰ লগত পৰিচয় হয় আৰু তেনেকৈয়ে আত্মবিশ্বাস সুদৃঢ় হয়। মনৰ একাগ্ৰতা বৃদ্ধি কৰাৰ বাবে আৰু মানসিক চাপ হ্ৰাস কৰিবৰ বাবে আমি কিতাপ পঢ়িব লাগে। আমি যেতিয়া ভাল লগা কিতাপ এখন পঢ়ো তেতিয়া আমাৰ মনটো আনন্দৰে ভৰি পৰে। বিশেষকৈ আধ্যাত্মিক কিতাপে আমাৰ মন মগজুক নিয়ন্ত্ৰিত কৰি ৰাখে ৷
গতিকে কিতাপ অধ্যয়নে আমাৰ মনৰ দুৱাৰ খুলি মন মগজুক সম্পুৰ্ণৰূপে সতেজ কৰি ৰাখিব পাৰে। সেইবাবে আমি প্ৰত্যেকে কিতাপ পঢ়াৰ অভ্যাস গঠন কৰি লোৱাটো উচিত। এতিয়া নৱপ্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহ জন্মোৱাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য। আমি নৱপ্ৰজন্মক এখন ভাল কিতাপ তুলি দিয়াটো প্ৰত্যেক অভিভাৱকৰে দায়িত্ব আৰু তেতিহে আমি আমাৰ সাহিত্য পথাৰখন চহকী কৰি তুলিব পাৰিম।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment