আজান পীৰ চাহাব
জেনিফা হাজৰিকা জেনি
ডিব্ৰুগড়
দুনীয়াই এদিনৰ দুনীয়াই দুদিনৰ,
দুনীয়াই ফুলনি বাৰী।
কতক চলে বলে কৰ ত ই দুনীয়াই,
ধৰিব খেৱালী মাৰি।
জীৱনৰ চেতনা আৰু জীৱন জিগ্ৰ্যাসাৰ নিচেই কাষৰ পৰা জুমি চাব বিচাৰিছিল তেওঁ, তেখেতে অসমীয়াৰ ভাষা শিকি আৰু বুজি যি ইয়াৰ সৈতে আৰবী আৰু পাৰ্ছী শব্দৰ মণি কাঞ্চন সংযোগ ঘটাই যি আধ্যাত্মিক ভাৱৰ গীত ৰচনা কৰিছিল তাৰ মাজতেই তেখেতে সাম্প্ৰদায়িক ঐক্যতাৰ চিত্ৰখনো সুন্দৰকৈ অংকন কৰিছিল। তেওঁ এজন সত্ ৰ সাধক আছিল। চুফী দৰ্শনৰ প্ৰচাৰক "হক" শব্দটিৰ ওপৰত তেওঁ গুৰুত্ব দিছিল, "হক" শব্দৰ অৰ্থ "সত্"।
তেওঁ এজন ইছলাম ধৰ্মৰ সাধক আছিল, সুদৰ বাগদাদৰ পৰা তেওঁ আজমীৰ হৈ অসমত প্ৰৱেশ কৰিছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত ছাহ মিলান, ইয়াৰ উপৰিও তেওঁক ছাহ মীৰান, আজান পীৰ ও আজান ফকীৰ বুলি জনা যায়। আনুমানিক খ্ৰীষ্টপূৰ্ব ১৬০০ ত তেওঁ ইৰাকৰ ৰাজধানী বাগদাদত জন্ম হৈছিল বুলি জনা যায়।
সাধাৰণতে হজৰত মহম্মদৰ দিনৰ পৰাই ইচলাম ধৰ্মত নামাজ পঢ়া নিয়ম আছিল যদিও অসমত আজান ফকীৰ চাহেবে আজান দি একেলগে সকলো লোকক এককৰি একে ঠাইতে ইচলাম ধৰ্মী লোকসকলক নামাজ পঢ়িবলৈ শিকিছিল। সেই একেলগে একত্ৰিত হৈ নামাজ পঢ়া ঠাইডোখৰক মছজিদ বোলা হয়। ইছলাম ধৰ্মালম্বীত নামাজ পাচবক্ত, আৰু এই পাচবক্ত নামাজ কোৰাণ , ৰোজা, হজ, জাকাত কৰি তেওঁলোকে ঈশ্বৰ বা আল্লাক আৰাধনা কৰে।
আজান পীৰ চাহাবে ভাতৃত্ব বান্ধোনৰে অসমীয়া ইচলাম ধৰ্মী লোকসকলৰ মাজত ইচলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিল কিন্তু এই ক্ষেত্ৰত তেওঁৰ জীৱনত বহু সংঘাতৰে ভৰি পৰিছিল। তেওঁ তিনিজন চুফী পীৰ লগত লৈ আহিছিল, ইয়াৰে এজন তেওঁৰ ভাতৃ নবী আছিল। সেই সময়ত আহোম সকলৰ শাসনভাৰ আছিল আৰু ঘনাই আহোম আৰু বঙ্গৰ মোগলসকলৰ লগত ৰণৰ সংঘাত হৈছিল। এইবাবে আজান ফকীৰ চাহেবক সকলোৱে মোগল সকলৰ চোৰাং চোৱা বুলি ভাবিছিল পিছলৈ এই ভাৱধাৰা সকলোৰে মনৰ পৰা আতৰ হৈছিল।
অসম এখন সাম্প্ৰতিক সম্পতিৰ তীৰ্থস্থান। ইয়াত বিভিন্ন জাতি- উপজাতি সকলো লোক একেলগ লগ হৈ বাস কৰে সেয়েহে আজান ফকীৰ চাহবক সকলো লোকে আদৰি লৈছিল, কিন্তু শাসন ভাৰ, ক্ষমতা অৰ্থ এই সমুহৰ লোভ কাৰ নাই, এইবাবেই স্বৰ্গদেউৰ বিশ্বাসী দৰঙী ৰূপাই দাধৰাই আজান পীৰ চাহাবক সকলোৱে ভাল পোৱা, সন্মান কৰা এই সকলো তেওঁ সহ্য কৰিব নোৱাৰিছিল। তেওঁ এজন মুছলমান ৰাজবিষয়া আছিল, দা ধৰা হিচাপে তেওঁৰ প্ৰভাৱ আৰু প্ৰতিপত্তি যথেষ্ট আছিল আৰু স্বৰ্গদেউ আগত তেওঁ এজন বিশ্বাসী বিষয়া আছিল, সেয়ে তেওঁ আহোম স্বৰ্গদেউৰ আগত আজান ফকীৰ চাহবক বঙ্গৰ মোগলসকলৰ চোৰাংচোৱা বুলি মিছা অভিযোগ আনি স্বৰ্গদেউৰ শাস্তি হিচাপে আজান পীৰৰ চকু কঢ়োৱা হৈছিল। কথিত আছে যে এই ৰাজ আগু মানি লৈ আজান ফকীৰে দুহাতে দুটা মালচৰু লৈ প্ৰাৰ্থনা কৰাত নিজে নিজে তেওঁৰ চকু সলকি পৰিছিল আৰু তেওঁ পিছলৈ দৃষ্টিহীন হৈ পৰিছিল। পিছলৈ স্বৰ্গদেউ সচাঁ কথাৰ উমান পাই তেওঁক দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি দি মছজিদ সজাই দিছিল, তাত তেওঁ ছকুৰি ভকত সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰিছিল। তেওঁক মঠ বনাই দিয়া কথাবোৰ এনেদৰে তেওঁ সন্নিৱিষ্ট কৰিছিল - "সৰাগুৰিৰ চাপৰিৰ দিখৌ নৈৰ কাষৰি, ৰজাই সজাই দিলে মঠ"
এইজনা বিশ্ব পথিকৰ ক্ৰিয়াশীল ভূমিকা আছিল অনান্য। তেওঁ কাব্য আৰু সংগীতৰ মাজত ঘনিষ্ঠতা ৰক্ষা কৰিব পাৰিছিল।
আজান ফকীৰৰ চাহাবৰ এক অনুপম অৱদান হ'ল অসমীয়া সমাজলৈ জিকিৰ আৰু জাৰি। তেওঁ ১৬০৩ পৰা ১৬৪২ লৈকে তেওঁ জিকিৰ সমূহ ৰচনা কৰা কথা পোৱা যায়। আজান ফকীৰৰ চাহাবৰ সমসাময়িক শঙ্কৰদেৱে ও মাধৱ দেৱৰ ওজা পালি, বৰগীত, লোকগীতৰ প্ৰতি অগাধ শ্ৰদ্ধা আছিল। এই গীত সমূহৰ আকৰ্ষণ আৰু আবেদন হৈছে ইয়াৰ জনপ্ৰিয় সুৰ আৰু গীত বোৰৰ মাজেদি ইছলাম ধৰ্মৰ মূল কথাবোৰৰ ব্যক্ত কৰাৰ লগতে তাত থকা সাৰ্বজনীন মানৱীয় আৱেদন আৰু সাম্প্ৰদায়িক ঐক্যতাৰ আৰু সংহতিৰ প্ৰতি কৰা সৰল আৱেদন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ হৈ চৈয়দ আব্দুল মালিক দেৱে অসমৰ বিভিন্ন ঠাইত সিচঁৰিত হৈ থকা জিকিৰ গীত সমূহৰ লগতে জাৰী গীতবোৰ সংগ্ৰহ কৰি সম্পাদনা কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে সেই সংগ্ৰহ অসমীয়া জিকিৰ জাৰী নাম দি কিতাপ আকাৰত প্ৰকাশ কৰে ১৯৫৮ চনত।
জিকিৰ সমূহৰ জৰিয়তে পুৰণি সমাজ সংস্কৃতিৰ আচবাব আদিৰ কথ উমান পাব পাৰি যিহেতু জিকিৰ সমূহ সেই সময়ৰ পৰিস্থিতি আচবাবৰ ওপৰতে ৰচনা কৰা হৈছিল। বৰ্তমান এই জিকিৰ সমুহ সংৰক্ষণ কৰা প্ৰচেষ্টা চৰকাৰে হাতত ল'ব লাগে নহ'লে পাহৰণিৰ গৰ্ভত এদিন সকলো হেৰাই যাব। আহো পৰদেশ, যাও পৰদেশ, লগতো সাৰথি নাই। আজি আজি কৰি ,কালি কালি কৰি দিনৰ মূল ভাগি যায়।
সহায়ক পুথিঃ
সʼৰাগুৰিৰ আজান,
অসমীয়া জিকিৰ জাৰী সাৰ
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment