কিহেৰে গঢ়া - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 29, 2024

কিহেৰে গঢ়া

 


কিহেৰে গঢ়া ?


                       শিল্পী দাস

                          হোজাই


কিহেৰে গঢ়া

দেউতাৰ দেহা?

মধুময় শব্দ

মনে-প্ৰাণে বিৰাজিত,

বুকুফালি দেখুৱালেও

বৰ্ণনাৰ অন্তিম নাপাব।


জনকোলাহল মহানগৰীত

দেউতাৰ গুৰুত্ব অমূল্য,

হেজাৰ উপন্যাস ৰচিলেও

বহুতো কম হ'ব।


জীৱন-নদীৰ পাৰত

স্বাৰ্থতাৰে সকলোৰ হৃদয় গঢ়া,

মিলন মধুৰ সংগীতেৰে

তথাপিও দেউতাৰ নহয় তুলনা।


Doksiri দকচিৰি, মাৰ্চ, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages